--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ছবছৰৰ অন্তত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ দল তেলেগু দেশম পাৰ্টি (টিডিপি) বিজেপি নেতৃত্বাধীন এনডিএলৈ ঘূৰি আহিবলৈ সাজু হৈছে। বিজেপিৰ এক সূত্ৰ অনুসৰি বুধবাৰে নিশা দিল্লীত উপস্থিত হোৱাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব চন্দ্ৰবাবুৱে। ইয়াতেই মিত্ৰতা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে।


লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ এপ্ৰিল-মে’ মাহত অন্ধ্ৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। বিজেপি, টিডিপিৰ বাহিৰেও তাত শাসকীয় ৱাইএছআৰ কংগ্ৰেছক পৰাস্ত কৰাৰ উদ্দেশ্যে তেলেগু অভিনেতা-ৰাজনীতিবিদ পৱন কল্যাণৰ জনসেনা পাৰ্টিয়ে এনডিএত যোগদান কৰিব পাৰে। বৰ্তমান টিডিপিৰ মিত্ৰ পৱনে যোৱা নৱেম্বৰ মাহত তেলেংগানাৰ বিধানসভা নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিছিল। ৰাজনৈতিক বিশ্লেষকৰ এটা অংশৰ মতে অন্ধ্রৰ মুখ্যমন্ত্রী ৱাই এছ জগনমোহন ৰেড্ডীক আসনৰ সন্দর্ভত তিনিওটা দলে একমত হ’লে হেঁচাত পেলাব পাৰে৷


২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা কৰিছিল চন্দ্ৰবাবু-এ। কিন্তু টিডিপিয়ে অন্ধ্ৰক বিশেষ মৰ্যাদা প্ৰদানৰ দাবীত ২০১৮ চনত এনডিএ এৰিলে। ২০১৯ চনৰ লোকসভা আৰু অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই নিৰ্বাচনত জগনমোহন ৰেড্ডীৰ ৱাই এছ আৰ কংগ্ৰেছৰ হাতত পৰাস্ত হৈ মুখ্যমন্ত্ৰীৰ আসন হেৰুৱাইছিল চন্দ্ৰবাবু-এ। সেইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত অন্ধ্ৰলৈ গৈ চন্দ্ৰবাবুক ‘দেশদ্ৰোহী’ বুলি অভিহিত কৰিছিল। তেতিয়াৰ পৰা টিডিপিৰ বিজেপিৰ সৈতে কোনো ঘোষিত মিত্ৰতা নাছিল।


কিন্তু ২০২২ চনত কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰৰ ৰাজধানী প’ৰ্ট ব্লেয়াৰত অনুষ্ঠিত উপ-নিৰ্বাচনৰ লগে লগে পৰিস্থিতি সলনি হ’বলৈ আৰম্ভ কৰে। তাত কংগ্ৰেছ-ডি এম কেৰ মিত্ৰতাক পৰাস্ত কৰি দুয়োটা দলে মিত্ৰতাৰে যুঁজি ক্ষমতা দখল কৰে। ইয়াৰ পাছত এন ডি এলৈ উভতি যোৱা পথটো নিৰ্মাণ হ’ল। অৱশ্যে অন্ধ্ৰ আৰু কেন্দ্ৰীয় পৰ্যায়ত মিত্ৰতা একত্ৰীকৰণৰ আৰম্ভণি ২০২৩ চনৰ মে’ মাহত। সেই মাহৰ ‘মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীৰ মুখত টিডিপিৰ প্ৰতিষ্ঠাপক এন টি ৰাম ৰাও (এনটিআৰ)ৰ নাম আহিছিল। চন্দ্ৰবাবুৰ প্ৰয়াত শহুৰেক এনটিআৰে ৭ বছৰ অন্ধ্ৰত মুখ্যমন্ত্ৰী হিচাপে তিনিটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু