--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বদৰুদ্দিন আজমলৰ ব্যৱসায়িক সাম্ৰাজ্য সুৰক্ষিত ৰখাৰ স্বাৰ্থতেই জলাঞ্জলি গণতন্ত্ৰক। নিজৰ ব্যৱসায়িক সাম্ৰাজ্যত যাতে কোনো আঁচোৰ নপৰে তাৰ বাবে যিকোমো মুহূৰ্ততে লুটি-বাগৰ মাৰিবলৈ সাজু এগৰাকী নেতা। তেওঁ বদৰুদ্দিন আজমল। ৰাজনীতিলৈ অহাৰ আগেয়ে বদৰুদ্দিন আজমলৰ পৰিচয় আছিল এগৰাকী সফল ব্যৱসায়ী হিচাপে। কেৱল অসম বা ভাৰততে নহয় আৰব বিশ্বৰ কেইবাখনো দেশলৈ সম্প্ৰসাৰিত হৈছিল আজমলৰ ব্যৱসায়িক সাম্ৰাজ্য। কোটিপতি ব্যৱসায়ী আজমলে তেওঁৰ আঁতৰ বা পাৰফিউমৰ ব্যৱসায়েৰে বিশ্বত সুগন্ধি বিলাইছে ঠিকেই কিন্তু ৰাজনীতিৰ পথাৰখনত আজমল আৰু তেওঁ এআইইউডিএফ-এ দুৰ্গন্ধহে বিলাবলৈ আৰম্ভ কৰিছে। সুস্থ ৰাজনৈতিক পৰম্পৰা ভংগ কৰি আজমল বাহিনীয়ে এতিয়া যিকোনো ৰাজনৈতিক বিক্ৰিয়াত অনুঘটকৰ ৰূপত অৱতীৰ্ণ হবলৈ আৰম্ভ কৰিছে আৰু তাৰ ফলতে নানা অনুচিত কাৰ্যত দলটোৰ ভূমিকা চৰ্চাৰ বিষয় হৈ পৰিছে। শেহতীয়া ৰাজ্যসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ পৰাজয়ৰ পাছত আজমল বাহিনীৰ এই কূটকৌশল এতিয়া পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে।

অসমৰ দুখন ৰাজ্যসভা আসনৰ ভিতৰত এখন আসন শাসকীয় বিজেপিৰ বাবে নিশ্চিত আছিল আৰু আনখনত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা আছিল। কিন্তু মূৰকত সেয়া নহল। দ্বিতীয়খন আসনৰ বাবে বিজেপি মিত্ৰজোঁটে প্ৰক্ষেপ কৰা প্ৰাৰ্থী ইউপিপিএল দলৰ নেতা ৰণগৌড়া মুছাহাৰী জয়ী হল দ্বিতীয়খন আসনত। কি সমীকৰণেৰে প্ৰাৰ্থীগৰাকীয়ে বিজয় সাব্যস্ত কৰিলে সেয়া স্পষ্ট হৈ পৰিল পৰৱৰ্তী পৰ্যায়ত। 

স্মৰ্তব্য যে, কংগ্ৰেছে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰক্ষেপ কৰিছিল এতিয়াৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাক। সংখ্যাৰ ফালৰ পৰা বিবেচনা কৰিলে ৰিপুন বৰা ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ পৰা জয়ী হোৱাটো আছিল তেনেই স্বাভাৱিক কথা। কিন্তু সেয়া হৈ নুঠিল। কিয়নো বিৰোধী শিবিৰত বিভাজন।

অসম বিধানসভাত কংগ্ৰেছৰ ২৭, এআইইউডিএফৰ ১৫, ৰাইজৰ দলৰ ১, চিপিআইএমৰ এজন বিধায়ককে ধৰি মুঠ বিৰোধী ৪৪ গৰাকী বিধায়ক আছে। অৰ্থাৎ ৪৪ টা ভোটেৰে দ্বিতীয়খন আসনত বিৰোধী দলৰ প্ৰাৰ্থী ৰিপুন বৰা জয়ী হোৱাটো আছিল অৱধাৰিত। বিজেপিৰ দ্বিতীয়খন আসনৰ প্ৰাৰ্থী ৰণগৌড়া ৪৪টা ভোট পায়েই নিৰ্বাচিত হৈছে। তাৰ বিপৰীতে ৰিপুন বৰাই লাভ কৰিছে ৩৫টা ভোট। এতিয়া স্পষ্ট হৈ পৰিল যে, ৰিপুন বৰাৰ ফাললৈ যাবলগীয়া ভোটকেইটা অনৈতিকভাৱে দিয়া হৈছে ৰণগৌড়াক। কিন্তু সেই ভোট কোনে দিছে! কংগ্ৰেছৰ বিধায়ক শশীকান্ত দাসে মুকলিকৈয়ে ভোট দিছে বিজেপি মিত্ৰজোঁটৰ পক্ষত। 

আনহাতে কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদে ভুলকৈ ভোটদান কৰি সহায় কৰিছে শাসকীয় পক্ষক। তাৰ বাহিৰে আন ভোটকেইটা কোনে দিছে সেই লৈ তুমুল বিতৰ্ক চলিছে ৰাজ্যৰ ৰাজনীতিত।
অভিযোগ অনুসৰি আজমলৰ এআইইউডিএফৰ ফালৰ পৰাই বাকী ভোটকেইটা গৈছে বিজেপি শিবিৰলৈ। কেৱল এয়াই নহয় শুকুৰবাৰে পুৱাই পাঁচগৰাকী এআইইউডিএফ বিধায়কে গৈ মুখ্যমন্ত্ৰীক সাক্ষাত কৰাৰ প্ৰসংগ লৈও ব্যাপক চৰ্চা চলিছে। বিতৰ্কৰো সূত্ৰপাত হৈছে। বিভিন্নজন ৰাজনৈতিক নেতাই মুকলিকৈ গৰিহনা দিছে আজমল বাহিনীক। কিন্তু কিহৰ বাবে কোটিপতি আজমলে এই আপোচৰ ৰাজনীতি কৰি গৈছে তাক লৈ এতিয়া বৃহত প্ৰশ্ন চিহ্নৰ সৃষ্টি হৈছে। আজমল বাহিনীৰ এনে কাৰ্যৰ আঁৰত কেৱল ধনৰ লেনদেন যে নাই বৰং তাতোকৈ ডাঙৰ আৰু সুদূৰপ্ৰসাৰী আঁচনি বা স্বাৰ্থ আছে সেইকথা এতিয়া প্ৰমাণ হবলৈ গৈ আছে।

আজমলৰ বিশাল ব্যসসায়িক সাম্ৰাজ্য সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতে শাসকীয় দলক এনে লাভালাভ আদায় দিয়া হৈছে বুলি প্ৰকাশ পাইছে। অসম বা দেশতে নহয় ডুবাইৰ আটাইতকৈ বিশাল মলটোলৈকে আছে আজমলৰ ব্যৱসায়িক সাম্ৰাজ্যৰ সম্প্ৰসাৰণ। আজমল পাৰফিউমৰ সুগন্ধি বিয়পি আছে আৰৱ ৰাষ্ট্ৰৰ ব্যয়বহুলতাৰ মাজতো। ব্যৱসায়িক সাফল্যৰ এই ধাৰা অব্যাহত ৰাখিবলৈ হলে আজমলক অসমক এক সুগম আৰু মসৃণ কৰিডৰৰ প্ৰয়োজন। আৰু এই মসৃণ কৰিডৰ নিৰ্মাণ কৰি দিয়াৰ স্বাৰ্থতে আজমলে শাসকীয় পক্ষক সকলো ধৰণে উপকৃত কৰিবলৈ যেন বদ্ধ পৰিকৰ। 

জানিব পৰা মতে আজমলৰ ব্যৱসায়ৰ স্বাৰ্থত চন্দন অগৰুৰ দৰে দুৰ্মূল্য বনজ সম্পদৰ সৰবৰাহত যাতে কোনো হানি-বিঘিনি নহয়, তথা কোনো ধৰণৰ বাধাৰ সন্মুখীন হবলগীয়া নহয় তাৰ বাবে ২০২১ চনৰ ৰাজ্য চৰকাৰে বিশেষ নিৰ্দেশ জাৰি কৰিছিল। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা নিৰ্দেশযোগে এই সেউজ সংকেট দিয়া হৈছিল আজমলৰ পৰিয়ালৰ ব্যৱসায়িক সাম্ৰাজ্যলৈ। আৰু তাৰেই প্ৰতিদান স্বৰূপে ৰাজ্যসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে শাসকীয় পক্ষক সহায় কৰিবলৈ উঠি পৰি লাগিল আজমল বাহিনী। এই অভিযোগৰ উত্তৰ দিব পৰাকৈ এতিয়া আজমল বাহিনীৰ হাতত কোনো যুক্তি নাই আৰু সেইবাবেই এতিয়া অসমীয়া ভাষাক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটাব বিচৰা হৈছে। আৰু বদৰুদ্দিনৰ ভাতৃ চিৰাজুদ্দিনে সমগ্ৰ বিষয়টোক নতুন মাত্ৰা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ