--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃ-মাতৃয়ে নিজ সন্তানক বৰ মৰমেৰে ডাঙৰ-দীঘল কৰে। নিজৰ সপোন পূৰ নহ'লেও সন্তানৰ সপোন পূৰণ কৰিবলৈ উঠিপৰি লাগে। কিন্তু যেতিয়া সন্তানে নিজ সুখৰ বাবে পিতৃ-মাতৃকো ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰে তেতিয়া পিতৃ-মাতৃৰ মন দুখত কাতৰ হৈ পৰে। 

কেৰালাৰ কোল্লাম জিলাত এক কৰুণ ঘটনা সংঘটিত হৈছে। নিজ কন্যাৰ প্ৰেমত ভীষণ অসন্তুষ্ট আছিল এহাল পিতৃ-মাতৃ। কলেজত পঢ়ি থকা কন্যাই ল'ৰা এজনৰ প্ৰেমত পৰে। যেতিয়া কন্যাৰ প্ৰেমৰ সম্পৰ্কৰ কথা পিতৃ-মাতৃয়ে গম পালে, তেতিয়া তেওঁলোকে ইয়াৰ বিৰোধিতা কৰে। পিতৃ-মাতৃয়ে বিশ্বাস কৰিছিল যে ল’ৰাটো তেওঁলোকৰ ছোৱালীজনীৰ বাবে যোগ্য নহয়।

পিতৃ-মাতৃয়ে একমাত্ৰ কন্যাক সম্পৰ্কটোৰ পৰা ওলাই আহিবলৈ বাৰে বাৰে অনুৰোধ কৰিছিল। কিন্তু মাক-দেউতাকৰ কথা নামানি প্ৰেম চলাই গ'ল কন্যাই। মাক-দেউতাকৰ হাজাৰ আপত্তি স্বত্তেও যুৱতীগৰাকীয়ে সম্পৰ্কটোক আগুৱাই লৈ যায়।

মাক-দেউতাকৰ বিৰোধিতা দেখি এদিন ছোৱালীজনীয়ে প্ৰেমিকৰ সৈতে ঘৰৰ পৰা পলাই যায়। মৰমৰ কন্যাৰ পলায়নৰ পাছত পিতৃ-মাতৃ অতি দুখী হৈ পৰিল। তেওঁলোকে হতাশাত জীয়াই থাকিবলৈ আৰম্ভ কৰিলে। 

আৰক্ষীৰ সূত্ৰ অনুসৰি ছোৱালীজনীৰ পিতৃ-মাতৃয়ে টোপনিৰ ঔষধ খাই আত্মহত্যা কৰে। আৰক্ষীয়ে তেওঁলোকক মৃত অৱস্থাত উদ্ধাৰ কৰে। 

নিহত লোকজন উন্নিকৃষ্ণ পিল্লাই(৫৫) আৰু তেওঁৰ পত্নী বিন্দু পিল্লাই(৪৭) বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে, কন্যাৰ সম্পৰ্কৰ বাবে পিল্লাই দম্পতী মানসিকভাৱে ভাগি পৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement