--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ২৩ অক্টোবৰ, সোমবাৰ৷ আজি মহানৱমী৷ দুৰ্গা পূজাৰ মহানৱমীক লৈ উখল-মাখল ৰাজ্য৷ পিছে, কেনে যাব আপোনাৰ আজিৰ দিনটো? জানক দিনটোৰ ৰাশিফল৷ 

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আন ব্যক্তিৰ পৰা সহায় সহযোগিতা মাজেৰে কৰ্মবোৰ‌ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব, মনত সুখ-শান্তি বাঢ়িব যদিও আজি আপুনি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সাৱধান হ'ব নহ'লে সামান্য খেলিমেলি হ'ব পাৰে।

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আয় বাঢ়িব, পাৰিবাৰিক সুখ-শান্তি বাঢ়িব, লগতে আজি আপোনাৰ নতুন নতুন কৰ্ম আৰু ব্যৱসায়িক ক্ষেত্ৰত যোগাযোগ হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, শিল্পী সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ মনৰ চিন্তা ধাৰা উন্নত হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সহযোগিতা লাভ কৰিব, ভাল ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, মনত আনন্দ বাঢ়িব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা প্ৰশংসা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মত সিদ্ধি লাভ কৰাৰ যোগ দেখা যায়।

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটো সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মানসিক সুখ শান্তি বাঢ়িব, পুৰণি সমস্যাৰ সমাধান হ'ব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি: ধনু ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াৰ ব্যস্ততা বাঢ়িব, ধন লাভ হ'ব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব, লগতে আজি আপোনাৰ সম্পদ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে আজি দিনটোত দেহ মনত আঘাত পাৱ পাৰে, সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সংগীত শিল্পীসকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি মনৰ পৰা খং ভাব পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
আগষ্টত ২০০০ কোটি UPI লেনদেন
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান