--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাতি মাহৰ অমাৱস্যাৰ দিনা দীপাৱলী উৎসৱ পালন কৰা হয়। এইবাৰ ২৪ অক্টোবৰ সোমবাৰে দীপাৱলী। দীপাৱলীৰ দুদিন আগতে ত্ৰয়োদশী তিথিৰ দিনা ধনতেৰছ পালন কৰা হয়। আজিৰ দিনটোতে ভগৱান ধন কুবেৰ, ধনন্তৰী আৰু মাতা লক্ষ্মীৰ পূজা কৰা হয়। পুৰাণত লিখা আছে যে আজিৰ দিনটোত শুভ সময়ত পূজা কৰিলে আৰ্থিক সমৃদ্ধি বৃদ্ধি পায় আৰু ধন-সম্পত্তি লাভ হয়।

ধনতেৰছক ধন ত্ৰয়োদশী বুলিও জনা যায়। এইবাৰ ত্ৰয়োদশী তিথিৰ প্ৰদোষ কাল ত্ৰয়োদশী তিথি আজি ২২ অক্টোবৰ শনিবাৰে সন্ধিয়া ৬.০২ বজাৰ পৰা লাগিব, যিটো ২৩ অক্টোবৰ সন্ধিয়া ৬:০৩ বজালৈকে চলিব। সেইবাবেই এইবাৰ ২২-২৩ অক্টোবৰৰ দুয়োটা দিনকে ধনতেৰছ হিচাপে গণ্য কৰা হৈছে। আজি ২২ অক্টোবৰ তাৰিখে সন্ধিয়া ৭.১ বজাৰ পৰা ৮.১৭ বজালৈ আৰম্ভ হ'ব ধনতেৰছ পূজাৰ শুভ সময়। এইবাৰ ত্ৰিপুষ্কৰ যোগো গঠন হৈছে। ত্ৰিপুষ্কৰ যোগ দুপৰীয়া ১.৫০ বজাৰ পৰা ৬.০২ বজালৈ চলিব।এই যোগত কৰা কামত সফলতা লাভ কৰিলে তিনিগুণ ফলাফল পোৱা যায়।

ধনতেৰছত এইবোৰ ভুল কৰাৰ পৰা বিৰত থাকক

১) ধনতেৰছত সদায় নতুন ঝাড়ু ব্যৱহাৰ কৰক। ধনতেৰসত ঘৰৰ পৰা পুৰণি ঝাড়ুটো উলিয়াই দিয়ক।

২) ধনতেৰছ আৰম্ভ হোৱাৰ আগতে ঘৰৰ পৰা আৱৰ্জনাবোৰ বাহিৰ কৰক। আজিৰ দিনটোত যদি ঘৰ লেতেৰা থাকে, তেন্তে ঋণাত্মক শক্তিৰ প্ৰসাৰ ঘটে।

৩) ধনতেৰছত দেৱী লক্ষ্মীৰ ঘৰত প্ৰৱেশ কেৱল মূল দুৱাৰৰ পৰাই হয়, গতিকে মূল দুৱাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ যত্ন লওক।

৪) ধনতেৰছত কেৱল ভগৱান কুবেৰক পূজা নকৰিব। তেওঁৰ লগতে মা লক্ষ্মী আৰু ভগৱান ধনন্তৰীক পূজা কৰক।

৫) ধনতেৰছৰ দিনা দিনত টোপনি নাযাব। ইয়াৰ কাৰণ তেনে কৰিলে দৰিদ্ৰতা আহি পৰে।

৬) ধনতেৰছৰ দিনা কাকো ধাৰ দিয়াৰ পৰা বিৰত থাকক।

৭) ধনতেৰছৰ দিনা লোৰ সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকক কাৰণ আজিৰ দিনটোত লো কিনিলে ঘৰত দৰিদ্ৰতা আহি পৰে বুলি বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক