--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনতেৰছৰে আৰম্ভ হয় দীপাৱলী উৎসৱ। ধনতেৰছৰ দিনা ভগৱান ধনন্তৰীক পূজা কৰা হয়। এইবাৰ ত্ৰয়োদশী তিথিৰ প্ৰদোষ কাল আজি ২২ অক্টোবৰ শনিবাৰে সন্ধিয়া ৬.০২ বজাৰ পৰা লাগিব, যিটো ২৩ অক্টোবৰ সন্ধিয়া ৬:০৩ বজালৈকে চলিব। সেইবাবেই এইবাৰ ২২-২৩ অক্টোবৰৰ দুয়োটা দিনকে ধনতেৰছ হিচাপে গণ্য কৰা হৈছে। ধনতেৰছৰ দিনা সোণ, ৰূপ, বাচন-বৰ্তন আদি ক্ৰয় কৰাৰ পৰম্পৰা আছে। 

ধনতেৰছৰ দিনা কেৱল দামী সামগ্ৰী ক্ৰয় কৰাটো প্ৰয়োজনীয় নহয়, ধন ত্ৰয়োদশী অৰ্থাৎ ধনতেৰছৰ দিনা ঝাড়ুও কিনিব পাৰিব। ঝাড়ু কিনিলেও আপোনাৰ ওপৰত সন্তুষ্ট হয় মা লক্ষ্মী। কিন্তু ঝাড়ু কিনাৰ সময়ত কিছুমান দিশৰ প্ৰতি ধ্যান ৰখা উচিত। গতিকে ধনতেৰছত ঝাড়ু কিনাৰ সময়ত কি কি ভুল এৰাই চলিব লাগে জানো আহক। 

১) ধনতেৰছৰ দিনা দিনৰ সময়ত ঝাড়ু কিনিব নালাগে, সন্ধিয়া ঝাড়ু কিনিব লাগে। 

২) ধনতেৰছৰ দিনা আপুনি অনা ঝাড়ুটো লুকুৱাই ৰাখক আৰু এনে ঠাইত ৰাখক য'ত কোনেও দেখা নাপায়। লগতে তৎক্ষণাত ব্যৱহাৰ নকৰিব। বৰঞ্চ এই ঝাড়ুটো দীপাৱলীৰ পাছত ব্যৱহাৰ কৰিব লাগে। লগতে মনত ৰাখিব যে ঝাড়ুটোত যাতে ভৰি নালাগে।

৩) ধনতেৰছৰ দিনা কিনা ঝাড়ুটোত ফুল লগাই দিয়ক। ইয়াৰ পাছত দেৱী লক্ষ্মীক প্ৰাৰ্থনা কৰক যাতে আমাৰ ঘৰৰ পৰা দৰিদ্ৰতা আৰু নেতিবাচকতা আঁতৰি যায় আৰু পৰিয়ালত সুখ আৰু সমৃদ্ধি বাস কৰে।

৪) আপোনাৰ ঘৰৰ ঝাড়ু কাকো নিদিব।

৫) এটা কথা মনত ৰাখিব যে যদি আপুনি দীপাৱলীৰ আগে-পাছে ঘৰ সলনি কৰিবলৈ গৈ আছে, তেন্তে তাৰ পৰা ওলোৱাৰ আগতে নিশ্চয়কৈ ঘৰটো ঝাড়ু দিয়ক আৰু ঝাড়ুটো লগত লৈ আহিব। এনে কৰিলে লক্ষ্মী চিৰকাল লগত থাকে।

৬) ধনতেৰছত যদি ঝাড়ু কিনিছে আৰু ব্যৱহাৰৰ পিছত যদি সৰু হৈ যায়, তেন্তে জ্বলাই নিদিব বা পেলাই দিব নালাগে। মাটিত পুতি দিব বা পানীত পেলাই দিব।

৭) ধনতেৰছৰ দিনা কিনা ঝাড়ুটো ঘৰৰ বাহিৰত চাফা কৰাৰ বাবে ব্যৱহাৰ কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কেৱল ঘৰৰ ভিতৰতহে ব্যৱহাৰ কৰক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক