--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে উত্তৰ প্রদেশ আৰু মধ্য প্রদেশ ভ্রমণ কৰিব। এই ভ্রমণকালত তেওঁ বাৰানসীলৈ যাত্ৰা কৰাৰ লগতে ৩৪০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে কেইবাটাও প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰলৈ ৭০ বছৰৰ ঊর্ধ্বৰ বয়সৰ জ্যেষ্ঠ নাগৰিকসকলক আয়ুষ্মান বয়' বন্দনা কার্ডো বিতৰণ কৰিব। বাৰানসীৰ পথ যোগাযোগকে ধৰি আন্তঃগাঁথনি উন্নয়নৰ বাবে প্রধানমন্ত্রীয়ে কেইবাটাও পথ তথা আন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাসো কৰিব। 

তেওঁ লগতে দুটা ৪০০ কিল'ভল্ট আৰু এটা ২২০ কিল'ভল্ট শক্তিসম্পন্ন বিদ্যুৎ উপকেন্দ্ৰ আৰু বিদ্যুৎ পৰিবাহী লাইন মুকলি কৰিব। বাৰানসী সংমণ্ডলৰ জোনপুৰ, চন্দৌলি আৰু গাজীপুৰত ১০৪৫ কোটিৰো অধিক ব্যয়েৰে এই প্রকল্পসমূহ সাজু কৰি তোলা হৈছে। 

মধ্য প্রদেশত মোদীয়ে আনন্দপুৰ ধামত এটা ৰাজহুৱা অনুষ্ঠানত অংশ লোৱাৰ লগতে জনসভাক সম্বোধন কৰিব। তেওঁ ইছাগড় গুৰুজী মহাৰাজ মন্দিৰো দৰ্শন কৰিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক