--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্ব চলচ্চিত্ৰ উদ্যাগৰ আটাইতকৈ প্ৰণিধানযোগ্য আৰু বৃহৎ সন্মান হ’ল অস্কাৰ বঁটা৷ বহুকেইজন চলচ্চিত্ৰ উদ্যোগৰ মহান ভাৰতীয় ব্যক্তি আৰু বহুকেইখন চলচ্চিত্ৰ অস্কাৰ সন্মানৰ বাবে মনোনীত হৈছে৷ বৰ্তমানলৈকে মুঠ ৮জন ভাৰত মাতৃৰ সুযোগ্য সন্তানে এই উল্লেখনীয় সন্মানটি লাভ কৰিছে৷

 দেশৰ সেই সুযোগ্য সন্তানকেইজন হ’ল-

১. সত্যজিৎ ৰায়ঃ-১৯৯২চনত প্ৰসিদ্ধ ভাৰতীয় চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ক জীৱনজোৰা সাধনাৰ বাবে ৬৪তম্ অস্কাৰ বঁটা সন্মিলনত এই পুৰস্কাৰ লাভ কৰে৷

২. ভানু আথাইয়াঃ-বিশ্ববিশ্ৰুত ভাৰতীয় ভানু আথাইয়াই ‘গান্ধী’ চলচ্চিত্ৰত শ্ৰেষ্ঠ সাজসজ্জাৰ বাবে অস্কাৰ লাভ কৰে৷

৩. ৰচুল পুকুট্টীঃ-৮১সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত ‘শ্লামডগ মিলিঅ’নাৰ’ বোলছবিত কৰা শব্দ সংমিশ্ৰণৰ বাবে শ্ৰেষ্ঠ শব্দ সংমিশ্ৰণত অস্কাৰ বঁটা লাভ কৰে৷

৪. এ আৰ ৰহমানঃ-২০০৯ চনৰ অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত ‘শ্লামডগ মিলিঅ’নাৰ’ বোলছবিত প্ৰদান কৰা সংগীতৰ বাবে দুটাকৈ শিতানত অস্কাৰ বঁটা লাভ কৰে৷

৫. গুলজাৰঃ-প্ৰসিদ্ধ ভাৰতীয় গুলজাৰে এ আৰ ৰহমানৰ সৈতে ‘শ্লামডগ মিলিঅ’নাৰ’ বোলছবিৰ মূল আৱহ সংগীতৰ বাবে অস্কাৰ বঁটা লাভ কৰে৷

৬. কাৰ্তিকী গ’নজালভেছ আৰু গুণীত মংগাঃ-আজি পুৱা ঘোষণা কৰা ৯৫সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত ‘দ্যা এলিফেণ্ট হুইছপাৰাৰচ্’ শীৰ্ষক চুটি তথ্যচিত্ৰৰ বাবে শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ বাবে অস্কাৰ বঁটা’ লাভ কৰে৷

৭. এম এম কীৰাৱানীঃ-এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত আৰআৰআৰ বোলছবিৰ ‘নট্টু নট্টু’ শীৰ্ষক গীতটিৰ বাবে শ্ৰেষ্ঠ মূল সংগীতৰ পুৰস্কাৰটি এম এম কীৰাৱানীয়ে লাভ কৰে৷

তদুপৰি কাৰিকৰী সফলতাৰ বাবে আন দুজন ভাৰতীয়ই বিদেশী চলচ্চিত্ৰৰ বাবে অস্কাৰ লাভ কৰিছে৷তেওঁলোক ক্ৰমান্বয়ে ৰাহুল ঠক্কৰ আৰু বিকাশ সথায়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু