--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোদীয়ে আজি আওপকীয়াকৈ হ’লেও উচ্চতম ন্যায়ালয়ক উদ্দেশ্যি তীৰ্যক মন্তব্য কৰে৷  উত্তৰ প্ৰদেশৰ ছম্বলত  কল্কি ধাম মন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে  আজি যদি সুদামাই কৃষ্ণক  চাউল দিয়ে, ভিডিঅ'টো প্ৰকাশ হ’লহেঁতেন, উচ্চতম ন্যায়ালয়তো এই বিষয়ত  পিআইএল হ'লহেঁতেন আৰু ৰায় আহিলহেঁতেন - ঈশ্বৰে দুৰ্নীতি কৰি আছে! মোদীয়ে তেওঁৰ এনে মন্ব্যৰ জড়িয়তে ইয়াকে বুজাব বিচাৰে যে এতিয়া কোনোবাই কাৰোবাক কিবা সহায় কৰিলেও সেয়া দুৰ্নীতি বুলি গণ্য কৰা হয়৷ 


উল্লেখ্য উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ পিছত ছম্বলৰ  কল্কি ধামৰ গৰ্ভৰ আধাৰশিলা স্থাপন কৰা হয়। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থাকে৷  প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাৰ্থনা কৰাৰ পিছত তাত উপস্থিত  লোকসকলক সম্বোধন কৰে৷ 

মোদীয়ে কয় যে আজি যদি সুদামাই ভগৱান কৃষ্ণক এমুঠি  চাউলো দিলেহেঁতেন , তেন্তে সেই  ভিডিঅ'টোও ভাইৰেল হৈ পৰিলেহেঁতেন৷ বহুতে আনকি উচ্চতম ন্যায়ালয়লৈ গ’লহেঁতেন  আৰু  ভগৱান কৃষ্ণৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিলেহেঁতেন৷   পিছত ৰায় আহিলহেঁতেন যে ভগৱান কৃষ্ণই দুৰ্নীতি কৰিছে৷  

মোদীয়ে লগতে কয় "আজি আচাৰ্য প্ৰমোদে কৈছিল যে মোক দিবলৈ তেওঁৰ একো নাই। মই কেৱল আৱেগ দিব পাৰো। ভাল কথা তেওঁলোকৰ দিবলৈ একো নাই। আজি পৃথিৱীখন সলনি হৈছে। আজি যদি সুদামাই ভগৱান কৃষ্ণক এমুঠি  চাউলো দিলেহেঁতেন , তেন্তে সেই  ভিডিঅ'টোও ভাইৰেল হৈ পৰিলেহেঁতেন৷ বহুতে আনকি উচ্চতম ন্যায়ালয়লৈ গ’লহেঁতেন  আৰু  ভগৱান কৃষ্ণৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিলেহেঁতেন৷   পিছত ৰায় আহিলহেঁতেন যে ভগৱান কৃষ্ণই দুৰ্নীতি কৰিছে৷  মোক এনে  অনুভৱ কৰিবলৈ দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছো।"

কল্কি ধামত উপস্থিত থকা লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি ছম্বলত  আন এখন  পবিত্ৰ তীৰ্থস্থানৰ ভেটি স্থাপন কৰা হৈছে। ৰাম আৰু কৃষ্ণৰ দেশৰ পৰা ভক্তি আৰু আধ্যাত্মিকতাৰ আন এক ধাৰা প্ৰবাহিত হ'বলৈ গৈ আছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু