--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনতেৰছৰে আৰম্ভ হয় দীপাৱলী উৎসৱ। ধনতেৰছৰ দিনা ভগৱান ধনন্তৰীক পূজা কৰা হয়। এইবাৰ ত্ৰয়োদশী তিথিৰ প্ৰদোষ কাল আজি ২২ অক্টোবৰ শনিবাৰে সন্ধিয়া ৬.০২ বজাৰ পৰা লাগিব, যিটো ২৩ অক্টোবৰ সন্ধিয়া ৬:০৩ বজালৈকে চলিব। সেইবাবেই এইবাৰ ২২-২৩ অক্টোবৰৰ দুয়োটা দিনকে ধনতেৰছ হিচাপে গণ্য কৰা হৈছে। ধনতেৰছৰ দিনা সোণ, ৰূপ, বাচন-বৰ্তন আদি ক্ৰয় কৰাৰ পৰম্পৰা আছে। 

ধনতেৰছৰ দিনা কেৱল দামী সামগ্ৰী ক্ৰয় কৰাটো প্ৰয়োজনীয় নহয়, ধন ত্ৰয়োদশী অৰ্থাৎ ধনতেৰছৰ দিনা ঝাড়ুও কিনিব পাৰিব। ঝাড়ু কিনিলেও আপোনাৰ ওপৰত সন্তুষ্ট হয় মা লক্ষ্মী। কিন্তু ঝাড়ু কিনাৰ সময়ত কিছুমান দিশৰ প্ৰতি ধ্যান ৰখা উচিত। গতিকে ধনতেৰছত ঝাড়ু কিনাৰ সময়ত কি কি ভুল এৰাই চলিব লাগে জানো আহক। 

১) ধনতেৰছৰ দিনা দিনৰ সময়ত ঝাড়ু কিনিব নালাগে, সন্ধিয়া ঝাড়ু কিনিব লাগে। 

২) ধনতেৰছৰ দিনা আপুনি অনা ঝাড়ুটো লুকুৱাই ৰাখক আৰু এনে ঠাইত ৰাখক য'ত কোনেও দেখা নাপায়। লগতে তৎক্ষণাত ব্যৱহাৰ নকৰিব। বৰঞ্চ এই ঝাড়ুটো দীপাৱলীৰ পাছত ব্যৱহাৰ কৰিব লাগে। লগতে মনত ৰাখিব যে ঝাড়ুটোত যাতে ভৰি নালাগে।

৩) ধনতেৰছৰ দিনা কিনা ঝাড়ুটোত ফুল লগাই দিয়ক। ইয়াৰ পাছত দেৱী লক্ষ্মীক প্ৰাৰ্থনা কৰক যাতে আমাৰ ঘৰৰ পৰা দৰিদ্ৰতা আৰু নেতিবাচকতা আঁতৰি যায় আৰু পৰিয়ালত সুখ আৰু সমৃদ্ধি বাস কৰে।

৪) আপোনাৰ ঘৰৰ ঝাড়ু কাকো নিদিব।

৫) এটা কথা মনত ৰাখিব যে যদি আপুনি দীপাৱলীৰ আগে-পাছে ঘৰ সলনি কৰিবলৈ গৈ আছে, তেন্তে তাৰ পৰা ওলোৱাৰ আগতে নিশ্চয়কৈ ঘৰটো ঝাড়ু দিয়ক আৰু ঝাড়ুটো লগত লৈ আহিব। এনে কৰিলে লক্ষ্মী চিৰকাল লগত থাকে।

৬) ধনতেৰছত যদি ঝাড়ু কিনিছে আৰু ব্যৱহাৰৰ পিছত যদি সৰু হৈ যায়, তেন্তে জ্বলাই নিদিব বা পেলাই দিব নালাগে। মাটিত পুতি দিব বা পানীত পেলাই দিব।

৭) ধনতেৰছৰ দিনা কিনা ঝাড়ুটো ঘৰৰ বাহিৰত চাফা কৰাৰ বাবে ব্যৱহাৰ কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কেৱল ঘৰৰ ভিতৰতহে ব্যৱহাৰ কৰক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু