--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেষ্ট ক্ৰিকেটৰ নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে ৰবিচন্দ্ৰন অশ্বিনে। ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্টত অশ্বিনে ৫০০ উইকেট দখল কৰাৰ নজিৰ গঢ়ি তোলে। শুকুৰবাৰে ইংলেণ্ডৰ জেক ক্ৰ’লীক আউট কৰি ৯৮ সংখ্যক টেষ্টত অশ্বিনে এই কৃতিত্ব অৰ্জন কৰে। তেওঁ অনিল কুম্বলেৰ পিছত ৫০০ টেষ্ট উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়।

ৰাজকোট টেষ্টৰ পূৰ্বে অশ্বিনৰ উইকেটৰ সংখ্যা আছিল ৯৭খন টেষ্টত ৪৯৯ উইকেট। ৫০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হ’বলৈ তেওঁক ১ উইকেটৰ প্ৰয়োজন হৈছিল। এই অভিলেখ কুম্বলেৰ পাছত ভংগ কৰা তেওঁ দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। দেশৰ মাটিত ৫৮ সংখ্যক টেষ্টত অশ্বিনে ৩৪৭টা উইকেট দখল কৰে। অশ্বিনে ২৬ ইনিংছত ৫ বা তাতকৈ অধিক উইকেট দখল কৰিছে। অশ্বিনে ৬খন মেচত ১০টা বা তাতকৈ অধিক উইকেট দখল কৰিছে।

এই কৃতিত্ব অৰ্জন কৰে অশ্বিনে ভাৰতৰ দ্বিতীয় কিন্তু বিশ্বৰ নৱম বলাৰ হিচাপে। কুম্বলে (৬১৯), মুথইয়া মুৰুলীধৰণ (৮০০), শ্বেন ৱাৰ্ণ (৭০৮), জেমছ এণ্ডাৰছন (৬৯৬), ষ্টুয়াৰ্ট ব্ৰড (৬০৪), গ্লেন মেকগ্ৰাথ (৫৬৩), কৰ্টনী ৱালছ (৫১৯) আৰু নাথান লায়নে (৫১৭)ও লাভ কৰিছে এই কৃতিত্ব তেওঁৰ আগতেই অৰ্জন কৰিছিল।

ৰাজকোটত কুম্বলেৰ আন এক নজিৰ ভংগ কৰিব পাৰে অশ্বিনে। তাৰ বাবে তেওঁ এই টেষ্টত ৫টা উইকেট ল’ব লাগিব। দেশৰ ৬৩খন টেষ্টত কুম্বলে ৩৫০টা উইকেট দখল কৰে। অভিলেখ ভংগ কৰিবলৈ অশ্বিনক আৰু ৪টা উইকেটৰ প্ৰয়োজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু