--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ পৰা যাত্ৰা কৰা এখন ইণ্ডিগ' বিমানে আজি  পাকিস্তানত জৰুৰী অৱতৰণ কৰে। জানিব পৰা মতে  দিল্লীৰ পৰা দোহালৈ যাত্ৰা কৰা বিমানখনত থকা  এজন বিদেশী যাত্ৰী হঠাতে অসুস্থ হৈ পৰে। লোকজনৰ অৱস্থা গুৰুতৰ হৈ পৰাত পাইলটে বিমান খনৰ  জৰুৰী অৱতৰণ কৰাৰ সিদ্ধান্ত লয়।

 লগে লগে নিকটৱৰ্তী কৰাচীৰ বিমান বন্দৰৰ সৈতে যোগাযোগ কৰা হয়৷ কৰাচীৰ বিমান বন্দৰ কৰ্তৃপক্ষই ভাৰতীয় বিমান খনৰ জৰুৰী অৱতৰণৰ অনুমতি দিয়াৰ পিছতে বিমান খনে কৰাচীৰ  বিমানবন্দৰত অৱতৰণ কৰে৷ কিন্তু দুৰ্ভাগ্যজনকভাবে অসুস্থ হৈ পৰা বিদেশী যাত্ৰীগৰাকীৰ মৃত্যু হয়৷ উল্লেখ্য সোমবাৰে পুৱা প্ৰায় ৮.৪৫ বজাত উৰণৰ পিছতে বিমানখনত থকা এজন যাত্ৰীয়ে অসুস্থ অনুভৱ কৰিছিল। 

 লক্ষ্যণীয় কথাটো হ’ল ভাৰতীয় বিমানক পাকিস্তানৰ আকাশসীমাত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়। কিন্তু জৰুৰী পৰিস্থিতিত দোহা অভিমুখী বিমানখন কৰাচীৰ জিন্না আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ অনুমতি দিয়া হয়। মৃত ব্যক্তিজনৰ নাম  আব্দুল্লা  বুলি জানিব পৰা গৈছে। ৬০ বছৰীয়া আব্দুল্লাহ এজন নাইজেৰিয়ান নাগৰিক আছিল। কৰাচী বিমানবন্দৰত বিমান খনে  অৱতৰণ কৰাৰ আগতেই তেওঁৰ মৃত্যু হৈছিল। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক