--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান আজি এছিয়া কাপ ক্ৰিকেটত পৰস্পৰ  মুখামুখি হ'ব। খেলখন আৰম্ভ হোৱাৰ আগেয়ে দুয়ো দলৰ সমৰ্থকৰ মাজত ইতিমধ্যে তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে। শেহতীয়া  সময়ছোৱাত দুই চিৰপ্রতিদ্বন্দ্বী খুব কমেইহে মুখামুখি হৈছে । সেয়ে এই দুয়োটা দল যেতিয়াই খেলপথাৰত নামে তেতিয়াই ক্ৰিড়াপ্ৰেমীৰ মাজত আৰম্ভ হয় উত্তেজনা-উন্মাদনা। সেই উত্তেজনা-উন্মাদনা একাষৰীয়া কৰি আজি পাকিস্তানৰ বিৰুদ্ধে শ্ৰীলংকাৰ পাল্লেকেলেত অৱতীৰ্ণ হ'ব ৰোহিত শর্মা বাহিনী। এছিয়া কাপৰ আটাইতকৈ হাইভল্টেজ মেচখন চাবলৈ সাজু হৈছে বিশ্ববাসী। ভাৰতৰ প্ৰতিগৰাকী ক্রীড়াপ্ৰেমীৰ বাবে এই খেল হ’ব অতি ৰোমাঞ্চকৰ।

এছিয়া কাপত এদিনীয়া সংস্কৰণত ভাৰত আৰু পাকিস্তান এই পর্যন্ত ১৪ বাৰ মুখামুখি হৈছে। ইয়াৰ ৭খনত ভাৰত জয়ী হৈছে। পাকিস্তানে জয়লাভ কৰিছে ৫খন খেলত। অন্তিম ৫বাৰৰ মুখামুখিত ভাৰতে ৪ বাৰেই জয়ী হৈছে। এদিনীয়াত পাকিস্তানৰ হাতত ভাৰতে ২০১৪ চনত পৰাজিত হৈছিল। এইবাৰৰ এছিয়া কাপত নেপালক নিজৰ প্ৰথম খেলত বৃহৎ ব্যৱধানত পৰাজিত কৰে পাকিস্তানে।

লক্ষণীয়ভাৱে ভাৰত বনাম পাকিস্তানৰ খেলসমূহ অনুৰাগীসকলৰ বাবে সদায় উত্তেজনাপূৰ্ণ হয় হয়। ৰাজনৈতিক পৰিপ্ৰেক্ষিতত যিহেতু ভাৰতীয় দলটোৱে পাকিস্তান ভ্ৰমণ কৰা নাই সেয়ে দুয়োটা দলৰে খেল নিৰপেক্ষ স্থান হিচাপে শ্রীলংকাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে বাবৰ আজমৰ নেতৃত্বত খেলা পাকিস্তানৰ দলটোৰ  বিৰুদ্ধে আন এক জয়ৰ বাবে অধিক আগ্ৰহী হৈ পৰিছে। বিয়লি ৩-০০ বজাত আৰম্ভ হ’বলগীয়া বহু প্ৰত্যাশিত হাইভ'ল্টেজ মেচখন চাবলৈ এতিয়া অপেক্ষা বিশ্ববাসীৰ৷কিন্তু ইয়াৰ মাজতে বহুতৰে মনত উদয় হৈছে এক চিন্তা- বৰষুণে বিধি-পছালি দিব নেকি খেল খনত? 






FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ