--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ১৫ এপ্ৰিল, সোমবাৰ৷ আজি গোসাঁই বিহু৷ কেনেকৈ অতিবাহিত হ’ব আপোনাৰ আজিৰ দিনটো? জানি লওক দিনটোৰ ৰাশিফল...

মেষ ৰাশি: আজি আপোনাৰ দিনটো সৌভাগ্যশালী। ব্যৱসায়ত উন্নতি৷ আজি আপোনাৰ ইচ্ছাশক্তি আৰু সংকল্প অধিক শক্তিশালী হৈ উঠিবলৈ দেখা পাব৷ আজি আপুনি নিজকে সুস্থ অনুভৱ কৰিব। সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব।

বৃষ ৰাশি: আজিৰ দিনটো শুভ৷ আপুনি আজি প্ৰেম, ভালপোৱা, তীব্ৰ আসক্তি প্ৰকাশৰ পৰ্যাপ্ত সুযোগ পাব৷ দিনটোক উপভোগ কৰক৷ আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে৷ গাড়ী-বাহন ক্ৰয়ৰ বাবে সময়টো ভাল।

মিথুন ৰাশি: আজি আপোনাৰ অপ্ৰত্যাশিতভাৱে ব্যয় বৃদ্ধি হ’ব। সাৱধানে থাকিব৷ কৰ্মক্ষেত্ৰত তুলনামূলকভাৱে শান্ত পৰিৱেশ থাকিব৷ বিবাদৰ পৰা আঁতৰি থাকক৷

কৰ্কট ৰাশি: নেতিবাচক চিন্তাৰ পৰা আঁতৰত থাকক৷ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে দুখ-দুৰ্দশাৰ কথা বৰকৈ ভাবি থাকে৷ এনেকুৱা কৰাটো আপোনাৰ ক্ষতি কৰিব পাৰে৷ শিক্ষাৰ্থীৰ বাবে বৰ্তমান সময় শুভ নহয়৷ নিৰাশ নহ'ব চেষ্টা অব্যাহত ৰাখক৷

সিংহ ৰাশি: স্বাস্থ্যৰ যত্ন লওক। অনিদ্ৰা, উদ্বেগ, বিৰক্তি ভাৱ দেখা দিলে আওকাণ নকৰিব৷ ভ্ৰমণৰ দিনো পিছুৱাই দিয়ক৷ বিবাদৰ পৰা আঁতৰি থাকক। আৰাম কৰক৷

কন্যা ৰাশি: জাতক-জাতিকাসকলৰ কাৰণে ভাল সময় অব্যাহত থাকিব। আনন্দ-উল্লাসেৰে আপোনাৰ দিনটো পৰিপূৰ্ণ হৈ থাকিব৷ বিভিন্ন ক্ষেত্ৰৰ পৰা উপকৃত হ’ব৷ আৰ্থিক দিশত উন্নতি। বন্ধুসকলৰ সৈতে সুমধুৰ আৰু ৰোমাঞ্চকৰ সময় কটাব৷

তুলা ৰাশি: আপুনি আপোনাৰ প্ৰিয়জনৰ অনুপস্থিতিক বাৰুকৈয়ে অনুভৱ কৰিব৷ সময়ৰ সদ্ব্যৱহাৰ কৰক৷ পিতৃ-মাতৃ আৰু পৰিয়ালক সময় দিয়ক৷

বৃশ্চিক ৰাশি: আপুনি ব্যক্তিগত সম্পৰ্কত, সংসাৰত প্ৰেম আৰু সুখ-শান্তি উপভোগ কৰিব। কৰ্মক্ষেত্ৰত পৰিৱেশ সুখদায়ক আৰু অনুকূল হৈ থাকিব। আপোনাৰ সামাজিক মৰ্যাদা আৰু সন্মান বৃদ্ধি পাব। সন্তানৰ সফলতাই আপোনাক আনন্দ দিব৷

ধনু ৰাশি: আজি আপুনি সাহসিকতা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব৷ আজি আপুনি পিতৃৰ আৰু আনকি বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব৷ খঙৰ ওপৰত নিয়ন্ত্ৰণত ৰাখক৷ নিজৰ স্বাস্থ্যৰ যত্ন লওক। 

মকৰ ৰাশি: আজি আপুনি যি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে৷ নিজৰ ৰাজহুৱা খণ্ড আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে কাম কৰা বা ৰাজহুৱা খণ্ডতে কাম কৰা লোকসকলৰ বাবে দিনটো লাভদায়ক আৰু ফলদায়ক। আৰ্থিক দিশত সাৱধানে চলক৷

কুম্ভ ৰাশি: সুদৃঢ় ইচ্ছাশক্তি, সাহসিকতাৰ সৈতে আপুনি কৰ্মক্ষেত্ৰত, ব্যৱসায়ত আৰু ব্যক্তিগত জীৱনত সফলতা লাভ কৰিব৷ পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে। আৰ্থিক লাভৰ যোগ৷ শিক্ষাৰ্থীৰ বাবে দিনটো শুভ৷

মীন ৰাশি: মনটোক নিয়ন্ত্ৰণ কৰক৷ ভালপোৱা ব্যক্তিগৰাকীক নেদেখি মনটো ইছাট-বিছাট কৰি থাকিব৷ কৰ্মক্ষেত্ৰত শুভ৷ পূৰ্বপৰিকল্পনাসমূহ কাৰ্যকৰী হ’ব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ