--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্ব চলচ্চিত্ৰ উদ্যাগৰ আটাইতকৈ প্ৰণিধানযোগ্য আৰু বৃহৎ সন্মান হ’ল অস্কাৰ বঁটা৷ বহুকেইজন চলচ্চিত্ৰ উদ্যোগৰ মহান ভাৰতীয় ব্যক্তি আৰু বহুকেইখন চলচ্চিত্ৰ অস্কাৰ সন্মানৰ বাবে মনোনীত হৈছে৷ বৰ্তমানলৈকে মুঠ ৮জন ভাৰত মাতৃৰ সুযোগ্য সন্তানে এই উল্লেখনীয় সন্মানটি লাভ কৰিছে৷

 দেশৰ সেই সুযোগ্য সন্তানকেইজন হ’ল-

১. সত্যজিৎ ৰায়ঃ-১৯৯২চনত প্ৰসিদ্ধ ভাৰতীয় চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ক জীৱনজোৰা সাধনাৰ বাবে ৬৪তম্ অস্কাৰ বঁটা সন্মিলনত এই পুৰস্কাৰ লাভ কৰে৷

২. ভানু আথাইয়াঃ-বিশ্ববিশ্ৰুত ভাৰতীয় ভানু আথাইয়াই ‘গান্ধী’ চলচ্চিত্ৰত শ্ৰেষ্ঠ সাজসজ্জাৰ বাবে অস্কাৰ লাভ কৰে৷

৩. ৰচুল পুকুট্টীঃ-৮১সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত ‘শ্লামডগ মিলিঅ’নাৰ’ বোলছবিত কৰা শব্দ সংমিশ্ৰণৰ বাবে শ্ৰেষ্ঠ শব্দ সংমিশ্ৰণত অস্কাৰ বঁটা লাভ কৰে৷

৪. এ আৰ ৰহমানঃ-২০০৯ চনৰ অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত ‘শ্লামডগ মিলিঅ’নাৰ’ বোলছবিত প্ৰদান কৰা সংগীতৰ বাবে দুটাকৈ শিতানত অস্কাৰ বঁটা লাভ কৰে৷

৫. গুলজাৰঃ-প্ৰসিদ্ধ ভাৰতীয় গুলজাৰে এ আৰ ৰহমানৰ সৈতে ‘শ্লামডগ মিলিঅ’নাৰ’ বোলছবিৰ মূল আৱহ সংগীতৰ বাবে অস্কাৰ বঁটা লাভ কৰে৷

৬. কাৰ্তিকী গ’নজালভেছ আৰু গুণীত মংগাঃ-আজি পুৱা ঘোষণা কৰা ৯৫সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত ‘দ্যা এলিফেণ্ট হুইছপাৰাৰচ্’ শীৰ্ষক চুটি তথ্যচিত্ৰৰ বাবে শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ বাবে অস্কাৰ বঁটা’ লাভ কৰে৷

৭. এম এম কীৰাৱানীঃ-এছ এছ ৰাজামৌলীৰ দ্বাৰা পৰিচালিত আৰআৰআৰ বোলছবিৰ ‘নট্টু নট্টু’ শীৰ্ষক গীতটিৰ বাবে শ্ৰেষ্ঠ মূল সংগীতৰ পুৰস্কাৰটি এম এম কীৰাৱানীয়ে লাভ কৰে৷

তদুপৰি কাৰিকৰী সফলতাৰ বাবে আন দুজন ভাৰতীয়ই বিদেশী চলচ্চিত্ৰৰ বাবে অস্কাৰ লাভ কৰিছে৷তেওঁলোক ক্ৰমান্বয়ে ৰাহুল ঠক্কৰ আৰু বিকাশ সথায়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক