--°C
Loading...
Listen to Article
2 min read
80%
২৫ জুলাই ২০২৩, মঙলবাৰ

মেষ : প্ৰতিশ্ৰুতি আৰু কৰ্তব্য পূৰণৰ দিন, প্ৰয়োজনত আনন্দ পৰিহাৰ কৰিব লাগিব। আলস্যক প্ৰশ্ৰয় নিদিব, সকলোৰে সৈতে মিলি–জুলি চলিলে দিনটো ভালদৰে পাৰ হ’ব।

বৃষ : যোগাযোগ ক্ষমতাত ভিত্তি কৰি ভৱিষ্যতৰ কৰ্মক্ষেত্ৰ তৈয়াৰ হ’ব – তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। আবেগপ্ৰৱণতাক নিয়ন্ত্ৰণত ৰাখিব লাগিব, পোনপটীয়া প্ৰকৃতিয়ে জয়ী হ’ব।

মিথুন : অতীত অভিজ্ঞতাৰ পৰা শিক্ষা লাভৰ দিন, সততাই এতিয়া উন্নতিৰ একমাত্ৰ চাবিকাঠি। আনৰ সমালোচনা নকৰি নিজৰ আচৰণক লৈ এবাৰ ভৱা উচিত।

কৰ্কট : পূৰ্বনিৰ্ধাৰিত পৰিকল্পনাত বাধা আহিব পাৰে, বিকল্প সমাধান ভাবি ৰখা দৰকাৰ। কাম পাহৰিলে নচলিব, লগতে নিজৰ বাবেও কিছু সময় উলিয়াব লাগিব।

সিংহ : কাষৰ মানুহৰ সহায় লাভ কৰিব, সততা আৰু পৰিশ্ৰমৰ ফলত সকলো বাধা দূৰ হ’ব। শান্ত, নিৰিবিলি দিন পাৰ হ’লেও কিছু ব্যক্তিগত সমস্যাই বিব্ৰত কৰি তুলিব পাৰে।

কন্যা : শুভাকাংক্ষীৰ পৰামৰ্শ মানি চলক, বাকী কথাত কাণ নিদিলেও চলিব। অনেক নতুন সুযোগ আহিব, তাৰ মাজৰ পৰা শ্ৰেষ্ঠটো বাচি ল’ব লাগিব।

তুলা : সন্তানৰ সুখ বাঢ়িব। দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক। শিল্প আৰু সংগীতৰ প্ৰতি আগ্ৰহ বাঢ়িব। কৰ্মক্ষেত্ৰত শুভ।

বৃশ্চিক : যিকোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ বাবে বিবাদৰ পৰিস্থিতি হ’ব পাৰে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। পাৰিবাৰিক অশান্তিৰ মাজতে দিনটো পাৰ হোৱাৰ সম্ভাৱনা আছে।

ধনু :  আত্মবিশ্বাস বৃদ্ধি পাব। কামৰ ক্ষেত্ৰখনৰ পৰিৱৰ্তন হ’ব পাৰে। বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে। ব্যৱসায়ৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ সম্ভাৱনা আছে।

মকৰ :  পাৰিবাৰিক জীৱন সুখী হ’ব। কৰ্মক্ষেত্ৰত অনুকূল পৰিস্থিতিৰ সৃষ্টি হ’ব। স্বাস্থ্যৰ যত্ন লওক। অতিমাত্ৰা উৎসাহী হোৱাৰ পৰা বিৰত থাকক।

কুম্ভ : সচেতন হওক আৰু অত্যধিক খং পৰিহাৰ কৰক। শিশুৰ পৰা ভাল খবৰ পাব পাৰে। পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে। বিদ্যাত শুভ।

মীন : আজিৰ দিনটো আপোনাৰ মনৰ উত্থান-পতন হ’ব পাৰে। ধৰ্মৰ ওপৰত বিশ্বাস ৰাখক। কোনো ধৰ্মীয় স্থানলৈ যাত্ৰাৰ কাৰ্যসূচীও কৰিব পাৰিব। শৈক্ষিক কামত অসুবিধা হ’ব পাৰে। শিশুৰ স্বাস্থ্যৰ যত্ন লওক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ