--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্বৰাজোত্তৰ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ আজি ওপজা দিন৷ জৱাহৰলাল নেহৰুৰ জয়ন্তী উদযাপনৰ বাবে ভাৰতত ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয়। আজি ভাৰতৰ এলাহাবাদত ১৮৮৯ চনত জন্মগ্ৰহণ কৰা পণ্ডিত নেহৰুৰ ১৩৩সংখ্যক জয়ন্তী উদযাপন কৰা হ’ব৷

শিশু দিৱসৰ আছে এক ইতিহাস৷ কিয় ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয়?
নেহৰুৰ মৃত্যুৰ পূৰ্বে ২০ নৱেম্বৰত শিশু দিৱস উদযাপন কৰা হৈছিল, যাক ৰাষ্ট্ৰসংঘই বিশ্ব শিশু দিৱস হিচাপে পালন কৰিছিল। অৱশ্যে, ১৯৬৪ চনত পণ্ডিত নেহৰুৰ মৃত্যুৰ পাছত তেওঁৰ জয়ন্তী উপলক্ষে শিশু দিৱস উদযাপন কৰিবলৈ ১৪ নৱেম্বৰ দিনটোক বাচনি কৰা হৈছিল৷

নেহৰুৱে বিশ্বাস কৰিছিল যে শিশুসকল সমাজৰ এক ৰাষ্ট্ৰৰ প্ৰকৃত শক্তি আৰু ভেটি। তেওঁ কৈছিল, আজিৰ সন্তানে কাইলৈৰ ভাৰত গঢ়ি তুলিব। আমি তেওঁলোকক যিধৰণে ডাঙৰ কৰিম, সেইটোৱে দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব৷ 

তেওঁৰ কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাখনো গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান স্থাপন কৰা হৈছিল৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি), অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ), আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আইআইএম) স্থাপন এইক্ষেত্ৰত উৎকৃষ্ট উদাহৰণ৷

নেহৰুক প্ৰায়ে ‘চাচা নেহৰু’ নামেৰে মাতিছিল। আজি দেশৰ বিদ্যালয়, শিক্ষানুষ্ঠানসমূহে ক্ৰীড়া অনুষ্ঠান আৰু কুইজ প্ৰতিযোগিতাকে ধৰি বিভিন্ন শৈক্ষিক আৰু অনুপ্ৰেৰণামূলক কাৰ্যসূচীৰে দিনটো উদযাপন কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক