--°C
Loading...
Listen to Article
2 min read
80%
৫ মে’ ২০২৩, শুকুৰবাৰ

মেষ ৰাশি – আত্মবিশ্বাস বৃদ্ধি পাব। কামৰ ক্ষেত্ৰখনৰ পৰিৱৰ্তন হ’ব পাৰে। বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে। ব্যৱসায়ৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৫ আৰু শুভ ৰং সেউজীয়া।

বৃষ ৰাশি – কৰ্মক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে। মন অস্থিৰ হ’ব পাৰে। অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক। শৈক্ষিক কামত মনোনিৱেশ কৰক। শুভ সংখ্যা ৫ আৰু শুভ ৰং ৰঙা।

মিথুন ৰাশি – আজিৰ দিনটো আপোনাৰ মনৰ উত্থান-পতন হ’ব পাৰে। ধৰ্মৰ ওপৰত বিশ্বাস ৰাখক। কোনো ধৰ্মীয় স্থানলৈ যাত্ৰাৰ কাৰ্যসূচীও কৰিব পাৰিব। শৈক্ষিক কামত অসুবিধা হ’ব পাৰে। শিশুৰ স্বাস্থ্যৰ যত্ন লওক। শুভ সংখ্যা ৪ আৰু শুভ ৰং নীলা।

কৰ্কট ৰাশি – আশা আৰু হতাশাৰ অনুভূতি মনত থাকিব পাৰে। ধৰ্মৰ প্ৰতি ভক্তি বাঢ়িব। শৈক্ষিক কামত সফলতা লাভ কৰিব। নিজৰ স্বাস্থ্যৰ যত্ন লওক। আত্মবিশ্বাস বাঢ়িব। নতুন লাভৰ সুযোগ উপলব্ধ হ’ব পাৰে। শুভ সংখ্যা ৭ আৰু শুভ ৰং সেউজীয়া।

সিংহ ৰাশি – আত্মসংযত হওক। খং পৰিহাৰ কৰক। পৰিয়ালত ধৰ্মীয় অনুষ্ঠানসমূহ হ’ব পাৰে।পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে। অপৰিকল্পিত খৰচ বৃদ্ধি পাব। নিজৰ আৱেগক নিয়ন্ত্ৰণত ৰাখক। শুভ সংখ্যা ৩ আৰু শুভ ৰং নীলা।

কন্যা ৰাশি – অপ্ৰয়োজনীয় খং আৰু তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। আজিৰ দিনটোত অতিমাত্ৰা উৎসাহী হোৱাৰ পৰা বিৰত থাকক। শিক্ষাৰ্থী সকলৰ দিনটো ভালদৰে পাৰ হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৮ আৰু শুভ ৰং হালীয়া।

তুলা ৰাশি – পাৰিবাৰিক জীৱন সুখী হ’ব। কৰ্মক্ষেত্ৰত অনুকূল পৰিস্থিতিৰ সৃষ্টি হ’ব। স্বাস্থ্যৰ যত্ন লওক। অতিমাত্ৰা উৎসাহী হোৱাৰ পৰা বিৰত থাকক। শুভ সংখ্যা ৪ আৰু শুভ ৰং সেউজীয়া।

বৃশ্চিক ৰাশি – আত্মবিশ্বাস কমি যাব পাৰে। খৰচ বাঢ়িব। পঢ়াৰ প্ৰতি আগ্ৰহী হ’ব। উচ্চ শিক্ষাৰ বাবে দূৰৈৰ ঠাইলৈ যাব পাৰে। শুভ সংখ্যা ৯ আৰু শুভ ৰং গুলপীয়া।

ধনু ৰাশি – শিশুৰ সুখ বাঢ়িব। দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক। শিল্প আৰু সংগীতৰ প্ৰতি আগ্ৰহ বাঢ়িব। কৰ্মক্ষেত্ৰত শুভ। শুভ সংখ্যা ২ আৰু শুভ ৰং ৰঙা।

মকৰ ৰাশি – যিকোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ বাবে বিবাদৰ পৰিস্থিতি হব পাৰে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। পাৰিবাৰিক অশান্তিৰ মাজতে দিনটো পাৰ হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৮ আৰু শুভ ৰং বেঙুনীয়া।

কুম্ভ ৰাশি – সচেতন হওক আৰু অত্যধিক খং পৰিহাৰ কৰক। শিশুৰ পৰা ভাল খবৰ পাব পাৰে। পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে। বিদ্যাত শুভ। শুভ সংখ্যা ১ আৰু শুভ ৰং বগা।

মীন ৰাশি – ধৈৰ্য্য ধৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত লাভৰ সুযোগ থাকিব। অত্যধিক খং পৰিহাৰ কৰক। বৈবাহিক জীৱনত সুখ বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰতো ভাল দেখা যায়। শুভ সংখ্যা ৪ আৰু শুভ ৰং বগা।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু