--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহিলা ব'হাগত  গছ ৰুলে উত্তম  ফল পায়। একেদৰে কিছুমান গছ বজাৰৰ পৰা আনিও ঘৰত সজাব পাৰি। তেনে গছ  হৈছে কেকটাছ, বনচাই আদি । কিন্তু তেনে গঠ ঘৰত ৰখাৰো নিয়ম আছে। কেকটাছ  ৰখাৰো কেতবোৰ বিশেষ নিয়ম আছে৷ ফেংছুইৰ বিধি মানি কেকটাছ ঘৰত ৰাখিলেহে শুভফল পায়৷ ফেংছুইৰ মতে ঘৰৰ ভিতৰত কেতিয়াও বনছাই, কেকটাছ আদি সজাই ৰখাটো উচিত নহয়। বনছাই ,কেকটাছ আদিৰ পৰা অনবৰতে অশুভ শক্তি নির্গত হয়।

কেকটাছ হৈছে কাঁইটীয়া। ই শুভশক্তিক বিনাশ কৰি অশুভ শক্তি এৰি দিয়ে। সেয়ে এনে কেকটাছ কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে। ঘৰৰ ভিতৰত কেকটাছ ৰাখিলে নানান ধৰণৰ দুৰ্ঘটনা, ব্যবসায়ত লোকচান, গৃহকন্দল আদি হ'ব পাৰে। একেদৰে বনছাই হৈছে বিকাশক বলপূর্বক বাধা দি ৰখাৰ প্ৰক্ৰিয়াৰ ফলত হোৱা সৃষ্টি।

কোনো বৃহৎ গছ এজোপাক বিশেষ পদ্ধতিৰে সৰু গছৰ ৰূপতে ৰখা হয়। ইয়াৰ ফলত বিকাশৰ গতি স্তব্ধ হৈ পৰে। ই প্ৰকৃতিৰ নিয়ম বিৰুদ্ধ কথা। প্ৰকৃতিৰ নিয়মৰ বাহিৰলৈ গৈ প্ৰস্তুত কৰা বনছাই ঘৰৰ ভিতৰত ৰাখিলে নানান ধৰণৰ অপায়-অমংগল হ'ব পাৰে।

বনছাই ঘৰৰ ভিতৰত ৰাখিলে ইয়াৰ পৰা নিৰ্গত হোৱা অশুভ শক্তিয়ে গৃহস্থৰ মানসিক অৱস্থা বিধ্বস্ত কৰি তুলিব পাৰে । সেয়ে ঘৰৰ ভিতৰত কেতিয়াও বনছাই, কেকটাছ আদি ৰাখিব নালাগে বুলি ফেংছুইয়ে কৈ আহিছে। সেয়ে কেকটাছ, বনচাই আদি ঘৰৰ বাহিৰত ৰাখিলেহে ফল লাভ হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ