--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুৰ খবৰ সদায়ে বেদনাদায়ক আৰু যদিহে সেই মৃত্যু অকালমৃত্যু হয় তেন্তে তাৰ দুখ যেন দুগুণে বাঢ়ে। আজিকালি মৃত্যু যেন একেবাৰে সহজ হৈ পৰিছে। চৌপাশৰ পৰা আহি থকা বাতৰিবোৰে যেন কৈ যায় মৃত্যু আজিকালি একেবাৰে সহজ আৰু সুলভ। শেহতীয়াকৈ আহিছে এক মৃত্যুৰ খবৰ। বিয়াঘৰত নাচি নাচিয়ে মৃত্যুক সাবটি ল’লে এজন ব্যক্তিয়ে। বিয়াৰ ৰভাতলীৰ আনন্দময় পৰিৱেশৰ মাজতে হঠাৎ নামি আহিল দুখৰ কলীয়া ডাৱৰ। খুলশালীয়েকৰ বিয়াত মনৰ আনন্দত নাচি থকাৰ সময়তে হঠাৎ ঢলি পৰি মৃত্যুক সাৱটি ল’লে কইনাৰ ভিনিহিয়েকে।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ পালিত। মৃত ব্যক্তিজন ৪২ বৰ্ষীয় আব্দুল চেলিম পাঠান বুলি জানিব পৰা গৈছে। ঘটনা অনুসৰি খুলশালীয়েকৰ বিয়া উপলক্ষে আনন্দত মতলীয়া হৈ পৰিছিল পালিৰ ৰানাবাস ষ্টেছনৰ নিৱাসী আব্দুল চেলিম পাঠান।

চাওক ভিডিঅ’




ৰভাতলীৰ মঞ্চত আন লোকৰ সৈতে তেওঁ ডিজেৰ তালে তালে আনন্দ মনেৰে নাচি থকাৰ সময়তে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ ঢলি পৰে। লগে লগে ব্যক্তিজনক নিকটৱৰ্তী হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

জানিব পৰা মতে, মৃত আব্দুল চেলিম পাঠান এখন চৰকাৰী বিদ্যালয়ৰ শাৰীৰিক শিক্ষাৰ প্ৰশিক্ষক আছিল। আব্দুল চেলিম পাঠানে পত্নীসহ দুই সন্তানক এৰি থৈ গৈছে। এই মৃত্যুৰ ঘটনাই শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোক।







   

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু