--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্ব কঁঠাল দিৱস। প্ৰতি বছৰে ৪ জুলাইত জেকফ্ৰুট ডে অৰ্থাৎ কঁঠাল দিৱস পালন কৰা হয়। ফল আৰু ইয়াৰ প্ৰকৃতিৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে Jackfruitday.com য়ে Jackfruit Dayৰ সৃষ্টি কৰিছিল। এই ফলটোৱে সমগ্ৰ বিশ্বৰ বহু লোকৰ খাদ্য জীৱনশৈলীত পৰিৱৰ্তন সাধন কৰে বুলি বিশ্বাস কৰা হয়। কঁঠালৰ স্বাস্থ্য গুণাগুণ প্ৰচাৰ কৰাৰ বাবেই কঁঠাল দিৱস পালন কৰা হয়। কঁঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ জাতীয় ফল আৰু ভাৰতৰ তামিলনাডু আৰু কেৰেলাৰ ৰাজ্যিক ফল৷ অসমতো কঁঠালৰ বিশেষ সমাদৰ আছে। ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যতে সৰ্বাধিক কঠাল উৎপন্ন হয়। অসমৰো প্ৰায় ঘৰ মানুহৰে বাৰীত এজোপা হ’লেও কঠালৰ গছ পোৱা যায়। 

কঁঠাল বৰ্ষা কালৰ সুস্বাদু ৰসাল ফল। কঁঠাল গছ অসমৰ মানুহৰ বাৰী বা বন-বননিৰ মাজত হয়। হাবি-জংঘলতো কঁঠাল আপোনা-আপুনি গজে। সাধাৰণতে মাঘ-ফাগুন মাহৰ পৰা কঁঠালৰ কলি ওলাবলৈ আৰম্ভ কৰে, যাক মুচি পেলোৱা বা মুচি ধৰা বুলি কয়। কঁঠাল মুচিৰে অতি সোৱাদযুক্ত ব্যঞ্জন ৰন্ধা হয়। কঁঠাল ব’হাগ, জেঠ, আহাৰ মাহত পুৰঠ হৈ পকিবলৈ ধৰে। কিছুমান কঁঠাল আছে বছৰৰ বাৰমাহে লাগে। কঁঠালক পুষ্টি তথা ঔষধি গুণৰ ভঁৰাল বুলিব পাৰি। 

কঁঠালৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

১)কঁঠালে মানৱ দেহক ৰোগৰ বিৰুদ্ধে সুৰক্ষা প্রদান কৰে।

২)কঠালত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে।

৩)কঁঠালে ৰক্তচাপ নিয়ন্ত্রণ আৰু সুস্থ কলেষ্টেৰলৰ মাত্রা দেহত বজায় ৰখাত সহায় কৰে।

৪)পুষ্টিকৰ তত্বৰে সমৃদ্ধ কঁঠালে মানুহৰ ছাল সুন্দৰ আৰু নিমজ কৰে।

৫) কঁঠালত থকা এন্টিঅক্সিডেন্টবোৰে শৰীৰত ​​শর্কৰাৰ মাত্ৰা এটি সুষম স্তৰলৈ উন্নীত কৰে।

৬) কঁঠালত এন্টি অক্সিডেন্ট, ফাইটোনিউট্ৰিয়েন্টচ আৰু ফ্লেভ’নয়ড থাকে। যিবোৰে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক ফ্ৰী-ৰেডিকেল(মুক্তমূলক) বোৰ নিষ্ক্ৰীয় কৰি শৰীৰক ক’লন কেন্সাৰ, হাওঁফাওঁৰ কেন্সাৰ, মুখ গহ্বৰৰ কেন্সাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে।

৭)পকা কঁঠালত থকা আঁহ(ফাইবাৰ)ৰ আধিক্যই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু হজম শক্তিৰ উন্নতি সাধন কৰে।

৮)কঁঠালত যথেষ্ট পৰিমাণে “কপাৰ” থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিক কৰ্মক্ষম কৰি তোলে আৰু থাইৰয়ড হৰমোনৰ শোষণ আৰু সংশ্লেষণত সহায় কৰে।

৯)কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে, যিয়ে দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে।

১০)কঁঠালত খনিজ পদাৰ্থবোৰে তেজত ৰক্ত কণিকা গঠনত সহায় কৰি ৰক্তহীনতা ৰোগ প্ৰতিৰোধ কৰে।

১১)পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে।

১২)কঁঠালত থকা এন্টি অক্সিডেন্টে দেহৰ ক্ষতিকাৰক ‘ফ্ৰী-ৰেডিকেলচ’ বোৰ ধ্বংস কৰি বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে।

১৩)কঁঠাল আলচাৰ প্ৰতিৰোধী গুণেৰে ভৰা। ই পেটৰ আলচাৰ নিৰাময় কৰে আৰু পাচন প্ৰণালী শক্তিশালী কৰি হজম প্ৰক্ৰিয়াৰ আসোঁৱাহ দূৰ কৰে।

১৪)কঁঠাল এজমা ৰোগীৰ বাবেও উপকাৰী।

১৫)কঁঠালত যথেষ্ট পৰিমাণে কাৰ্ব’হাইড্ৰেট আৰু কেল’ৰি থাকে। ই ফ্ৰুক্ট’জ আৰু চুক্ৰ’জতো চহকী বাবে খোৱাৰ লগে লগে দেহে তাৎক্ষণিকভাৱে শক্তি লাভ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?