--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুৰ খবৰ সদায়ে বেদনাদায়ক আৰু যদিহে সেই মৃত্যু অকালমৃত্যু হয় তেন্তে তাৰ দুখ যেন দুগুণে বাঢ়ে। আজিকালি মৃত্যু যেন একেবাৰে সহজ হৈ পৰিছে। চৌপাশৰ পৰা আহি থকা বাতৰিবোৰে যেন কৈ যায় মৃত্যু আজিকালি একেবাৰে সহজ আৰু সুলভ। শেহতীয়াকৈ আহিছে এক মৃত্যুৰ খবৰ। বিয়াঘৰত নাচি নাচিয়ে মৃত্যুক সাবটি ল’লে এজন ব্যক্তিয়ে। বিয়াৰ ৰভাতলীৰ আনন্দময় পৰিৱেশৰ মাজতে হঠাৎ নামি আহিল দুখৰ কলীয়া ডাৱৰ। খুলশালীয়েকৰ বিয়াত মনৰ আনন্দত নাচি থকাৰ সময়তে হঠাৎ ঢলি পৰি মৃত্যুক সাৱটি ল’লে কইনাৰ ভিনিহিয়েকে।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ পালিত। মৃত ব্যক্তিজন ৪২ বৰ্ষীয় আব্দুল চেলিম পাঠান বুলি জানিব পৰা গৈছে। ঘটনা অনুসৰি খুলশালীয়েকৰ বিয়া উপলক্ষে আনন্দত মতলীয়া হৈ পৰিছিল পালিৰ ৰানাবাস ষ্টেছনৰ নিৱাসী আব্দুল চেলিম পাঠান।

চাওক ভিডিঅ’




ৰভাতলীৰ মঞ্চত আন লোকৰ সৈতে তেওঁ ডিজেৰ তালে তালে আনন্দ মনেৰে নাচি থকাৰ সময়তে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ ঢলি পৰে। লগে লগে ব্যক্তিজনক নিকটৱৰ্তী হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

জানিব পৰা মতে, মৃত আব্দুল চেলিম পাঠান এখন চৰকাৰী বিদ্যালয়ৰ শাৰীৰিক শিক্ষাৰ প্ৰশিক্ষক আছিল। আব্দুল চেলিম পাঠানে পত্নীসহ দুই সন্তানক এৰি থৈ গৈছে। এই মৃত্যুৰ ঘটনাই শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোক।







   

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক