--°C
Loading...
Listen to Article
2 min read
80%
মেষ-আজি আপোনাৰ বেছি অৰ্থ খৰচ নহ'ব । বন্ধুৰ লগত দিনটো ভালদৰে পাৰ হ’ব। মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। শুভ সংখ্যা ৫, শুভ ৰং গুলপীয়া।

বৃষ- আপোনাৰ হাতলৈ হঠাৎ বহুত ধন আহি যাব। নতুন শক্তিয়ে কাম কৰিবলৈ আৰম্ভ কৰিব। পৰিয়াল আৰু কৰ্মক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰা সম্ভৱ হ’ব। শুভ সংখ্যা ১, শুভ ৰং বগা।

মিথুন-আপুনি আজি যিয়ে কৰিব , আপুনি এক প্ৰভাৱশালী স্থিতিতে বিৰাজ কৰিব। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ’ব। প্ৰেমত শুভ । শুভ সংখ্যা ৯, শুভ ৰং আকাশী।

কৰ্কট- কিছুমান ব্যক্তিগত সমস্যাই দেখা দিব পাৰে। দ্বিধা আঁতৰ হ’ব, আত্মবিশ্বাস ঘূৰি আহিব।মনতকৈ অধিক মগজুৰ কথা শুনিব। শুভ সংখ্যা ২, শুভ ৰং ৰঙা।

সিংহ- মনোযোগেৰে কাম কৰক। আপোনাৰ শৈশৱৰ স্মৃতিয়ে আপোনাক ব্যস্ত ৰাখিব। কাৰোবাক সহায় কৰিলে আৰ্থিক বিপদত পৰিব পাৰে। শুভ সংখ্যা ৬, শুভ ৰং হালধীয়া।

কন্যা – আজি মাটি বা আন কোনো সম্পত্তিৰ ওপৰত বিনিয়োগ কৰাটো আপোনাৰ বাবে মাৰাত্মক হব পাৰে । শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যমীয়া। শুভ সংখ্যা ৪, শুভ ৰং মেৰুণ।

তুলা -কাৰোবাক বিশ্বাস কৰাৰ পূৰ্বে চাৰিওদিশ চালিজাৰি চাব লাগিব।নতুন প্ৰকল্প বা নতুন অংশীদাৰিত্বলৈ যোৱাৰ সঠিক সময় নহয়। শুভ সংখ্যা ৮, শুভ ৰং ৰূপালী।

বৃশ্চিক- নিজৰ দায়িত্বৰ লগতে স্বাধীনতা পোৱা সম্ভৱ হ’ব।কঠোৰ” পৰিশ্ৰমৰ সুফল পাব। আৰ্থিক উন্নতি সম্ভৱ। স্বীকৃতি আৰু সন্মান পাব পাৰে। শুভ সংখ্যা ৩,শুভ ৰং নীলা।

ধনু- আয়, ব্যয় পৰিচালনাৰ ক্ষেত্ৰত আৰু মনোযোগ প্ৰয়োজন। নিজৰ ইতিবাচক শক্তিৰ দ্বাৰা আনকো প্ৰভাৱিত কৰা সম্ভৱ হ’ব। দাম্পত্যত শুভ। শুভ সংখ্যা ৭, শুভ ৰং মুগা।

মকৰ- কোনো কাৰণত আঘাত পোৱাৰ আশংকা আছে। সতৰ্ক হৈ থাকিব লাগিব। ব্যক্তিগত সম্পৰ্কৰ বাবে শুভ দিন। শুভ সংখ্যা ১, শুভ ৰং পাতল হালধীয়া।

কুম্ভ- ধৈৰ্য সহকাৰে পৰিস্থিতি ৰ সন্মুখীন হ’লে ভাল পৰিণাম লাভ কৰিব। শিশুৰ পৰা ভাল খবৰ পাব পাৰে। বেপাৰ-বাণিজ্যত লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৮ , শুভ ৰং গাঢ় নীলা।

মীন- কোনো আনন্দৰ অনুষ্ঠানত যোগ দিয়াৰ সম্ভাৱনা। কেৰিয়াৰৰ ক্ষেত্ৰত সকলো বাধা অতিক্ৰম কৰিব। কৰ্মক্ষেত্ৰত কোনোৱে ষড়যন্ত্ৰ কৰিব পাৰে। শুভ সংখ্যা ৯, শুভ ৰং বাদামী।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে