--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনীতিয়েও গতি লাভ কৰিছে। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰাক বিজেপিয়ে অহৰহ লক্ষ্য কৰি লৈছে। ইফালে বিজেপিয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে কুকুৰক বিস্কুট খুৱাইছিল আৰু যেতিয়া কুকুৰে নাখাইছিল তেতিয়া ৰাহুল গান্ধীয়ে একেটা বিস্কুটকে কংগ্ৰেছৰ কৰ্মীক দিছিল বুলি অভিযোগ উত্থাপন কৰিছিল।

বিজেপিয়ে এনে দাবী কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, যিটো ভাইৰেল হৈ পৰিছিল। এতিয়া এই বিষয়ত স্পষ্টীকৰণ দিছে ৰাহুল গান্ধীয়ে। তেওঁ ক'লে, "মই কুকুৰটো আৰু মালিকক মাতিলোঁ। কুকুৰটো তেতিয়া কঁপিছিল আৰু মই যেতিয়া ইয়াক খুৱাবলৈ চেষ্টা কৰিছিলো তেতিয়া কুকুৰটোৱে ভয় খাইছিল। গতিকে কুকুৰটোৰ মালিকক বিস্কুটখিনি দিলো যাতে কুকুৰটোৱে মালিকৰ হাতৰ পৰা বিস্কুটবোৰ খায়।"

দৰাচলতে ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আৰু দাবী কৰিছিল যে ভাৰত জোডো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে কুকুৰক দিয়া বিস্কুট এটা দলীয় কৰ্মীৰ ফালে দিছিল। লগতে এই ঘটনাৰ সৈতে জড়িত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত লিখিছে, “মাত্ৰ কেইদিনমান পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে দলৰ বুথ এজেণ্টক কুকুৰৰ সৈতে তুলনা কৰিছিল আৰু ৰাহুল গান্ধীয়ে ভ্ৰমণৰ সময়ত কুকুৰক বিস্কুট খুৱাইছে আৰু কেতিয়া সেই কুকুৰটোৱে নাখালে, তেতিয়া একেটা বিস্কুটকে ব্যক্তিজনক দিলে। যদি কোনো এটা দলৰ সভাপতি আৰু ক্রাউন প্রিন্সে নিজৰ দলৰ কর্মীক কুকুৰৰ দৰে ব্যৱহাৰ কৰে,তেনেহ’লে এনে দলৰ কৰ্মী অদৃশ্য হোৱাটো স্বাভাৱিক৷”

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা