--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান আজি এছিয়া কাপ ক্ৰিকেটত পৰস্পৰ  মুখামুখি হ'ব। খেলখন আৰম্ভ হোৱাৰ আগেয়ে দুয়ো দলৰ সমৰ্থকৰ মাজত ইতিমধ্যে তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে। শেহতীয়া  সময়ছোৱাত দুই চিৰপ্রতিদ্বন্দ্বী খুব কমেইহে মুখামুখি হৈছে । সেয়ে এই দুয়োটা দল যেতিয়াই খেলপথাৰত নামে তেতিয়াই ক্ৰিড়াপ্ৰেমীৰ মাজত আৰম্ভ হয় উত্তেজনা-উন্মাদনা। সেই উত্তেজনা-উন্মাদনা একাষৰীয়া কৰি আজি পাকিস্তানৰ বিৰুদ্ধে শ্ৰীলংকাৰ পাল্লেকেলেত অৱতীৰ্ণ হ'ব ৰোহিত শর্মা বাহিনী। এছিয়া কাপৰ আটাইতকৈ হাইভল্টেজ মেচখন চাবলৈ সাজু হৈছে বিশ্ববাসী। ভাৰতৰ প্ৰতিগৰাকী ক্রীড়াপ্ৰেমীৰ বাবে এই খেল হ’ব অতি ৰোমাঞ্চকৰ।

এছিয়া কাপত এদিনীয়া সংস্কৰণত ভাৰত আৰু পাকিস্তান এই পর্যন্ত ১৪ বাৰ মুখামুখি হৈছে। ইয়াৰ ৭খনত ভাৰত জয়ী হৈছে। পাকিস্তানে জয়লাভ কৰিছে ৫খন খেলত। অন্তিম ৫বাৰৰ মুখামুখিত ভাৰতে ৪ বাৰেই জয়ী হৈছে। এদিনীয়াত পাকিস্তানৰ হাতত ভাৰতে ২০১৪ চনত পৰাজিত হৈছিল। এইবাৰৰ এছিয়া কাপত নেপালক নিজৰ প্ৰথম খেলত বৃহৎ ব্যৱধানত পৰাজিত কৰে পাকিস্তানে।

লক্ষণীয়ভাৱে ভাৰত বনাম পাকিস্তানৰ খেলসমূহ অনুৰাগীসকলৰ বাবে সদায় উত্তেজনাপূৰ্ণ হয় হয়। ৰাজনৈতিক পৰিপ্ৰেক্ষিতত যিহেতু ভাৰতীয় দলটোৱে পাকিস্তান ভ্ৰমণ কৰা নাই সেয়ে দুয়োটা দলৰে খেল নিৰপেক্ষ স্থান হিচাপে শ্রীলংকাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে বাবৰ আজমৰ নেতৃত্বত খেলা পাকিস্তানৰ দলটোৰ  বিৰুদ্ধে আন এক জয়ৰ বাবে অধিক আগ্ৰহী হৈ পৰিছে। বিয়লি ৩-০০ বজাত আৰম্ভ হ’বলগীয়া বহু প্ৰত্যাশিত হাইভ'ল্টেজ মেচখন চাবলৈ এতিয়া অপেক্ষা বিশ্ববাসীৰ৷কিন্তু ইয়াৰ মাজতে বহুতৰে মনত উদয় হৈছে এক চিন্তা- বৰষুণে বিধি-পছালি দিব নেকি খেল খনত? 






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু