--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোণ হৈ জিলিকিছে ভাৰতীয় অপেনাৰ যশস্বী জয়ছোৱাল। প্ৰথমখন মেছত উচিত আৰম্ভণি দিয়াত ব্যৰ্থ হোৱা যশস্বীয়ে সেই ব্যৰ্থতা দ্বিতীয় ইনিংছত সামৰি লৈছিল। আজি যশস্বীয়ে ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰে। মাত্ৰ ১২২ বলত ১০০ ৰাণ সংগ্ৰহ কৰে যশস্বীয়ে। 


বিশাখাপট্টনমত প্ৰথম ইনিংছত দ্বৈত শতক অৰ্জন কৰে যশস্বীয়ে। কিন্তু পৰৱৰ্তী দুটা ইনিংছত তেওঁৰ প্ৰদৰ্শন আছিল দুৰ্বল।আজি যশস্বীয়ে নিজৰ খেলৰ সাধাৰণ আৰম্ভণি কৰিছিল। বিশেষকৈ ইংলেণ্ডৰ দুজন স্পিনাৰ টম হাৰ্টলী আৰু ৰেহান আহমেদৰ বিৰুদ্ধে বৃহৎ শ্বট খেলিছিল যশস্বীয়ে। ভাৰতীয় অ’পেনাৰগৰাকীয়ে পৰৱৰ্তী ৫৮টা বলত ৭২ ৰান সংগ্ৰহ কৰে। য’ত যশস্বীয়ে আঠটা চাৰি আৰু পাঁচটা ছয় মাৰে। 


যশস্বীৰ সৈতে সিটো মূৰত শুভমন গীলে আৰম্ভণি দিয়ে। তেওঁ প্ৰথম ইনিংছত কোনো ৰাণ সংগ্ৰহ কৰা নাছিল। গতিকে শুভমনে অপ্ৰয়োজনীয়ভাৱে ৰিস্ক লোৱা নাছিল।যশস্বীয়ে দ্ৰুত ৰাণ লোৱাৰ লগে লগে তেওঁৰ শতক সংগ্ৰহৰ কামটো সহজ হৈ পৰে। অৱশেষত যশস্বীয়ে ১২২টা বলত শতক অৰ্জন কৰে। যশস্বীৰ শতকৰ সময়ত ভাৰতৰ স্ক’ৰ আছিল ১ উইকেটত ১৫৮ ৰাণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু