--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাতি মাহৰ অমাৱস্যাৰ দিনা দীপাৱলী উৎসৱ পালন কৰা হয়। এইবাৰ ২৪ অক্টোবৰ সোমবাৰে দীপাৱলী। দীপাৱলীৰ দুদিন আগতে ত্ৰয়োদশী তিথিৰ দিনা ধনতেৰছ পালন কৰা হয়। আজিৰ দিনটোতে ভগৱান ধন কুবেৰ, ধনন্তৰী আৰু মাতা লক্ষ্মীৰ পূজা কৰা হয়। পুৰাণত লিখা আছে যে আজিৰ দিনটোত শুভ সময়ত পূজা কৰিলে আৰ্থিক সমৃদ্ধি বৃদ্ধি পায় আৰু ধন-সম্পত্তি লাভ হয়।

ধনতেৰছক ধন ত্ৰয়োদশী বুলিও জনা যায়। এইবাৰ ত্ৰয়োদশী তিথিৰ প্ৰদোষ কাল ত্ৰয়োদশী তিথি আজি ২২ অক্টোবৰ শনিবাৰে সন্ধিয়া ৬.০২ বজাৰ পৰা লাগিব, যিটো ২৩ অক্টোবৰ সন্ধিয়া ৬:০৩ বজালৈকে চলিব। সেইবাবেই এইবাৰ ২২-২৩ অক্টোবৰৰ দুয়োটা দিনকে ধনতেৰছ হিচাপে গণ্য কৰা হৈছে। আজি ২২ অক্টোবৰ তাৰিখে সন্ধিয়া ৭.১ বজাৰ পৰা ৮.১৭ বজালৈ আৰম্ভ হ'ব ধনতেৰছ পূজাৰ শুভ সময়। এইবাৰ ত্ৰিপুষ্কৰ যোগো গঠন হৈছে। ত্ৰিপুষ্কৰ যোগ দুপৰীয়া ১.৫০ বজাৰ পৰা ৬.০২ বজালৈ চলিব।এই যোগত কৰা কামত সফলতা লাভ কৰিলে তিনিগুণ ফলাফল পোৱা যায়।

ধনতেৰছত এইবোৰ ভুল কৰাৰ পৰা বিৰত থাকক

১) ধনতেৰছত সদায় নতুন ঝাড়ু ব্যৱহাৰ কৰক। ধনতেৰসত ঘৰৰ পৰা পুৰণি ঝাড়ুটো উলিয়াই দিয়ক।

২) ধনতেৰছ আৰম্ভ হোৱাৰ আগতে ঘৰৰ পৰা আৱৰ্জনাবোৰ বাহিৰ কৰক। আজিৰ দিনটোত যদি ঘৰ লেতেৰা থাকে, তেন্তে ঋণাত্মক শক্তিৰ প্ৰসাৰ ঘটে।

৩) ধনতেৰছত দেৱী লক্ষ্মীৰ ঘৰত প্ৰৱেশ কেৱল মূল দুৱাৰৰ পৰাই হয়, গতিকে মূল দুৱাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ যত্ন লওক।

৪) ধনতেৰছত কেৱল ভগৱান কুবেৰক পূজা নকৰিব। তেওঁৰ লগতে মা লক্ষ্মী আৰু ভগৱান ধনন্তৰীক পূজা কৰক।

৫) ধনতেৰছৰ দিনা দিনত টোপনি নাযাব। ইয়াৰ কাৰণ তেনে কৰিলে দৰিদ্ৰতা আহি পৰে।

৬) ধনতেৰছৰ দিনা কাকো ধাৰ দিয়াৰ পৰা বিৰত থাকক।

৭) ধনতেৰছৰ দিনা লোৰ সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকক কাৰণ আজিৰ দিনটোত লো কিনিলে ঘৰত দৰিদ্ৰতা আহি পৰে বুলি বিশ্বাস কৰা হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
গুৱাহাটী বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ চুৰিকাণ্ড
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল