--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজ পত্নীক বিচাৰি হাবাথুৰি খাইছে এজন স্বামীয়ে। তেওঁ অভিযোগ কৰিছে যে তেওঁৰ পত্নীয়ে পলায়ন কৰি আন এজন ল’ৰাক বিয়া কৰাইছে আৰু স্বামীলৈ ঘূৰি আহিবলৈ কেতিয়াও সাজু নহয়। বিহাৰৰ বেগুচৰাইত ঘটিছে এই ঘটনা।

স্বামীয়ে সদৰ চিকিৎসালয়ৰ বাহিৰত পত্নীৰ বাবে হাই ভল্টেজৰ নাটক সৃষ্টি কৰিছিল। আৰক্ষীয়ে তেওঁক উঠাই আনিবলৈ চেষ্টা কৰিছিল যদিও ৰাস্তাত বাগৰি বাগৰি কান্দি কান্দি কয় যে ''মোক মোৰ পত্নীক লাগে।''

মুফাছিল থানা এলেকাৰ সাংখ গাঁৱৰ বাসিন্দা মহম্মদ শ্বাহজাদে ২০২১ চনত চাহেবপুৰ কমল থানা এলেকাৰ সানহা নিবাসী আইছাক বিয়া পাতিছিল। কিন্তু কিছুদিনৰ পূ্ৰ্বে বিকাশ পাছৱান নামৰ এজন যুৱকে আইছাক পলুৱাই লৈ যায়। মহম্মদ শ্বাহজাদে বিকাশ পাছৱানৰ বিৰুদ্ধে তেওঁৰ পত্নীক প্ৰলোভিত কৰি অপহৰণ কৰি লৈ যোৱা বুলি আৰক্ষী থানাত গোচৰ তৰে। আৰক্ষীয়ে বিকাশ পাছৱানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাছত আয়েছা আদালতত উপস্থিত হয়। এনে পৰিস্থিতিত আজি আৰক্ষীয়ে তেওঁক চিকিৎসা পৰীক্ষাৰ বাবে সদৰ চিকিৎসালয়লৈ লৈ আহে।

তেতিয়াই চিকিৎসালয়ৰ বাহিৰত মহম্মদ শ্বাহজাদে কান্দি কাটি কয় যে ''মোক মোৰ পত্নীক লাগে।'' পুলিচৰ লগত কাজিয়া হোৱাৰ পাছতো তেওঁ কৈয়েই থাকিল যে ''মোক মোৰ পত্নীক লাগে।'' 

আনহাতে, তেওঁৰ পত্নী আয়েছাই অভিযোগ কৰে যে তেওঁৰ স্বামীয়ে বিয়াৰ পিছত তেওঁক অত্যাচাৰ কৰিছিল। ইয়াৰ মাজতে তেওঁলোকৰ ছোৱালী এজনীও হ'ল তাৰপাছতো তেওঁ তাইক মাৰপিট কৰিছিল। ইয়াৰ মাজতে বিকাশ পাছৱানৰ সংস্পৰ্শলৈ আহিল আয়েছা। ইয়াৰ পিছত তাই তাৰ লগত ঘৰৰ পৰা পলাই গৈ এটা মন্দিৰত বিয়া পাতিলে।

আয়েছাই কয় যে তাই স্বামীৰ লগত থাকিব নিবিচাৰে। স্বামীয়ে তাইক অত্যাচাৰ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক