--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্বৰাজোত্তৰ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ আজি ওপজা দিন৷ জৱাহৰলাল নেহৰুৰ জয়ন্তী উদযাপনৰ বাবে ভাৰতত ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয়। আজি ভাৰতৰ এলাহাবাদত ১৮৮৯ চনত জন্মগ্ৰহণ কৰা পণ্ডিত নেহৰুৰ ১৩৩সংখ্যক জয়ন্তী উদযাপন কৰা হ’ব৷

শিশু দিৱসৰ আছে এক ইতিহাস৷ কিয় ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয়?
নেহৰুৰ মৃত্যুৰ পূৰ্বে ২০ নৱেম্বৰত শিশু দিৱস উদযাপন কৰা হৈছিল, যাক ৰাষ্ট্ৰসংঘই বিশ্ব শিশু দিৱস হিচাপে পালন কৰিছিল। অৱশ্যে, ১৯৬৪ চনত পণ্ডিত নেহৰুৰ মৃত্যুৰ পাছত তেওঁৰ জয়ন্তী উপলক্ষে শিশু দিৱস উদযাপন কৰিবলৈ ১৪ নৱেম্বৰ দিনটোক বাচনি কৰা হৈছিল৷

নেহৰুৱে বিশ্বাস কৰিছিল যে শিশুসকল সমাজৰ এক ৰাষ্ট্ৰৰ প্ৰকৃত শক্তি আৰু ভেটি। তেওঁ কৈছিল, আজিৰ সন্তানে কাইলৈৰ ভাৰত গঢ়ি তুলিব। আমি তেওঁলোকক যিধৰণে ডাঙৰ কৰিম, সেইটোৱে দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব৷ 

তেওঁৰ কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাখনো গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান স্থাপন কৰা হৈছিল৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি), অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ), আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আইআইএম) স্থাপন এইক্ষেত্ৰত উৎকৃষ্ট উদাহৰণ৷

নেহৰুক প্ৰায়ে ‘চাচা নেহৰু’ নামেৰে মাতিছিল। আজি দেশৰ বিদ্যালয়, শিক্ষানুষ্ঠানসমূহে ক্ৰীড়া অনুষ্ঠান আৰু কুইজ প্ৰতিযোগিতাকে ধৰি বিভিন্ন শৈক্ষিক আৰু অনুপ্ৰেৰণামূলক কাৰ্যসূচীৰে দিনটো উদযাপন কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু