--°C
Loading...
Listen to Article
2 min read
80%


১৩/০৪/২৪, শনিবাৰ

মেষ ৰাশি:আজি কৰ্মস্থলীতএলাহভাৱে আপোনাৰ কামবোৰ বিৰক্তিদায়ক কৰি তুলিব ৷ খং ত্যাগ কৰক অন্যথা কৰ্মক্ষেত্ৰত পৰিস্থিতি বেয়া হ’ব পাৰে ৷ ধৰ্মীয় স্থান ভ্ৰমণ কৰক ৷

বৃষ ৰাশি:দিনটো মধ্যমীয়া ৷শৰীৰত বিষ, অস্থিৰ মানসিক স্থিতি, নতুন আৰম্ভণি আদি চিন্তাই কৰ্মস্থলীত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ খোৱা আৰু শৰীৰৰ যত্ন লওক ৷ ভ্ৰমণ বাতিল কৰক ৷ যোগ আৰু ধ্যানে আপোনাৰ মনত শান্তি ঘূৰাই আনিব ৷


মিথুন ৰাশি:গণেশৰ কৃপাত আজিৰ দিনটো আপোনাৰ সকৰাত্মকভাৱে পাৰ হ’ব ৷ ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব ৷ আপুনি ভাল পোৱা কামৰ মাজত আপোনাৰ দিন পাৰ হ’ব আৰু সামাজিক প্ৰতিষ্ঠা লাভ কৰিব ৷ চিনেমা, ৰাতিৰ আহাৰ আদিয়ে আপোনাৰ আনন্দ আৰু অধিক বঢ়াই তুলিব ৷

কৰ্কট ৰাশি:চৰকাৰী চাকৰিয়াল আৰু নতুনকৈ কামত সোমোৱাসকল বিশেষভাবে কাৰ্যালয়ৰ পৰিবেশৰ দ্বাৰা প্ৰভাৱিত হ’ব ৷ সন্তান আৰু প্ৰিয়জনৰ লগত সুন্দৰ সময় পাৰ হ’ব, খৰচৰ মাত্ৰা বৃদ্ধি হ’ব, কিন্তু আপুনি সেইখিনি ভাল কামত খৰচ কৰিবলৈ পাই সন্তুষ্ট লাভ কৰিব ৷


সিংহ ৰাশি:গণেশৰ মতে, এটা সম্পূৰ্ণ সুখেৰে ভৰা দিন ৷ আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব যাৰ ফলত কামত আৰু আগবাঢ়িব পাৰিব ৷ আপোনাৰ কামে বচক সুখী কৰিব আৰু তেওঁৰ পৰা ভাল বাৰ্তা লাভ কৰিব পাৰে ৷ এই সৌভাগ্য আপোনাৰ পৰিয়ালৰ লগতো ভাগ কৰক ৷


কন্যা ৰাশি:আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ আগতে চাই লওক ৷ দিনটো বৰ সফল দেখা নাযায় আৰু তাৰ ফলত আপুনি মানসিক অসুবিধা অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হ’ব পাৰে ৷ কামৰ বোজা বৃদ্ধি পাব পাৰে ৷


তুলা ৰাশি:নতুন আৰম্ভণি, নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমণে আপোনাৰ ভাতৃ ভগ্নীৰ লগত সম্পৰ্ক ভাল আৰু সন্তুষপূৰ্ণ কৰাত সহায় কৰিব ৷ নতুন ব্যৱসায় আৰম্ভণিৰ বাবে উত্তম সময়, বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷ আপোনাৰ জমা টকা ভাল সুতত লাভ কৰিব ৷

বৃশ্চিক ৰাশি:আজি এটা মধ্যম দিন ৷ টকা-পইচাৰ ক্ষেত্ৰত আপোনাৰ কুশলতা বৃদ্ধি হ’ব আৰু ধৰ্মীয় ক্ষেত্ৰত টকা খৰচ হ’ব ৷ সকলোৰে ব্যৱহাৰৰ সলনিৰ ওপৰত চকু দিয়ক, কাৰণ তেওঁলোকে আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰিব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল সময় নহয় ৷

ধনু ৰাশি:গ্ৰহৰ দশা আজি অলপ ভাল ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত পৰি থাকিব ৷ সামাজিক কামত লাভ হ’ব ৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্যসকলৰ লগত সময় কটাওক ৷ ভাল শৰীৰ আৰু মনে পৰিয়ালৰ লগত পৰ্যটন ক্ষেত্ৰ ভ্ৰমণে উৎসাহিত কৰিব ৷

মকৰ ৰাশি:খঙৰ ওপৰত কাবু ৰাখক ৷ দিনটোৰ বেছিভাগ সময় টকাৰ লোকচানৰ বাবে যন্ত্ৰণাৰ মাজত কটাব লাগিব ৷ প্ৰিয়জনৰ লগত কাজিয়া হ’ব আৰু আইনী কাৰ্যই আপোনাক মানসিকভাৱে অপকাৰ সাধন কৰিব ৷ শান্ত থাকিবলৈ চেষ্টা কৰক ৷ ধ্যান কৰক ৷

কুম্ভ ৰাশি: গ্ৰহৰ দশা ভাল, আপুনি কৰা কামৰ বাবে উপহাৰ আশা কৰিব পাৰে ৷ পৰিয়াল আৰু সন্তানৰ লগত সময় কটাব পাৰিব, নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ আপোনাৰ দক্ষতা বৃদ্ধি হ’ব আৰু সামাজিকভাৱে সন্মান লাভ কৰিব ৷ ভ্ৰমণৰ সুন্দৰ যোগ আছে ৷


মীন ৰাশি:কাৰ্মক্ষেত্ৰত আৰু পাৰিবাৰিক জীৱনত এটা ভাগ্যশালী দিন বুলিব পাৰি ৷ লক্ষ্মীৰ কৃপা লাভ কৰিব ৷ ব্যৱসায়ত উন্নতি সাধন হ’ব আৰু ধাৰে দিয়া টকা ঘূৰাই পাব ৷ পিতৃৰ শুভকামনাৰ ফলত সমাজত আপোনাৰ স্থান উন্নত হ’ব ৷ শৰীৰৰ পৰা একো অসুবিধা নোপোৱাকৈ দিন পাৰ কৰিব পাৰিব ৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি
চলচ্চিত্র মহোৎসৱত পাঁচটা বঁটাৰে উজলিল 'বোর্খা-দ্য ভেইল'