--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেষ্ট ক্ৰিকেটৰ নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে ৰবিচন্দ্ৰন অশ্বিনে। ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্টত অশ্বিনে ৫০০ উইকেট দখল কৰাৰ নজিৰ গঢ়ি তোলে। শুকুৰবাৰে ইংলেণ্ডৰ জেক ক্ৰ’লীক আউট কৰি ৯৮ সংখ্যক টেষ্টত অশ্বিনে এই কৃতিত্ব অৰ্জন কৰে। তেওঁ অনিল কুম্বলেৰ পিছত ৫০০ টেষ্ট উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়।

ৰাজকোট টেষ্টৰ পূৰ্বে অশ্বিনৰ উইকেটৰ সংখ্যা আছিল ৯৭খন টেষ্টত ৪৯৯ উইকেট। ৫০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হ’বলৈ তেওঁক ১ উইকেটৰ প্ৰয়োজন হৈছিল। এই অভিলেখ কুম্বলেৰ পাছত ভংগ কৰা তেওঁ দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। দেশৰ মাটিত ৫৮ সংখ্যক টেষ্টত অশ্বিনে ৩৪৭টা উইকেট দখল কৰে। অশ্বিনে ২৬ ইনিংছত ৫ বা তাতকৈ অধিক উইকেট দখল কৰিছে। অশ্বিনে ৬খন মেচত ১০টা বা তাতকৈ অধিক উইকেট দখল কৰিছে।

এই কৃতিত্ব অৰ্জন কৰে অশ্বিনে ভাৰতৰ দ্বিতীয় কিন্তু বিশ্বৰ নৱম বলাৰ হিচাপে। কুম্বলে (৬১৯), মুথইয়া মুৰুলীধৰণ (৮০০), শ্বেন ৱাৰ্ণ (৭০৮), জেমছ এণ্ডাৰছন (৬৯৬), ষ্টুয়াৰ্ট ব্ৰড (৬০৪), গ্লেন মেকগ্ৰাথ (৫৬৩), কৰ্টনী ৱালছ (৫১৯) আৰু নাথান লায়নে (৫১৭)ও লাভ কৰিছে এই কৃতিত্ব তেওঁৰ আগতেই অৰ্জন কৰিছিল।

ৰাজকোটত কুম্বলেৰ আন এক নজিৰ ভংগ কৰিব পাৰে অশ্বিনে। তাৰ বাবে তেওঁ এই টেষ্টত ৫টা উইকেট ল’ব লাগিব। দেশৰ ৬৩খন টেষ্টত কুম্বলে ৩৫০টা উইকেট দখল কৰে। অভিলেখ ভংগ কৰিবলৈ অশ্বিনক আৰু ৪টা উইকেটৰ প্ৰয়োজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement