--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰীদেৱীৰ  আজি জন্মদিন। ১৯৬৩ চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল মোহময়ী অভিনেত্ৰীগৰাকীৰ।২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰীত ডুবাইত এক অনাহুত পৰিস্থিতিৰ মাজত  মৃত্যু হোৱা শ্ৰীদেৱীৰ মৃত্যু ৰহস্য আজিও ৰহস্য হৈয়েই ৰ’ল।   নিজস্বশৈলীৰ অপূৰ্ব অভিনয়ৰ জৰিয়তে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা  মোহময়ী অভিনেত্ৰীগৰাকীৰ জন্মদিনটোত আজি তেওঁক বিশেষভাৱে সোঁৱৰণ কৰিছে তেওঁৰ কন্যা জাহ্নবী কাপুৰৰ লগতে অজস্ৰ গুণমুগ্ধই।

জাহ্নৱী কাপুৰ আৰু সুখী কাপুৰে মাক শ্ৰীদেৱীৰ ৫৯ সংখ্যক জন্মদিনটোত আৱেগিক পোষ্ট কৰা দেখা গৈছে। ইনষ্টাগ্ৰামত জাহ্নৱী কাপুৰে শ্ৰীদেৱীৰ সৈতে নিজৰ শৈশৱৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, "শুভ জন্মদিন মামা ,মই তোমাক প্ৰতিদিনে বৰকৈ মিছ কৰোঁ। মই তোমাক চিৰদিনৰ বাবে ভালপাওঁ"। 

ছবিখনত শ্ৰীদেৱীয়ে কেমেৰাৰ বাবে ভংগীমা দিয়াৰ সময়ত  জাহ্নৱীক আলিঙ্গন কৰা দেখা গৈছে। আনহাতে, খুশীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত এখন একৰঙী ছবি পোষ্ট কৰিছে। য'ত প্ৰয়াত  অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কন্যা খুশীৰ গালত হাত বুলাই মৰম কৰি থকা  দেখা গৈছে। 


জনপ্ৰিয় অভিনেত্ৰী শ্ৰীদেৱীৰ ২০১৮ চনত মৃত্যু হৈছিল।  কৰণ জোহৰৰ কফি উইথ কৰণ ৭-ৰ শেহতীয়া খণ্ডত জাহ্নৱী কাপুৰে তেওঁৰ মাক শ্ৰীদেৱীক হেৰুওৱাৰ পিছত জীৱন কেনেদৰে সলনি হৈছিল সেই বিষয়ে মুকলি কৈছিল। "মই এতিয়া জীয়াই থকাৰ বাস্তৱতাটো বুজি পাইছো।  

মই মোৰ ল্মৃতিত মাক ধৰি ৰাখিছোঁ আৰু সংৰক্ষণ কৰিছোঁ ।" তেওঁ লগতে কয়, "প্ৰায়ে অনুভৱ হয় যে মাৰ মৃত্যু এতিয়াও মোৰ বাবে ভাবিব নোৱাৰা কথা। " জাহ্নৱী আৰু সুখী কাপুৰ শ্ৰীদেৱী আৰু বনি কাপুৰৰ কন্যা।  জাহ্নৱী কাপুৰক অলপতে ’গুডলাক জেৰী’ত দেখা গৈছিল। আনহাতে, সুখীয়ে ’দ্য আৰ্চিছ’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব।দুয়োগৰাকীয়েই মাকৰ দৰেই অভিনয়ত অতি নিপুন বুলি প্ৰমাণ কৰিব পাৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ