--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনীতিয়েও গতি লাভ কৰিছে। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰাক বিজেপিয়ে অহৰহ লক্ষ্য কৰি লৈছে। ইফালে বিজেপিয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে কুকুৰক বিস্কুট খুৱাইছিল আৰু যেতিয়া কুকুৰে নাখাইছিল তেতিয়া ৰাহুল গান্ধীয়ে একেটা বিস্কুটকে কংগ্ৰেছৰ কৰ্মীক দিছিল বুলি অভিযোগ উত্থাপন কৰিছিল।

বিজেপিয়ে এনে দাবী কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, যিটো ভাইৰেল হৈ পৰিছিল। এতিয়া এই বিষয়ত স্পষ্টীকৰণ দিছে ৰাহুল গান্ধীয়ে। তেওঁ ক'লে, "মই কুকুৰটো আৰু মালিকক মাতিলোঁ। কুকুৰটো তেতিয়া কঁপিছিল আৰু মই যেতিয়া ইয়াক খুৱাবলৈ চেষ্টা কৰিছিলো তেতিয়া কুকুৰটোৱে ভয় খাইছিল। গতিকে কুকুৰটোৰ মালিকক বিস্কুটখিনি দিলো যাতে কুকুৰটোৱে মালিকৰ হাতৰ পৰা বিস্কুটবোৰ খায়।"

দৰাচলতে ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আৰু দাবী কৰিছিল যে ভাৰত জোডো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে কুকুৰক দিয়া বিস্কুট এটা দলীয় কৰ্মীৰ ফালে দিছিল। লগতে এই ঘটনাৰ সৈতে জড়িত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত লিখিছে, “মাত্ৰ কেইদিনমান পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে দলৰ বুথ এজেণ্টক কুকুৰৰ সৈতে তুলনা কৰিছিল আৰু ৰাহুল গান্ধীয়ে ভ্ৰমণৰ সময়ত কুকুৰক বিস্কুট খুৱাইছে আৰু কেতিয়া সেই কুকুৰটোৱে নাখালে, তেতিয়া একেটা বিস্কুটকে ব্যক্তিজনক দিলে। যদি কোনো এটা দলৰ সভাপতি আৰু ক্রাউন প্রিন্সে নিজৰ দলৰ কর্মীক কুকুৰৰ দৰে ব্যৱহাৰ কৰে,তেনেহ’লে এনে দলৰ কৰ্মী অদৃশ্য হোৱাটো স্বাভাৱিক৷”

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ