--°C
Loading...
Listen to Article
2 min read
80%
১০/০৪/২৪, বুধবাৰ

মেষ ৰাশি :  আৰ্থিক লাভৰ যোগ ৷ সামাজিকভাৱে, খ্যাতি আৰু মৰ্যাদা বৃদ্ধি পাব৷ আপোনাৰ ব্যৱসায় বিস্তাৰ হ’ব ৷ জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ অপেক্ষা কৰাসকলৰ বাবে ভাল খবৰ শুনিবলৈ পাব । দিনটোৰ বিয়লি ভাগত কিছু স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে ৷ 

বৃষ ৰাশি : ব্যৱসায়ৰ বাবে এটা সুন্দৰ দিন । কৰ্মস্থলীত প্ৰশংসা লাভ কৰিব । নাম, যশ আৰু সামাজিক মান্যতা অৰ্জন কৰিব । আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে । প্ৰিয়জনৰ লগত সময় পাৰ কৰক ৷ নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ বাবে সঠিক সময় । 


মিথুন ৰাশি : কৰ্মস্থলত উৰ্ধতম কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক বেয়া নকৰিব । বিলাসী ব্যয় কৰাৰ সম্ভাৱনা আছে । মনটো সুখী কৰি ৰাখক ৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ যোগ আছে। আলহী আহিব। সম্পত্তি সম্বন্ধীয় আইনী নথি-পত্ৰত হস্তাক্ষৰ কৰোঁতে সাৱধান হওক।

ককৰ্ট ৰাশি :সাৱধানতা অৱলম্বন কৰক । অবৈধ আৰু অনৈতিক কামৰ পৰা বিৰত থাকক ৷  কৰ্মক্ষেত্ৰত অন্য লোকৰ ব্যৱহাৰে আপোনাক আঘাত দিব পাৰে ৷ প্ৰতিদ্বন্দ্বীৰ লগত বিবাদ বৃদ্ধি হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰত কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থাকক।

সিংহ ৰাশি : আপুনি সুস্থ, শাৰীৰিক আৰু মানসিক স্থিতিত থাকিব । বন্ধু বৰ্গ আৰু পৰিয়ালৰ লগতে সামাজিক দিশত শুভ ৷ ব্যৱসায়ত লাভান্বিত হ’ব । দিনটোৰ বিয়লিভাগত, অপ্ৰত্যাশিত ব্যয়ৰ বাবে কিছু আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে । ভগৱানৰ নাম লওক ৷

কন্যা ৰাশি : আপুনি আবেগিক আৰু অধিক সংবেদনশীল হৈ থকাৰ সম্ভাৱনা আছে । ই আপোনাক কামত মনোনিবেশ কৰাত সহায় কৰিব পাৰে । আপোনাৰ সফলতাৰ বাবে আপুনি প্ৰশংসাৰ পাত্ৰ হ’ব । পৰিয়ালৰ লগত ভ্ৰমণ কৰিবলৈ যাওক ৷


তুলা ৰাশি : আপোনাৰ কল্পনাশীলতা সৰ্বাধিক হ’ব ৷ চিন্তাৰ পৰা বিৰত থাকক ৷ ভ্ৰমণ নকৰিব ৷ অপ্ৰত্যাশিত ব্যয় হ’ব পাৰে । কৰ্মস্থলীত সফলতাৰে আপুনি কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ পৰিয়ালৰ লগত সময় কটাওক।


বৃশ্চিক ৰাশি : ব্যক্তিগত আৰু শিক্ষাগত দিশত লাভাম্বিত হ’ব। শিক্ষাৰ্থীয়ে অধ্যয়নত বাঞ্চিত ফল লাভ কৰিব পাৰে । সফল সম্পৰ্কৰ বাবে প্ৰিয়জনক সময় দিয়ক ৷  অত্যধিক ব্যয় নকৰিব । চিন্তা কৰাৰ পৰা বিৰত থাকক ৷

ধনু ৰাশি : এটা সাধাৰণ দিন । স্বাস্থ্য কুশলে থাকিব ৷ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰক । প্ৰিয়জনৰ লগত সময় কটাওক । দিনটোৰ বিয়লি আচবাব আৰু গৃহসজ্জাৰ সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা আছে । 

মকৰ ৰাশি : অবাঞ্চিত পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ মনে মনে থাকক । মানসিক শান্তি লাভৰ বাবে ধৰ্মীয় কাৰ্যত মনোনিৱেশ কৰক । দিনটোৰ বিয়লি ভাগত আপুনি অধিক আনন্দিত অনুভৱ কৰিব । পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত সময় কটাওক ৷


কুম্ভ ৰাশি : নেতিবাচক চিন্তা এৰাই চলক আৰু ইতিবাচক চিন্তাৰে মানসিক ভাৰসাম্য বৰ্তাই ৰাখক। ই আপোনাক শক্তিশালী আৰু উত্‍সাহী কৰি ৰাখিব । সন্ধিয়া কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে । শিক্ষাৰ্থীৰ বাবে শুভ দিন ৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে । 


মীন ৰাশি : ইতিবাচক দিশত চিন্তা কৰক । ধ্যান আৰু যোগাসন কৰক। পৰিয়ালৰ লোক আৰু প্ৰিয়জনৰ লগত বিবাদ হ’ব পাৰে। আপোনাৰ কথা আৰু খঙক নিয়ন্ত্ৰণ কৰক। বন্ধু বৰ্গ আৰু প্ৰিয়জনৰ লগত সময় কটাওক । ব্যয় সীমিত কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ