--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাওণ মাহৰ শুক্ল পক্ষৰ পঞ্চম দিনা নাগ পঞ্চমী উৎসৱ পালন কৰা হয়। আজিৰ দিনটোত সাপৰ পূজা কৰিলে জীৱনৰ সকলো কষ্ট দূৰ হয় বুলি বিশ্বাস প্ৰচলিত আছে। স্বয়ং ভগৱান শিৱই ডিঙিত বাসুকি নাগ ধাৰণ কৰে। জ্যোতিষীসকলৰ মতে নাগপঞ্চমীৰ দিনা কিছুমান বিশেষ বস্তু দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। এইবাৰ ০২ আগষ্ট মঙলবাৰে পৰিছে নাগ পঞ্চমী উৎসৱ। নাগ পঞ্চমীৰ দিনা কি দেখিলে এজন ব্যক্তিৰ ভাগ্য জিলিকি উঠে জানো আহক।

১) নেউলক সাপৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি গণ্য কৰা হয়। কিন্তু জ্যোতিষীসকলে নাগ পঞ্চমীৰ দিনা সপোনত নেউল দেখাটো এক শুভ লক্ষণ বুলি গণ্য কৰে। এনে সপোনে আৰ্থিক দিশত আপোনাৰ ভাল দিন আহিব বুলি বুজায়। যদি আপুনি সপোনত এটা নেউল দেখিছে, তেন্তে বুজি লওক যে আপুনি সোনকালে ধনী হ’বলৈ গৈ আছে।

২) নাগ পঞ্চমীৰ দিনা যদি আপুনি কোনো মন্দিৰত শিৱলিঙত মেৰিয়াই বহি থকা সাপ দেখে, তেন্তে বুজিব যে অতি সোনকালে আপোনাৰ ভাগ্য জিলিকি উঠিব। 

৩) নাগ পঞ্চমীৰ দিনা যদি আপুনি গছত উঠি থকা বা ওলমি থকা সাপ দেখা পায় তেন্তে তাক শুভ চিন হিচাপে গণ্য কৰক। গছত উঠি বা ওলমি থকা সাপ এটাই মানুহৰ উন্নতিৰ লক্ষণ বুজায়। অৰ্থাৎ কেৰিয়াৰৰ ফ্ৰণ্টত কিছু ডাঙৰ সফলতা অতি সোনকালে আপোনাৰ পথলৈ আহিব।

৪)নাগ পঞ্চমীৰ দিনা যদি সপোনত এযোৰ নাগ-নাগিন দেখা পায়, তেন্তে সেয়া আপোনাৰ সৌভাগ্য আৰু সুখ আৰু সমৃদ্ধি বৃদ্ধিৰ লক্ষণ। অৰ্থাৎ আপোনাৰ জীৱনত দীৰ্ঘদিনীয়া যিকোনো বিপদ আজিয়েই শেষ হ’বলৈ গৈ আছে।

৫) নাগ পঞ্চমীৰ দিনা সপোনত হাতী দেখিলে তাক আওকাণ নকৰিব। সপোনত হাতী দেখাৰ অৰ্থ হ’ল ক’ৰবাৰ পৰা বহুত টকা পাবলৈ গৈ আছে। অপৰিসীম সম্পদ আৰু সন্মান পাবলৈ গৈ আছে। সপোনত বগা হাতী দেখাটো অতি ভাল। ই বৰ্ধিত সৌভাগ্যৰ লক্ষণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ