--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰে ঘৰে জাতীয় পতাকা উৰুৱাবলৈ জনোৱা আহ্বানৰ প্ৰতি দেশৰ কোটি কোটি লোকে সঁহাৰি জনাইছে। কেৱল শান্তিপ্ৰিয় সাধাৰণ জনতাই নহয়, সন্ত্ৰাসবাদীৰ পৰিয়ালেও মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে । কাশ্মীৰক অশান্ত কৰি ৰখা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংঘঠন লস্কৰ ই তৈবাৰ সদস্যৰ পৰিয়ালেও জাতীয় পতাকা উৰুৱাই দেশভক্তিৰ পৰিচয় দিছে।

লস্কৰ-ই-তৈবা (এল ই টি)ৰ সদস্য খোবেইৰৰ পৰিয়ালে জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ দূৰৱৰ্তী অঞ্চল ভাৰত বাগলাত পতাকা উত্তোলন কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'হৰ ঘৰ তিৰঙ্গা' কাৰ্যসূচীৰ অংশ হিচাপে লস্কৰ-ই-তৈবাৰ  এজন সদস্যৰ  পৰিয়ালে দেশৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ কথাই এতিয়া চৰ্চা লাভ কৰিছে। লস্কৰ-ই-তৈবাৰ উগ্ৰপন্থী খোবেইৰৰ পৰিয়ালে স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ  ভাৰত বাগলাত পতাকা উত্তোলন কৰি পতাকাৰ তলত সমবেত হয় আৰু পতাকাক অভিবাদন জনায়।

এটা সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত খোবেইৰৰ ভাতৃ শ্বামছ দিন চৌধুৰী আৰু নজব দিন চৌধুৰীয়ে কয়, "আমি ভাৰতীয় হিচাপে গৌৰৱান্বিত"। লস্কৰ ই তৈবাৰ সদস্যজনৰ  পৰিয়ালৰ বাকী সদস্যসকলেও কয়  যে চৰকাৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ বাবে সকলোকে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান জনোৱাত তেওঁলোক সুখী।

খোবেইৰৰ পৰিয়ালৰ সদস্যসকলে কয়  যে তেওঁলোকে প্ৰথমবাৰৰ বাবে ভাৰতীয় পতাকা উত্তোলন কৰাৰ সুযোগ পাইছে। ইয়াৰ বাবে তেওঁলোকে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

১৫ আগষ্ট ভাৰতৰ ৭৫ তম স্বাধীনতা দিৱস। এই বছৰৰ স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে 'আজাদী কা অমৃত মহোৎসৱ' উদযাপনৰ আহ্বান জনাইছে। আৰু সেই উদযাপনৰ অংশ হিচাপে, 'হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী গ্ৰহণ  কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ