--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰতীয়ৰ বাবে আকৌ এটা নৱবৰ্ষ  আহিল । দেওবাৰে পহিলা ব'হাগ । শাস্ত্ৰ অনুসৰি বছৰটোৰ প্ৰথম দিনটো যিকোনো কামৰ বাবেই শুভ বুলি ধৰা  হয়। যদি আপুনি নতুন কিবা আৰম্ভ কৰিব বিচাৰে, এই দিনটো  বাছনি কৰিব পাৰে। নতুন  কামৰ পৰিকল্পনা কৰাৰ বাবেও এই দিনটো শুভ বুলি গণ্য কৰা হয়।

মানুহে   ধনকলৈয়েই বছৰটো বেছিকৈ চিন্তা কৰিবলগীয়া হয়।   বছৰৰ  প্ৰথম দিনটোত   লক্ষ্মীদেৱীকক সন্তুষ্ট কৰিব পাৰিলে বছৰটোত ধনৰ অভাৱ নহয় বুলি বহুতে ধাৰণা কৰে। বছৰৰ প্ৰথম দিনটোত বহুতে  ভগৱান গণেশকো উপাসনা কৰে। গণেশৰ উপাসনাই ব্যৱসায়  বৃদ্ধি কৰে। লক্ষ্মী আৰু গণেশক একেলগে উপাসনা কৰিলে শুভ ফল পোৱাটো সম্ভৱ বুলি শাস্ত্ৰই কয়। পহিলা ব'হাগত   এই চাৰিটা  কামৰ ভিতৰত যিকোনো এটা  কৰিব  পাৰিলে বছৰটোত ধনৰ আকাল নহ'ব।  কি কাম জানো আহক- 
১) পহিলা ব'হাগৰ দিনা  ঘৰত লক্ষ্মীৰ ঘটৰ ওপৰত পাঁচটা পাঁচটা কড়ি ৰাখিব। প্ৰতি বৃহস্পতিবাৰে সেই কড়িৰে দেৱী লক্ষ্মীৰ উপাসনা কৰক, ই দেৱীক সন্তুষ্ট কৰিব। পৰিয়ালটোলৈ  সমৃদ্ধি আহিব আৰু আৰ্থিক সীমাবদ্ধতাৰ পৰাও মুক্তি থাকিব।
২) বছৰৰ প্ৰথম দিনটোত, আপুনি ঘৰত ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰি পূজা কৰিলেও  ধনৰ ক্ষেত্ৰত শুভফল  লাভ কৰিব পাৰে। ঘৰত পইচা আৰু গহনা ৰখা ঠাইত পূজাৰ ফুল ৰাখিব।

৩) কোৱা হয় যে সকলো দেৱতাৰ  গৰুৰ সৈতে ওচৰ সম্পৰ্ক আছে।  গৰুক বহুতে সেয়ে দেৱতা অথবা দেৱীৰ ৰূপত  পূজাও কৰে। সেয়েহে, নৱবৰ্ষৰ  প্ৰথম দিনটোত  গৰুক খুৱালে  শুভ বুলি গণ্য কৰা হয়। ৰাস্তাত থকা গৰুক   কিছু খাদ্য এৰি দিলে তাৰ শুভ ফল পাব।  এই দিনটোত যিকোনো পথৰ  জন্তুক খুৱালেও  শুভ ফলাফললাভ হয়।

৪) এটা বাটিত তেল-হালধি আৰু সেন্দুৰ  মিহলি কৰক। সেই মিশ্ৰণেৰে  আমৰ পাতত ফোঁট দিয়ক। তাৰ পিছত সাতটা আমৰ পাত ৰঙা সূতাৰে বান্ধি দুৱাৰত ওলোমাই ৰাখক । এনেদৰে আমৰ পাত ঘৰৰ দক্ষিণ-পূব কোণত ৰখা ভাল। যদি ঘৰত বাস্তুদোষ  থাকে তেন্তে সেয়া দূৰ হ'ব আৰু ঘৰলৈ ধন আৰু সুখৰ সোঁত ব'ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ