--°C
Loading...
Listen to Article
2 min read
80%


১৩/০৪/২৪, শনিবাৰ

মেষ ৰাশি:আজি কৰ্মস্থলীতএলাহভাৱে আপোনাৰ কামবোৰ বিৰক্তিদায়ক কৰি তুলিব ৷ খং ত্যাগ কৰক অন্যথা কৰ্মক্ষেত্ৰত পৰিস্থিতি বেয়া হ’ব পাৰে ৷ ধৰ্মীয় স্থান ভ্ৰমণ কৰক ৷

বৃষ ৰাশি:দিনটো মধ্যমীয়া ৷শৰীৰত বিষ, অস্থিৰ মানসিক স্থিতি, নতুন আৰম্ভণি আদি চিন্তাই কৰ্মস্থলীত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ খোৱা আৰু শৰীৰৰ যত্ন লওক ৷ ভ্ৰমণ বাতিল কৰক ৷ যোগ আৰু ধ্যানে আপোনাৰ মনত শান্তি ঘূৰাই আনিব ৷


মিথুন ৰাশি:গণেশৰ কৃপাত আজিৰ দিনটো আপোনাৰ সকৰাত্মকভাৱে পাৰ হ’ব ৷ ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব ৷ আপুনি ভাল পোৱা কামৰ মাজত আপোনাৰ দিন পাৰ হ’ব আৰু সামাজিক প্ৰতিষ্ঠা লাভ কৰিব ৷ চিনেমা, ৰাতিৰ আহাৰ আদিয়ে আপোনাৰ আনন্দ আৰু অধিক বঢ়াই তুলিব ৷

কৰ্কট ৰাশি:চৰকাৰী চাকৰিয়াল আৰু নতুনকৈ কামত সোমোৱাসকল বিশেষভাবে কাৰ্যালয়ৰ পৰিবেশৰ দ্বাৰা প্ৰভাৱিত হ’ব ৷ সন্তান আৰু প্ৰিয়জনৰ লগত সুন্দৰ সময় পাৰ হ’ব, খৰচৰ মাত্ৰা বৃদ্ধি হ’ব, কিন্তু আপুনি সেইখিনি ভাল কামত খৰচ কৰিবলৈ পাই সন্তুষ্ট লাভ কৰিব ৷


সিংহ ৰাশি:গণেশৰ মতে, এটা সম্পূৰ্ণ সুখেৰে ভৰা দিন ৷ আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব যাৰ ফলত কামত আৰু আগবাঢ়িব পাৰিব ৷ আপোনাৰ কামে বচক সুখী কৰিব আৰু তেওঁৰ পৰা ভাল বাৰ্তা লাভ কৰিব পাৰে ৷ এই সৌভাগ্য আপোনাৰ পৰিয়ালৰ লগতো ভাগ কৰক ৷


কন্যা ৰাশি:আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ আগতে চাই লওক ৷ দিনটো বৰ সফল দেখা নাযায় আৰু তাৰ ফলত আপুনি মানসিক অসুবিধা অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হ’ব পাৰে ৷ কামৰ বোজা বৃদ্ধি পাব পাৰে ৷


তুলা ৰাশি:নতুন আৰম্ভণি, নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমণে আপোনাৰ ভাতৃ ভগ্নীৰ লগত সম্পৰ্ক ভাল আৰু সন্তুষপূৰ্ণ কৰাত সহায় কৰিব ৷ নতুন ব্যৱসায় আৰম্ভণিৰ বাবে উত্তম সময়, বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷ আপোনাৰ জমা টকা ভাল সুতত লাভ কৰিব ৷

বৃশ্চিক ৰাশি:আজি এটা মধ্যম দিন ৷ টকা-পইচাৰ ক্ষেত্ৰত আপোনাৰ কুশলতা বৃদ্ধি হ’ব আৰু ধৰ্মীয় ক্ষেত্ৰত টকা খৰচ হ’ব ৷ সকলোৰে ব্যৱহাৰৰ সলনিৰ ওপৰত চকু দিয়ক, কাৰণ তেওঁলোকে আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰিব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল সময় নহয় ৷

ধনু ৰাশি:গ্ৰহৰ দশা আজি অলপ ভাল ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত পৰি থাকিব ৷ সামাজিক কামত লাভ হ’ব ৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্যসকলৰ লগত সময় কটাওক ৷ ভাল শৰীৰ আৰু মনে পৰিয়ালৰ লগত পৰ্যটন ক্ষেত্ৰ ভ্ৰমণে উৎসাহিত কৰিব ৷

মকৰ ৰাশি:খঙৰ ওপৰত কাবু ৰাখক ৷ দিনটোৰ বেছিভাগ সময় টকাৰ লোকচানৰ বাবে যন্ত্ৰণাৰ মাজত কটাব লাগিব ৷ প্ৰিয়জনৰ লগত কাজিয়া হ’ব আৰু আইনী কাৰ্যই আপোনাক মানসিকভাৱে অপকাৰ সাধন কৰিব ৷ শান্ত থাকিবলৈ চেষ্টা কৰক ৷ ধ্যান কৰক ৷

কুম্ভ ৰাশি: গ্ৰহৰ দশা ভাল, আপুনি কৰা কামৰ বাবে উপহাৰ আশা কৰিব পাৰে ৷ পৰিয়াল আৰু সন্তানৰ লগত সময় কটাব পাৰিব, নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ আপোনাৰ দক্ষতা বৃদ্ধি হ’ব আৰু সামাজিকভাৱে সন্মান লাভ কৰিব ৷ ভ্ৰমণৰ সুন্দৰ যোগ আছে ৷


মীন ৰাশি:কাৰ্মক্ষেত্ৰত আৰু পাৰিবাৰিক জীৱনত এটা ভাগ্যশালী দিন বুলিব পাৰি ৷ লক্ষ্মীৰ কৃপা লাভ কৰিব ৷ ব্যৱসায়ত উন্নতি সাধন হ’ব আৰু ধাৰে দিয়া টকা ঘূৰাই পাব ৷ পিতৃৰ শুভকামনাৰ ফলত সমাজত আপোনাৰ স্থান উন্নত হ’ব ৷ শৰীৰৰ পৰা একো অসুবিধা নোপোৱাকৈ দিন পাৰ কৰিব পাৰিব ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ