--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া উৎসৱৰ বতৰ। আনন্দৰ লগতে বৈছে সুৰাৰো ঢল। পুৰুষৰ কেতবোৰ বদ অভ্যাসে নাৰীক বিতুষ্ট কৰি তুলিব পাৰে। তাৰ ভিতৰত সুৰাপান এটা। সুৰাপান কৰা পুৰুষক বহু নাৰীয়ে পচন্দ নকৰে। পুৰুষে সুৰাপান কৰা বুলি জনাৰ পিছত বহু নাৰীয়ে আনকি তেনে পুৰুষৰ সৈতে বিয়াত বহিবলৈও অস্বীকাৰ কৰে।  চাণক্যক  সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰখ্যাত ৰাজকীয় উপদেষ্টা কৌটিল্য বুলিও জনা যায় । চাণক্যই  সম্ভৱতঃ প্ৰথম ব্যক্তি আছিল যিয়ে ৰাজসভাত মদৰ বিৰুদ্ধে মাত মাতিছিল। 

সেই সময়ত  চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্যত  আঙুৰৰ পৰা মদ প্ৰস্তুত কৰা হৈছিল। যাক মধু নামেৰে জনা গৈছিল। চাণক্যই  মধু নামেৰে জনাজাত আঙুৰৰ সুৰাৰ বিৰুদ্ধে মাত মাতিছিল। চাণক্যৰ নীতি অনুসৰি, মানুহে সুৰা বা আন নিচা জাতীয়  আসক্তিৰ পৰা আঁতৰি থাকিব লাগে। যিসকল নিচাগ্ৰস্ত, শত্ৰুৱে  তেওঁলোকক সহজে পৰাজিত কৰিব পাৰে। নিচাত এজন ব্যক্তিয়ে তেওঁৰ বুদ্ধি সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে আৰু এনে ভুল কৰে যাৰ সম্পূৰ্ণ সুবিধা আন মানুহে  ল'ব পাৰে। 

নিচাৰ আসক্তিয়ে স্বাস্থ্যৰ ক্ষতি কৰে। সেয়েহে ইয়াক পৰিহাৰ কৰিব লাগে বুলি চাণক্যই প্ৰায় ২৫০০ বছৰ আগতেই কৈ গৈছে। চাণক্যৰ মতে সুৰা আৰু আন নিচাই সংসাৰ ভাঙিব পাৰে। ইয়াৰ বিপৰীতে চাণক্যই কৈছে যে মহিলাসকলে সদায় পুৰুষৰ ক্ষেত্ৰত কিছুমান গুণ বিচাৰে। এজন আদৰ্শ পুৰুষৰ কি গুণ থাকিব লাগে আৰু মহিলাসকলে তেওঁৰ প্ৰিয় পুৰুষৰ কি গুণ থকাটো  বিচাৰে? এই বিষয়ে চাণক্যই কি কৈছে জানি লওক।

সততা

চাণক্যই কৈছে  যে ব্যক্তিজন তেওঁৰ আচৰণ  আৰু কৰ্মৰ ক্ষেত্ৰত যদি সৎ নহয়, তেন্তে  মহিলাই তেওঁৰ প্ৰতি আকৰ্ষিত নহয়। কাৰণ যিকোনো সম্পৰ্কৰ মূল ভেটি হৈছে সততা।  এনে এক সম্পৰ্ক য’ত সততা নাই  , ইজনে সিজনৰ প্ৰতি সন্মান নাই, সেই সম্পৰ্ক কেতিয়াও সুখী আৰু স্থায়ী হ'ব নোৱাৰে। সৎ মানুহজনে কেতিয়াও তেওঁৰ পত্নী বা প্ৰেমিকাক প্ৰতাৰণা নকৰে। গতিকে মহিলাসকল সহজে সৎ পুৰুষৰ প্ৰতি আকৰ্ষিত হয়। আৰু এই আকৰ্ষণ কেতিয়াও ম্লান নহয়।

সুন্দৰ ব্যৱহাৰ

সকলো মহিলাই পুৰুষৰ  সুন্দৰ আচৰণ পছন্দ কৰে। যিজন ব্যক্তিৰ আচৰণ মধুৰ , তেওঁ মনো  ধুনীয়া হয়। গতিকে মহিলাসকল নম্ৰ পুৰুষসকলৰ প্ৰতি আকৰ্ষিত হয়। তেওঁলোকে তেওঁলোকৰ সুন্দৰ শব্দৰে মহিলাসকলৰ হৃদয় সহজে জিনিব পাৰে। আনহাতে, যিকোনো মহিলাই খহটা বাক্য  ব্যৱহাৰ কৰা পুৰুষসকলৰ পৰা আঁতৰি থাকিব বিচাৰে।

এজন ভাল শ্ৰোতা

আমি সকলোৱে নিজৰ বিষয়ে কথা পাতিবলৈ ভালপাওঁ। কিন্তু কিমানজনে আনৰ কথা শুনে? গতিকে সকলো মহিলাই এজন ভাল শ্ৰোতা হ’ব পৰা  পুৰুষক ভালপায়। মহিলাসকলে এনে এজন ব্যক্তি বিচাৰে যিয়ে তেওঁলোকৰ মনৰ কথা শুনিব। সেয়েহে, মহিলাসকলৰ হৃদয় জয় কৰিবলৈ, পুৰুষে কেৱল নিজৰ বিষয়ে কথা পাতিব নালাগে, আনৰ কথাও ধৈৰ্য্যসহকাৰে শুনিব লাগিব।

ভুল কৰি  ক্ষমা বিচাৰিব পৰাৰ ক্ষমতা

কম- বেছি পৰিমাণে আমি সকলোৱে ভুল কৰোঁ। কিন্তু তেওঁ হৈছে আদৰ্শ ব্যক্তি যিয়ে তেওঁৰ ভুলৰ বাবে ক্ষমা বিচাৰিব পাৰে। আমাৰ মাজৰ বহুতে ভুল কৰিলেও আনকি অহংকাৰৰ বাবে ক্ষমতা বিচাৰিবলৈ দ্বিধা বোধ কৰে   । মহিলাসকল সহজে এনে এজন পুৰুষৰ প্ৰতি আকৰ্ষিত হয় যিয়ে তেওঁৰ ভুলৰ বাবে ক্ষমা বিচাৰিবলৈ কুণ্ঠাবোধ নকৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ