--°C
Loading...
Listen to Article
2 min read
80%
মেষ ৰাশি – প্ৰেমৰ দৃষ্টিকোণেৰে চাব গ'লে আজি এক ভাল দিন। আপোনাৰ জীৱন লগৰীয়ে আপোনাৰ দুৰ্বলতাখিনিক দুৰ্বল কৰিব নিদিব যাৰ বাবে আপুনি বহুত সুখী অনুভৱ কৰিব।

বৃষ ৰাশি – আপোনাৰ স্বাস্থ্য ভালে থাকিব। কলাত্মক কামৰ লগত জড়িত মানুহৰ বাবে আজি এক ধুনীয়া দিন, কাৰণ আজি এই দক্ষতাই ধন আৰু খ্যাতি প্ৰদান কৰিব।

মিথুন ৰাশি – নিজৰ ধৈৰ্য নেহেৰুৱাব ,বিশেষকৈ বেয়া পৰিস্থিতিত। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হ'ব পাৰে। কাজিয়া নকৰিব কাৰো লগত।

কৰ্কট ৰাশি – কোনো ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। যদি ফুৰিবলৈ যোৱাৰ পৰিকল্পনা আছে তেনেতে এই যোজনা শেষ সময়ত বাতিল হৈ যাব পাৰে।

সিংহ ৰাশি – বেংকৰ লগত জড়িত লেন দেন সমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। অফিচত আজি আপুনি বহুত প্ৰশংসা পাব।

কন্যা ৰাশি – লঘু ব্যৱসায় কৰা এই ৰাশিৰ ব্যক্তিসকলৰ আজি লোকচানৰ সন্মুখীন হ'ব পাৰে। আপুনি জীৱন লগৰীৰ পৰা আজি কিবা ধুনীয়া বিশেষ উপহাৰ লাভ কৰিব পাৰে।

তুলা ৰাশি – ধনৰ আগমণে আপোনাক বহুত আৰ্থিক সকাহ দিব। আজিৰ দিন হল ভাল প্ৰদৰ্শন কৰাৰ আৰু বিশেষ কাম কৰাৰ। আপোনাৰ জীৱন লগৰীৰ মন-মেজাজ আজি খুবেই ভাল হ'ব ,আপুনি কিবা চাৰপ্ৰাইজ লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশি – কথা বাৰ্তাত থকা আপোনাৰ কৌশলে আজি আপোনাক সহায় কৰিব। দীৰ্ঘৱতী লাভৰ বাবে ষ্ট’ক আৰু মিছুয়েল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক।

ধনু ৰাশি – আপোনাৰ জীৱন সংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব পাৰে , যি আপোনাৰ খৰচ আৰু ধাৰ আদি সকলো জোৰা মাৰিব।

মকৰ ৰাশি – আজিৰ দিনটোত কামৰ বোজা কম থাকিব আৰু আপুনি আপোনাৰ মূল্যৱান সময় পৰিয়ালৰ লগত কটাব পাৰিব। আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী।

কুম্ভ ৰাশি – আজি জীৱনটো বহুত ধুনীয়া হৈ পৰিব, কাৰণ আপোনাৰ জীৱন লগৰীয়ে আপোনাৰ বাবে কিছুমান বিশেষ কামৰ পৰিকল্পনা কৰিছে। আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হ'ব।

মীন ৰাশি – আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। । প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। আজি কামত আপোনাৰ দক্ষতাৰ পৰীক্ষা হ'ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement