--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোণ হৈ জিলিকিছে ভাৰতীয় অপেনাৰ যশস্বী জয়ছোৱাল। প্ৰথমখন মেছত উচিত আৰম্ভণি দিয়াত ব্যৰ্থ হোৱা যশস্বীয়ে সেই ব্যৰ্থতা দ্বিতীয় ইনিংছত সামৰি লৈছিল। আজি যশস্বীয়ে ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰে। মাত্ৰ ১২২ বলত ১০০ ৰাণ সংগ্ৰহ কৰে যশস্বীয়ে। 


বিশাখাপট্টনমত প্ৰথম ইনিংছত দ্বৈত শতক অৰ্জন কৰে যশস্বীয়ে। কিন্তু পৰৱৰ্তী দুটা ইনিংছত তেওঁৰ প্ৰদৰ্শন আছিল দুৰ্বল।আজি যশস্বীয়ে নিজৰ খেলৰ সাধাৰণ আৰম্ভণি কৰিছিল। বিশেষকৈ ইংলেণ্ডৰ দুজন স্পিনাৰ টম হাৰ্টলী আৰু ৰেহান আহমেদৰ বিৰুদ্ধে বৃহৎ শ্বট খেলিছিল যশস্বীয়ে। ভাৰতীয় অ’পেনাৰগৰাকীয়ে পৰৱৰ্তী ৫৮টা বলত ৭২ ৰান সংগ্ৰহ কৰে। য’ত যশস্বীয়ে আঠটা চাৰি আৰু পাঁচটা ছয় মাৰে। 


যশস্বীৰ সৈতে সিটো মূৰত শুভমন গীলে আৰম্ভণি দিয়ে। তেওঁ প্ৰথম ইনিংছত কোনো ৰাণ সংগ্ৰহ কৰা নাছিল। গতিকে শুভমনে অপ্ৰয়োজনীয়ভাৱে ৰিস্ক লোৱা নাছিল।যশস্বীয়ে দ্ৰুত ৰাণ লোৱাৰ লগে লগে তেওঁৰ শতক সংগ্ৰহৰ কামটো সহজ হৈ পৰে। অৱশেষত যশস্বীয়ে ১২২টা বলত শতক অৰ্জন কৰে। যশস্বীৰ শতকৰ সময়ত ভাৰতৰ স্ক’ৰ আছিল ১ উইকেটত ১৫৮ ৰাণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ