--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ঋতুভিত্তিক ফল আম। গ্ৰীষ্মকালত বিভিন্ন ধৰণৰ আম বজাৰ ভৰি পৰে। এনে সময়ত এইবিধ ৰসাল ফললৈ সকলো লোক অতি সহজে আকৰ্ষিত হয়। সেয়েহে ইয়াৰ চাহিদা বৃদ্ধি পোৱাৰ বাবে একাংশ ব্যৱসায়ীয়ে ৰাসায়নিক বেজী ব্যৱহাৰ কৰি সোনকালে আমবোৰ পকায়, যাৰ ফলত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। স্বাস্থ্যৰ কথা আহিলে প্ৰতিটো ক্ষণতে সাৱধান হোৱাটো বাঞ্ছনীয় সেয়েহে আজি আমি এনে কিছু পদ্ধতিৰ বিষয়ে জানিম, যাৰ দ্বাৰা প্ৰাকৃতিকভাৱে পকা আম আৰু কৃত্ৰিমভাৱে পকা আম খুব সহজেই চিনাক্ত কৰিব পৰা যাব।

* কোনটো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়?

আম পকিবলৈ কেলছিয়াম কাৰ্বাইড বেজী ব্যৱহাৰ কৰা হয়, যাৰ ফলত আৰ্দ্ৰতাৰ সংস্পৰ্শলৈ আহিলে এচিটাইলিন গেছ নিৰ্গত হয়। ইয়াৰ ফলত আম সোনকালে পকিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে বহুতো গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে, যেনে-ছালৰ ৰোগ, শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু গেষ্ট্ৰাইটিছৰ সমস্যা।

* কেনেকৈ চিনাক্ত কৰিব পাৰি?

১. আম কিনাৰ সময়ত আমৰ ৰঙৰ প্ৰতি গুৰুত্ব দিবলৈ নাপাহৰিব। যেতিয়াই আম ৰাসায়নিক দ্ৰব্য বেজীৰ দ্বাৰা পকোৱা হয়, তেতিয়াই তাৰ ওপৰত সেউজীয়া ৰঙৰ দাগ ওলায় আৰু সেইবোৰ অতি সহজে চিনাক্ত কৰিব পৰা যায়।

. আম কিনাৰ সময়ত ইয়াৰ আকাৰৰ প্ৰতিও গুৰুত্ব দিয়া উচিত।ৰাসায়নিকভাৱে পকা আমআকাৰ অতি সৰু আৰু এনেকুৱা আমৰ ওপৰত বগা বা নীলা ৰঙৰ চিন থাকে, তেন্তে ভুলতো এনে আম ক্ৰয় নকৰিব। কাৰণ ই ৰাসায়নিক দ্ৰব্যৰে পকা আম হব পাৰে।

. ৰাসায়নিকভাৱে পকা আম পানীত ডুবায়ো ধৰা পেলাব পাৰি। পানীত ডুব যোৱা আমবোৰ প্ৰাকৃতিকভাৱে পকা হয়। আনহাতে পানীৰ ওপৰত ওপঙি থকা আমবোৰ ৰাসায়নিক দ্ৰব্যৰে পকোৱা হয়।

. পকা আৰু মিঠা আম চিনাক্ত কৰাটো অতি সহজ। আম কিনাৰ সময়ত লাহে লাহে টিপিবলৈ চেষ্টা কৰক। নিখুঁতভাৱে কোমল আম প্ৰাকৃতিকভাৱে পকা হয়। কিন্তু যদি আপুনি টান অনুভৱ কৰিছে বা আম পকা যেন লাগিলেও পকা নাই, তেন্তে বুজিব যে ইয়াক ৰাসায়নিক দ্ৰব্যৰে পকোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে