--°C
Loading...
Listen to Article
2 min read
80%

নগাঁও : এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ মন্তব্যক কটু সমালোচনা বিজেপিৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷ জগতগুৰু শংকৰদেৱৰ আদৰ্শৰে আমাৰ সমাজখন আগবাঢ়িছে৷ আজমলৰ আদৰ্শ আৰু গুৰুজনাৰ আদৰ্শৰ মাজত কি পাৰ্থক্য আছে, সেয়া সকলোৱে জানে৷ আজমল অসমীয়া জাতিৰ কেতিয়াবা বন্ধু হ’ব পাৰে জানো বুলি আঙুলিয়াই পদ্ম হাজৰিকাই৷

আৰু পঢ়িব পাৰিব :উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: সদ্যহতে গ্ৰেপ্তাৰ নহয় শশী থাৰুৰ আৰু ছয়জন সাংবাদিক

সন্দেহযুক্ত নাগৰিকক সুৰক্ষা দিবৰ বাবেহে বদৰুদ্দিনৰ জন্ম হৈছে বুলিও কটাক্ষ তেওঁৰ৷ গুৰুজনাৰ লগতে গুৰুজনাৰ সৃষ্টিৰাজিক ধ্বংস কৰিবৰ কাৰণে গুৰুজনাৰ লগত নিজকে তুলনা কৰি অসমৰ মাটিত ইমান নিকৃষ্ট চিন্তা কৰাতো দুৰ্ভাগ্যজনক আৰু এইটো অক্ষমণীয় অপৰাধ৷এই অপৰাধৰ জবাব অহা নিৰ্বাচনত বদৰুদ্দিন আজমলৰ লগতে আজমলৰ লগত লেটিপেটি কৰি ক্ষমতা দখল কৰিব বিচৰা শক্তিসমূহৰ ওপৰতো ৰাইজে উচিত সিদ্ধান্ত গ্ৰহণ কৰিব।

আৰু পঢ়িব পাৰিব :উত্তৰাখণ্ডত অব্য়াহত আছে উদ্ধাৰ অভিযান: ২৬ টা মৃতদেহৰ সন্ধান লাভ

আজি জামুগুৰিহাটৰ ‘বাপুজি ভৱন’ত সমষ্টিটোৰ পাঁচ শতাধিক শাৰীৰিকভাৱে সক্ষম লোকক প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে কয় বিধায়ক হাজৰিকাই৷ দিব্যাংগ প্ৰতিগৰাকী লোকেই সমাজত একো একোগৰাকী সম্পদ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব বুলি আশা কৰি এই প্ৰমাণপত্ৰৰ জৰিয়তে প্ৰত্যেকেই চৰকাৰী প্ৰতিটো সুবিধা লাভ কৰিব পাৰিব বুলিও ব্যক্ত কৰে বিধায়ক পদ্ম হাজৰিকাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ