--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰে ঘৰে জাতীয় পতাকা উৰুৱাবলৈ জনোৱা আহ্বানৰ প্ৰতি দেশৰ কোটি কোটি লোকে সঁহাৰি জনাইছে। কেৱল শান্তিপ্ৰিয় সাধাৰণ জনতাই নহয়, সন্ত্ৰাসবাদীৰ পৰিয়ালেও মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে । কাশ্মীৰক অশান্ত কৰি ৰখা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংঘঠন লস্কৰ ই তৈবাৰ সদস্যৰ পৰিয়ালেও জাতীয় পতাকা উৰুৱাই দেশভক্তিৰ পৰিচয় দিছে।

লস্কৰ-ই-তৈবা (এল ই টি)ৰ সদস্য খোবেইৰৰ পৰিয়ালে জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ দূৰৱৰ্তী অঞ্চল ভাৰত বাগলাত পতাকা উত্তোলন কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'হৰ ঘৰ তিৰঙ্গা' কাৰ্যসূচীৰ অংশ হিচাপে লস্কৰ-ই-তৈবাৰ  এজন সদস্যৰ  পৰিয়ালে দেশৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ কথাই এতিয়া চৰ্চা লাভ কৰিছে। লস্কৰ-ই-তৈবাৰ উগ্ৰপন্থী খোবেইৰৰ পৰিয়ালে স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ  ভাৰত বাগলাত পতাকা উত্তোলন কৰি পতাকাৰ তলত সমবেত হয় আৰু পতাকাক অভিবাদন জনায়।

এটা সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত খোবেইৰৰ ভাতৃ শ্বামছ দিন চৌধুৰী আৰু নজব দিন চৌধুৰীয়ে কয়, "আমি ভাৰতীয় হিচাপে গৌৰৱান্বিত"। লস্কৰ ই তৈবাৰ সদস্যজনৰ  পৰিয়ালৰ বাকী সদস্যসকলেও কয়  যে চৰকাৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ বাবে সকলোকে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান জনোৱাত তেওঁলোক সুখী।

খোবেইৰৰ পৰিয়ালৰ সদস্যসকলে কয়  যে তেওঁলোকে প্ৰথমবাৰৰ বাবে ভাৰতীয় পতাকা উত্তোলন কৰাৰ সুযোগ পাইছে। ইয়াৰ বাবে তেওঁলোকে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

১৫ আগষ্ট ভাৰতৰ ৭৫ তম স্বাধীনতা দিৱস। এই বছৰৰ স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে 'আজাদী কা অমৃত মহোৎসৱ' উদযাপনৰ আহ্বান জনাইছে। আৰু সেই উদযাপনৰ অংশ হিচাপে, 'হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী গ্ৰহণ  কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ