--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোদীয়ে আজি আওপকীয়াকৈ হ’লেও উচ্চতম ন্যায়ালয়ক উদ্দেশ্যি তীৰ্যক মন্তব্য কৰে৷  উত্তৰ প্ৰদেশৰ ছম্বলত  কল্কি ধাম মন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে  আজি যদি সুদামাই কৃষ্ণক  চাউল দিয়ে, ভিডিঅ'টো প্ৰকাশ হ’লহেঁতেন, উচ্চতম ন্যায়ালয়তো এই বিষয়ত  পিআইএল হ'লহেঁতেন আৰু ৰায় আহিলহেঁতেন - ঈশ্বৰে দুৰ্নীতি কৰি আছে! মোদীয়ে তেওঁৰ এনে মন্ব্যৰ জড়িয়তে ইয়াকে বুজাব বিচাৰে যে এতিয়া কোনোবাই কাৰোবাক কিবা সহায় কৰিলেও সেয়া দুৰ্নীতি বুলি গণ্য কৰা হয়৷ 


উল্লেখ্য উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ পিছত ছম্বলৰ  কল্কি ধামৰ গৰ্ভৰ আধাৰশিলা স্থাপন কৰা হয়। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থাকে৷  প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাৰ্থনা কৰাৰ পিছত তাত উপস্থিত  লোকসকলক সম্বোধন কৰে৷ 

মোদীয়ে কয় যে আজি যদি সুদামাই ভগৱান কৃষ্ণক এমুঠি  চাউলো দিলেহেঁতেন , তেন্তে সেই  ভিডিঅ'টোও ভাইৰেল হৈ পৰিলেহেঁতেন৷ বহুতে আনকি উচ্চতম ন্যায়ালয়লৈ গ’লহেঁতেন  আৰু  ভগৱান কৃষ্ণৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিলেহেঁতেন৷   পিছত ৰায় আহিলহেঁতেন যে ভগৱান কৃষ্ণই দুৰ্নীতি কৰিছে৷  

মোদীয়ে লগতে কয় "আজি আচাৰ্য প্ৰমোদে কৈছিল যে মোক দিবলৈ তেওঁৰ একো নাই। মই কেৱল আৱেগ দিব পাৰো। ভাল কথা তেওঁলোকৰ দিবলৈ একো নাই। আজি পৃথিৱীখন সলনি হৈছে। আজি যদি সুদামাই ভগৱান কৃষ্ণক এমুঠি  চাউলো দিলেহেঁতেন , তেন্তে সেই  ভিডিঅ'টোও ভাইৰেল হৈ পৰিলেহেঁতেন৷ বহুতে আনকি উচ্চতম ন্যায়ালয়লৈ গ’লহেঁতেন  আৰু  ভগৱান কৃষ্ণৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিলেহেঁতেন৷   পিছত ৰায় আহিলহেঁতেন যে ভগৱান কৃষ্ণই দুৰ্নীতি কৰিছে৷  মোক এনে  অনুভৱ কৰিবলৈ দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছো।"

কল্কি ধামত উপস্থিত থকা লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি ছম্বলত  আন এখন  পবিত্ৰ তীৰ্থস্থানৰ ভেটি স্থাপন কৰা হৈছে। ৰাম আৰু কৃষ্ণৰ দেশৰ পৰা ভক্তি আৰু আধ্যাত্মিকতাৰ আন এক ধাৰা প্ৰবাহিত হ'বলৈ গৈ আছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী