--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ পৰা যাত্ৰা কৰা এখন ইণ্ডিগ' বিমানে আজি  পাকিস্তানত জৰুৰী অৱতৰণ কৰে। জানিব পৰা মতে  দিল্লীৰ পৰা দোহালৈ যাত্ৰা কৰা বিমানখনত থকা  এজন বিদেশী যাত্ৰী হঠাতে অসুস্থ হৈ পৰে। লোকজনৰ অৱস্থা গুৰুতৰ হৈ পৰাত পাইলটে বিমান খনৰ  জৰুৰী অৱতৰণ কৰাৰ সিদ্ধান্ত লয়।

 লগে লগে নিকটৱৰ্তী কৰাচীৰ বিমান বন্দৰৰ সৈতে যোগাযোগ কৰা হয়৷ কৰাচীৰ বিমান বন্দৰ কৰ্তৃপক্ষই ভাৰতীয় বিমান খনৰ জৰুৰী অৱতৰণৰ অনুমতি দিয়াৰ পিছতে বিমান খনে কৰাচীৰ  বিমানবন্দৰত অৱতৰণ কৰে৷ কিন্তু দুৰ্ভাগ্যজনকভাবে অসুস্থ হৈ পৰা বিদেশী যাত্ৰীগৰাকীৰ মৃত্যু হয়৷ উল্লেখ্য সোমবাৰে পুৱা প্ৰায় ৮.৪৫ বজাত উৰণৰ পিছতে বিমানখনত থকা এজন যাত্ৰীয়ে অসুস্থ অনুভৱ কৰিছিল। 

 লক্ষ্যণীয় কথাটো হ’ল ভাৰতীয় বিমানক পাকিস্তানৰ আকাশসীমাত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়। কিন্তু জৰুৰী পৰিস্থিতিত দোহা অভিমুখী বিমানখন কৰাচীৰ জিন্না আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ অনুমতি দিয়া হয়। মৃত ব্যক্তিজনৰ নাম  আব্দুল্লা  বুলি জানিব পৰা গৈছে। ৬০ বছৰীয়া আব্দুল্লাহ এজন নাইজেৰিয়ান নাগৰিক আছিল। কৰাচী বিমানবন্দৰত বিমান খনে  অৱতৰণ কৰাৰ আগতেই তেওঁৰ মৃত্যু হৈছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু