--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহিলা ব'হাগত  গছ ৰুলে উত্তম  ফল পায়। একেদৰে কিছুমান গছ বজাৰৰ পৰা আনিও ঘৰত সজাব পাৰি। তেনে গছ  হৈছে কেকটাছ, বনচাই আদি । কিন্তু তেনে গঠ ঘৰত ৰখাৰো নিয়ম আছে। কেকটাছ  ৰখাৰো কেতবোৰ বিশেষ নিয়ম আছে৷ ফেংছুইৰ বিধি মানি কেকটাছ ঘৰত ৰাখিলেহে শুভফল পায়৷ ফেংছুইৰ মতে ঘৰৰ ভিতৰত কেতিয়াও বনছাই, কেকটাছ আদি সজাই ৰখাটো উচিত নহয়। বনছাই ,কেকটাছ আদিৰ পৰা অনবৰতে অশুভ শক্তি নির্গত হয়।

কেকটাছ হৈছে কাঁইটীয়া। ই শুভশক্তিক বিনাশ কৰি অশুভ শক্তি এৰি দিয়ে। সেয়ে এনে কেকটাছ কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে। ঘৰৰ ভিতৰত কেকটাছ ৰাখিলে নানান ধৰণৰ দুৰ্ঘটনা, ব্যবসায়ত লোকচান, গৃহকন্দল আদি হ'ব পাৰে। একেদৰে বনছাই হৈছে বিকাশক বলপূর্বক বাধা দি ৰখাৰ প্ৰক্ৰিয়াৰ ফলত হোৱা সৃষ্টি।

কোনো বৃহৎ গছ এজোপাক বিশেষ পদ্ধতিৰে সৰু গছৰ ৰূপতে ৰখা হয়। ইয়াৰ ফলত বিকাশৰ গতি স্তব্ধ হৈ পৰে। ই প্ৰকৃতিৰ নিয়ম বিৰুদ্ধ কথা। প্ৰকৃতিৰ নিয়মৰ বাহিৰলৈ গৈ প্ৰস্তুত কৰা বনছাই ঘৰৰ ভিতৰত ৰাখিলে নানান ধৰণৰ অপায়-অমংগল হ'ব পাৰে।

বনছাই ঘৰৰ ভিতৰত ৰাখিলে ইয়াৰ পৰা নিৰ্গত হোৱা অশুভ শক্তিয়ে গৃহস্থৰ মানসিক অৱস্থা বিধ্বস্ত কৰি তুলিব পাৰে । সেয়ে ঘৰৰ ভিতৰত কেতিয়াও বনছাই, কেকটাছ আদি ৰাখিব নালাগে বুলি ফেংছুইয়ে কৈ আহিছে। সেয়ে কেকটাছ, বনচাই আদি ঘৰৰ বাহিৰত ৰাখিলেহে ফল লাভ হয়। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ ৰোষত অনিল আম্বানিৰ কোম্পানী
২০১৬ চনৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচনত ৰাছিয়াৰ সহায় লোৱাৰ অভিযোগ
দখলাত গৃহৰক্ষী জোৱানৰ হাতত প্ৰাণ গ'ল প্ৰাক্তন গৃহৰক্ষী জোৱানৰ
চৰকাৰী বিদ্যালয়ৰ ছাদ খহি ৪ শিক্ষাৰ্থীৰ কৰুণ মৃত্যু; ১০ শিশু আহত, ৪০ আৱদ্ধ
মহানগৰীত পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ ৰূপ!  ডেগাৰৰ আক্ৰমণত আহত ৩
বিলাসীপাৰাত শোকাৱহ ঘটনা! ব্ৰহ্মপুত্ৰত সন্ধানহীন দুজন
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ