--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অৱশেষত উত্তৰ-পূবলৈ আহিল বহু প্ৰত্যাশিত এটা সুখবৰ। দীৰ্ঘদিনীয়া দাবী, আন্দোলনৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি উত্তৰ পূবৰ তিনি ৰাজ্যত বলৱৎ হৈ থকা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ পৰিসৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। প্ৰকৃততে এই বিতৰ্কিত আৰু দমনমূলক আইনখন প্ৰত্যাহাৰ কৰাৰ বাবে দাবী উত্থাপন হৈ আহিছিল। নগালেণ্ডৰ মন জিলাত সংঘটিত সেনাৰ নৃশংস আক্ৰমণে ১৪ গৰাকীকৈ নিৰীহৰ প্ৰাণ কাঢ়ি নিয়াৰ পাছত উত্তৰ-পূবৰ প্ৰান্তে প্ৰান্তে উঠিছিল এই বিতৰ্কিত আইন প্ৰত্যাহাৰৰ দাবী। তাৰ ফল হিচাপেই এই সন্দৰ্ভত এক কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে।

সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো সিদ্ধান্তত লোৱা হৈছে যে আফস্পাৰ অধীনৰ এলেকাৰ পৰিসৰ হ্ৰাস কৰা হ’ব। বৃহস্পতিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিষয়ে টুইটযোগে প্ৰকাশ কৰে।

এক টুইটত অমিত শ্বাহে লিখিছে, ‘আফস্পাৰ অধীনৰ এলেকাৰ পৰিসৰ হ্ৰাস কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে নিৰাপত্তাজনিত পৰিস্থিতি উন্নত হৈছে আৰু উন্নয়ন ত্বৰান্বিত হোৱাৰ বাবে উত্তৰ-পূব ভাৰতলৈ শান্তি ঘূৰি আহিছে। সেইকাৰণে এই সিদ্ধান্ত লোৱা হৈছে।’

উত্তৰ-পূবৰ ৰাজ্য নগালেণ্ড, অসম আৰু মণিপুৰৰ বিভিন্ন অঞ্চলত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন দীৰ্ঘদিন ধৰি বলবৎ হৈ আছে। যাৰ অধীনত ভাৰতীয় সেনাই একপ্ৰকাৰ বাধাহীন ক্ষমতা লাভ কৰি আহিছিল। এই আইনৰ অধীনত ৰাজ্যবোৰত কাৰোবাক গ্ৰেপ্তাৰ কৰিবলৈ, বাহিনীয়ে পৃথকে কোনো প্ৰশাসনিক অনুমতি ল'ব নালাগে। যাৰ গইনা লৈ সেনাই বিভিন্ন অপৰাধ সংঘটিত কৰা বুলিও অভিযোগ উত্থাপন হৈ আহিছিল। সেনা সন্ত্ৰাসৰ নানা নিদাৰুণ নিদৰ্শনৰ সন্মুখীন হ’বলগীয়া হৈছিল উত্তৰ পূবৰ জনগণে।

ইফালে, অৰুণাচল প্ৰদেশৰ ৩ খন জিলাত তিনি দশকৰ পাছত আফস্পা প্ৰত্যাহাৰ কৰা হৈছে। বেছিভাগ স্থানীয় বাসিন্দাই অভিযোগ কৰিছে যে সেনাৰ সদস্যসকলে এই অঞ্চলবোৰত বছৰ বছৰ ধৰি আফস্পাৰ ক্ষমতাৰে বলীয়ান হৈ সাধাৰণ লোকৰ ওপৰত অত্যাচাৰ কৰি আহিছে। অৱশ্যে, সেনাই কেতিয়াও এনে অভিযোগবোৰ স্বীকাৰ কৰা নাই। আনহাতে, চৰকাৰে কৈছিল যে সীমান্ত অঞ্চলৰ নিৰাপত্তাৰ স্বাৰ্থতে আফস্পা কাৰ্যকৰী কৰা হৈছিল। আৰু যদি ইয়াক প্ৰত্যাহাৰ কৰা হয়, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ই ভাবুকি আনিব পাৰে। কিন্তু নগালেণ্ডত হোৱা ঘটনাই এই আইন প্ৰত্যাহাৰৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাটো স্পষ্ট হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত, আফস্পাৰ অধীনৰ এলেকাৰ পৰিসৰ হ্ৰাস কৰাটো নিঃসন্দেহে এক ডাঙৰ পদক্ষেপ হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement