--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি মহালয়া। আজি মা দুৰ্গাক আমন্ত্ৰণ কৰা হ’ব। কিছু কিছু অঞ্চলত মহালয়াও আড়ম্বৰেৰে পালন কৰা হয়। বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে মা দুৰ্গা কৈলাশ পৰ্বতৰ পৰা পৃথিৱীলৈ ৰাওনা হয়। মা দুৰ্গা মহালয়াৰ সন্ধিয়া পৃথিৱীলৈ আহি গোটেই নটা দিন ইয়াতে থাকি পৃথিৱীৰ মানুহবোৰৰ ওপৰত নিজৰ কৃপাৰ অমৃত বৰষুণ প্ৰদান কৰে।

আজিৰে পৰা দেৱী বন্দনাত ব্যস্ত হৈ পৰিছে ভক্তসকল। মাতৃক আদৰিবলৈ সকলোফালৰ পৰাই প্ৰস্তুতি চলাইছে ভক্তসকলে।  আজিৰ দিনটোতে ভাস্কৰ্য শিল্পীসকলে প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰে।

মহালয়াৰ দিনা দেওবাৰে পিতৃপক্ষ অমাৱশ্যাও আছে। আজি পিতৃপক্ষৰ অন্তিম দিন। সেইবাবেই আজিৰ দিনটোত মানুহে নদী, পুখুৰী, ঘাটত পূৰ্বপুৰুষক স্মৰণ কৰি প্ৰাৰ্থনা কৰিব। এনে কৰিলে পূৰ্বপুৰুষৰ আত্মা সন্তুষ্ট হয় আৰু তেওঁলোকে সুখেৰে গুচি যায় বুলি বিশ্বাস কৰা হয়। 

মহালয়াৰ সৈতে কাইলৈৰ পৰা আৰম্ভ হ’ব দুৰ্গা পূজা উৎসৱ তথা নৱৰাত্ৰি। ২৬ ছেপ্টেম্বৰত মা দুৰ্গাৰ প্ৰথম ৰূপ শৈলপুত্ৰীক কলহ স্থাপন কৰি পূজা কৰা হ’ব। ৫ অক্টোবৰত বিজয়াদশমী উপলক্ষে মাতৃৰ মূৰ্তি বিসৰ্জনেৰে এই উৎসৱৰ সামৰণি পৰিব।

নৱৰাত্ৰী উৎসৱ মা দুৰ্গাৰ নটা ৰূপক উৎসৰ্গিত কৰা হৈছে। ৯ দিন ধৰি ভক্তসকলে ভক্তিৰে মা দুৰ্গাৰ বিভিন্ন ৰূপক পূজা কৰিব। এইবাৰ মা দুৰ্গা হাতীত উঠি আহিব স্বৰ্গৰ পৰা পৃথিৱীলৈ। পূজাৰ বাবে মন্দিৰ আৰু পূজা মণ্ডপত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। 

এইবাৰ শাৰদীয় নৱৰাত্ৰিৰ দিনা শক্তিৰ পূজা উৎসৱ অতি বিৰল কাকতলীয় হৈ পৰিছে। এইবাৰ শুক্ল আৰু ব্ৰহ্মযোগেৰে আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰী। ২৫ ছেপ্টেম্বৰৰ পুৱা ৯.০৬ বজাৰ পৰা আৰম্ভ হৈছে শুক্ল যোগ আৰু ২৬ ছেপ্টেম্বৰত পুৱা ৮.০৬ বজাত সামৰণি পৰিব। আনহাতে, ২৬ ছেপ্টেম্বৰৰ পুৱা ৮:০৬ বজাত ব্ৰহ্মযোগৰ সংযোগ ঘটিছে, যিটো ২৭ ছেপ্টেম্বৰৰ পুৱা ৬:৪৪ বজাত সমাপ্ত হ’ব।

২৬ ছেপ্টেম্বৰৰ পুৱা ৬.২০ বজাৰ পৰা ১০.১৯ বজাৰ মুহুৰ্ত কলহ প্ৰতিষ্ঠাৰ বাবে শুভ। এই সময়ত কলহ প্ৰতিষ্ঠা কৰাটো ভক্তসকলৰ বাবে অত্যন্ত উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু