--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰঙৰ উৎসৱ ফাকুৱা। ভিন্নৰঙী আবিৰেৰে ৰঙীন হ’ব চাৰিওদিশ। এই পবিত্ৰ উৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক হোলীৰ শুভেচ্ছা জনাইছে। তেওঁ টুইটযোগে দেশবাসীক হোলীৰ শুভেচ্ছা জনাই, তেওঁ কয় "সকলোকে হোলীৰ শুভেচ্ছা। ৰঙৰ এই উৎসৱে পাৰস্পৰিক স্নেহ, প্ৰেম আৰু ভাতৃত্ববোধ কঢ়িয়াই আনিক। সকলোৰে জীৱন সুখৰ ৰঙেৰে ভৰি থাকক। '' ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও দেশবাসীক হোলীৰ শুভেচ্ছা জনাইছে। তেওঁ টুইটাৰত লিখিছে, "পৱিত্ৰ হোলীৰ উপলক্ষে মই দেশৰ জনসাধাৰণক শুভকামনা আৰু শুভেচ্ছা জনাইছো। ৰঙৰ এই উৎসৱত সম্প্ৰীতি ধাৰা সৃষ্টি হওঁক। হোলীৰ এই উৎসৱ ভাতৃত্ববোধৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ। এই উৎসৱে বসন্তৰ আগমনৰ বাৰ্তা বহন কৰে। সকলো দেশবাসীৰ জীৱন আনন্দেৰে ভৰি থাকক। নতুন আশা সঞ্চাৰ কঢ়িযাই আনক। ' মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও হোলীৰ শুভেচ্ছা জনাইছে। শুকুৰবাৰে তেওঁ টুইট কৰে: "সকলোকে হোলীৰ শুভেচ্ছা জনাইছো। ৰঙৰ এই বিশাল উৎসৱে আমাৰ সকলোৰে জীৱনত সুখ, শান্তি, আনন্দ আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰে। বৈচিত্ৰ্য, বন্ধুত্ব আৰু সমতাৰ মনোভাৱই আমাক অনুপ্ৰাণিত কৰক। ভাৰতীয় পৰম্পৰা আৰু ধৰ্মীয় উৎসৱ সমূহৰ ভিতৰত ফাগুন মাহত পালন কৰা ফাকুৱা এক অন্যতম উৎসৱ । এই উৎসৱ ফাগুন মাহৰ শুক্লা তিথিৰ পুৰ্ণিমাত পালন কৰা হয়। ফাকুৱা এনে এক উৎসৱ যত প্ৰকৃতিৰ ৰঙত মতলীয় হৈ পৰে প্ৰতিজন মানুহৰ হৃদয়। ইযনে সিজনক মৰম যাচে আবিৰৰ ৰঙে। প্ৰকৃতিৰ যেন অলেখ অযুত ৰঙে নাচি উঠে চৌদিশে।ফাকুৱা উৎসৱ বিভিন্ন ধৰ্মাৱলম্বী মানুহে পালন কৰে নিজৰ নিজৰ পৰম্পৰা অনুসৰি।এই ফাকুৱা উৎসৱক বিভিন্ন দিশত বিভিন্ন নামেৰে জনা যায়। যেনে ফাকুৱা, ফল্গুসৱ, হলিকা দাহন, দেউল, বসন্তুসৱ, হোলি আদি। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান