--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰীদেৱীৰ  আজি জন্মদিন। ১৯৬৩ চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল মোহময়ী অভিনেত্ৰীগৰাকীৰ।২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰীত ডুবাইত এক অনাহুত পৰিস্থিতিৰ মাজত  মৃত্যু হোৱা শ্ৰীদেৱীৰ মৃত্যু ৰহস্য আজিও ৰহস্য হৈয়েই ৰ’ল।   নিজস্বশৈলীৰ অপূৰ্ব অভিনয়ৰ জৰিয়তে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা  মোহময়ী অভিনেত্ৰীগৰাকীৰ জন্মদিনটোত আজি তেওঁক বিশেষভাৱে সোঁৱৰণ কৰিছে তেওঁৰ কন্যা জাহ্নবী কাপুৰৰ লগতে অজস্ৰ গুণমুগ্ধই।

জাহ্নৱী কাপুৰ আৰু সুখী কাপুৰে মাক শ্ৰীদেৱীৰ ৫৯ সংখ্যক জন্মদিনটোত আৱেগিক পোষ্ট কৰা দেখা গৈছে। ইনষ্টাগ্ৰামত জাহ্নৱী কাপুৰে শ্ৰীদেৱীৰ সৈতে নিজৰ শৈশৱৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, "শুভ জন্মদিন মামা ,মই তোমাক প্ৰতিদিনে বৰকৈ মিছ কৰোঁ। মই তোমাক চিৰদিনৰ বাবে ভালপাওঁ"। 

ছবিখনত শ্ৰীদেৱীয়ে কেমেৰাৰ বাবে ভংগীমা দিয়াৰ সময়ত  জাহ্নৱীক আলিঙ্গন কৰা দেখা গৈছে। আনহাতে, খুশীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত এখন একৰঙী ছবি পোষ্ট কৰিছে। য'ত প্ৰয়াত  অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কন্যা খুশীৰ গালত হাত বুলাই মৰম কৰি থকা  দেখা গৈছে। 


জনপ্ৰিয় অভিনেত্ৰী শ্ৰীদেৱীৰ ২০১৮ চনত মৃত্যু হৈছিল।  কৰণ জোহৰৰ কফি উইথ কৰণ ৭-ৰ শেহতীয়া খণ্ডত জাহ্নৱী কাপুৰে তেওঁৰ মাক শ্ৰীদেৱীক হেৰুওৱাৰ পিছত জীৱন কেনেদৰে সলনি হৈছিল সেই বিষয়ে মুকলি কৈছিল। "মই এতিয়া জীয়াই থকাৰ বাস্তৱতাটো বুজি পাইছো।  

মই মোৰ ল্মৃতিত মাক ধৰি ৰাখিছোঁ আৰু সংৰক্ষণ কৰিছোঁ ।" তেওঁ লগতে কয়, "প্ৰায়ে অনুভৱ হয় যে মাৰ মৃত্যু এতিয়াও মোৰ বাবে ভাবিব নোৱাৰা কথা। " জাহ্নৱী আৰু সুখী কাপুৰ শ্ৰীদেৱী আৰু বনি কাপুৰৰ কন্যা।  জাহ্নৱী কাপুৰক অলপতে ’গুডলাক জেৰী’ত দেখা গৈছিল। আনহাতে, সুখীয়ে ’দ্য আৰ্চিছ’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব।দুয়োগৰাকীয়েই মাকৰ দৰেই অভিনয়ত অতি নিপুন বুলি প্ৰমাণ কৰিব পাৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক