--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্ব কঁঠাল দিৱস। প্ৰতি বছৰে ৪ জুলাইত জেকফ্ৰুট ডে অৰ্থাৎ কঁঠাল দিৱস পালন কৰা হয়। ফল আৰু ইয়াৰ প্ৰকৃতিৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে Jackfruitday.com য়ে Jackfruit Dayৰ সৃষ্টি কৰিছিল। এই ফলটোৱে সমগ্ৰ বিশ্বৰ বহু লোকৰ খাদ্য জীৱনশৈলীত পৰিৱৰ্তন সাধন কৰে বুলি বিশ্বাস কৰা হয়। কঁঠালৰ স্বাস্থ্য গুণাগুণ প্ৰচাৰ কৰাৰ বাবেই কঁঠাল দিৱস পালন কৰা হয়। কঁঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ জাতীয় ফল আৰু ভাৰতৰ তামিলনাডু আৰু কেৰেলাৰ ৰাজ্যিক ফল৷ অসমতো কঁঠালৰ বিশেষ সমাদৰ আছে। ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যতে সৰ্বাধিক কঠাল উৎপন্ন হয়। অসমৰো প্ৰায় ঘৰ মানুহৰে বাৰীত এজোপা হ’লেও কঠালৰ গছ পোৱা যায়। 

কঁঠাল বৰ্ষা কালৰ সুস্বাদু ৰসাল ফল। কঁঠাল গছ অসমৰ মানুহৰ বাৰী বা বন-বননিৰ মাজত হয়। হাবি-জংঘলতো কঁঠাল আপোনা-আপুনি গজে। সাধাৰণতে মাঘ-ফাগুন মাহৰ পৰা কঁঠালৰ কলি ওলাবলৈ আৰম্ভ কৰে, যাক মুচি পেলোৱা বা মুচি ধৰা বুলি কয়। কঁঠাল মুচিৰে অতি সোৱাদযুক্ত ব্যঞ্জন ৰন্ধা হয়। কঁঠাল ব’হাগ, জেঠ, আহাৰ মাহত পুৰঠ হৈ পকিবলৈ ধৰে। কিছুমান কঁঠাল আছে বছৰৰ বাৰমাহে লাগে। কঁঠালক পুষ্টি তথা ঔষধি গুণৰ ভঁৰাল বুলিব পাৰি। 

কঁঠালৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

১)কঁঠালে মানৱ দেহক ৰোগৰ বিৰুদ্ধে সুৰক্ষা প্রদান কৰে।

২)কঠালত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে।

৩)কঁঠালে ৰক্তচাপ নিয়ন্ত্রণ আৰু সুস্থ কলেষ্টেৰলৰ মাত্রা দেহত বজায় ৰখাত সহায় কৰে।

৪)পুষ্টিকৰ তত্বৰে সমৃদ্ধ কঁঠালে মানুহৰ ছাল সুন্দৰ আৰু নিমজ কৰে।

৫) কঁঠালত থকা এন্টিঅক্সিডেন্টবোৰে শৰীৰত ​​শর্কৰাৰ মাত্ৰা এটি সুষম স্তৰলৈ উন্নীত কৰে।

৬) কঁঠালত এন্টি অক্সিডেন্ট, ফাইটোনিউট্ৰিয়েন্টচ আৰু ফ্লেভ’নয়ড থাকে। যিবোৰে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক ফ্ৰী-ৰেডিকেল(মুক্তমূলক) বোৰ নিষ্ক্ৰীয় কৰি শৰীৰক ক’লন কেন্সাৰ, হাওঁফাওঁৰ কেন্সাৰ, মুখ গহ্বৰৰ কেন্সাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে।

৭)পকা কঁঠালত থকা আঁহ(ফাইবাৰ)ৰ আধিক্যই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু হজম শক্তিৰ উন্নতি সাধন কৰে।

৮)কঁঠালত যথেষ্ট পৰিমাণে “কপাৰ” থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিক কৰ্মক্ষম কৰি তোলে আৰু থাইৰয়ড হৰমোনৰ শোষণ আৰু সংশ্লেষণত সহায় কৰে।

৯)কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন-এ থাকে, যিয়ে দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে।

১০)কঁঠালত খনিজ পদাৰ্থবোৰে তেজত ৰক্ত কণিকা গঠনত সহায় কৰি ৰক্তহীনতা ৰোগ প্ৰতিৰোধ কৰে।

১১)পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে।

১২)কঁঠালত থকা এন্টি অক্সিডেন্টে দেহৰ ক্ষতিকাৰক ‘ফ্ৰী-ৰেডিকেলচ’ বোৰ ধ্বংস কৰি বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে।

১৩)কঁঠাল আলচাৰ প্ৰতিৰোধী গুণেৰে ভৰা। ই পেটৰ আলচাৰ নিৰাময় কৰে আৰু পাচন প্ৰণালী শক্তিশালী কৰি হজম প্ৰক্ৰিয়াৰ আসোঁৱাহ দূৰ কৰে।

১৪)কঁঠাল এজমা ৰোগীৰ বাবেও উপকাৰী।

১৫)কঁঠালত যথেষ্ট পৰিমাণে কাৰ্ব’হাইড্ৰেট আৰু কেল’ৰি থাকে। ই ফ্ৰুক্ট’জ আৰু চুক্ৰ’জতো চহকী বাবে খোৱাৰ লগে লগে দেহে তাৎক্ষণিকভাৱে শক্তি লাভ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো