--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ছবছৰৰ অন্তত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ দল তেলেগু দেশম পাৰ্টি (টিডিপি) বিজেপি নেতৃত্বাধীন এনডিএলৈ ঘূৰি আহিবলৈ সাজু হৈছে। বিজেপিৰ এক সূত্ৰ অনুসৰি বুধবাৰে নিশা দিল্লীত উপস্থিত হোৱাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব চন্দ্ৰবাবুৱে। ইয়াতেই মিত্ৰতা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে।


লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ এপ্ৰিল-মে’ মাহত অন্ধ্ৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। বিজেপি, টিডিপিৰ বাহিৰেও তাত শাসকীয় ৱাইএছআৰ কংগ্ৰেছক পৰাস্ত কৰাৰ উদ্দেশ্যে তেলেগু অভিনেতা-ৰাজনীতিবিদ পৱন কল্যাণৰ জনসেনা পাৰ্টিয়ে এনডিএত যোগদান কৰিব পাৰে। বৰ্তমান টিডিপিৰ মিত্ৰ পৱনে যোৱা নৱেম্বৰ মাহত তেলেংগানাৰ বিধানসভা নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিছিল। ৰাজনৈতিক বিশ্লেষকৰ এটা অংশৰ মতে অন্ধ্রৰ মুখ্যমন্ত্রী ৱাই এছ জগনমোহন ৰেড্ডীক আসনৰ সন্দর্ভত তিনিওটা দলে একমত হ’লে হেঁচাত পেলাব পাৰে৷


২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা কৰিছিল চন্দ্ৰবাবু-এ। কিন্তু টিডিপিয়ে অন্ধ্ৰক বিশেষ মৰ্যাদা প্ৰদানৰ দাবীত ২০১৮ চনত এনডিএ এৰিলে। ২০১৯ চনৰ লোকসভা আৰু অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই নিৰ্বাচনত জগনমোহন ৰেড্ডীৰ ৱাই এছ আৰ কংগ্ৰেছৰ হাতত পৰাস্ত হৈ মুখ্যমন্ত্ৰীৰ আসন হেৰুৱাইছিল চন্দ্ৰবাবু-এ। সেইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত অন্ধ্ৰলৈ গৈ চন্দ্ৰবাবুক ‘দেশদ্ৰোহী’ বুলি অভিহিত কৰিছিল। তেতিয়াৰ পৰা টিডিপিৰ বিজেপিৰ সৈতে কোনো ঘোষিত মিত্ৰতা নাছিল।


কিন্তু ২০২২ চনত কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰৰ ৰাজধানী প’ৰ্ট ব্লেয়াৰত অনুষ্ঠিত উপ-নিৰ্বাচনৰ লগে লগে পৰিস্থিতি সলনি হ’বলৈ আৰম্ভ কৰে। তাত কংগ্ৰেছ-ডি এম কেৰ মিত্ৰতাক পৰাস্ত কৰি দুয়োটা দলে মিত্ৰতাৰে যুঁজি ক্ষমতা দখল কৰে। ইয়াৰ পাছত এন ডি এলৈ উভতি যোৱা পথটো নিৰ্মাণ হ’ল। অৱশ্যে অন্ধ্ৰ আৰু কেন্দ্ৰীয় পৰ্যায়ত মিত্ৰতা একত্ৰীকৰণৰ আৰম্ভণি ২০২৩ চনৰ মে’ মাহত। সেই মাহৰ ‘মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীৰ মুখত টিডিপিৰ প্ৰতিষ্ঠাপক এন টি ৰাম ৰাও (এনটিআৰ)ৰ নাম আহিছিল। চন্দ্ৰবাবুৰ প্ৰয়াত শহুৰেক এনটিআৰে ৭ বছৰ অন্ধ্ৰত মুখ্যমন্ত্ৰী হিচাপে তিনিটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ