--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুবছৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জন্ম হোৱা এটি শিশুৰ পিতৃ প্ৰকাশ মেধিক ৯২৮৮২ ৭২৯৯৭ নম্বৰৰ পৰা অজ্ঞাত লোকে ফোন কৰি চৰকাৰী ধন ৬০০০টকা দিয়াৰ প্ৰলোভন দিয়ে।

ডিজিটেল ডেস্ক: সাৱধান! চাইবাৰ অপৰাধীৰ এইবাৰ চফ্ট টাৰ্গেট হৈছে গৰ্ভৱতী মহিলা আৰু প্ৰসূতিসকল। চৰকাৰী হাস্পতালত প্ৰসৱ হোৱা নৱজাতকৰ পৰিচৰ্যাৰ বাবে চৰকাৰী ধন দিয়াৰ প্ৰলোভনৰে বেংকৰ একাউণ্টৰ পৰা সৰকাই নিছে লাখ লাখ টকা। তেনে এক ঘটনা সংঘটিত হৈছে হাজোৰ চকামতলীত। 


দুবছৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জন্ম হোৱা এটি শিশুৰ পিতৃ প্ৰকাশ মেধিক ৯২৮৮২ ৭২৯৯৭ নম্বৰৰ পৰা অজ্ঞাত লোকে ফোন কৰি চৰকাৰী ধন ৬০০০টকা দিয়াৰ প্ৰলোভন দিয়ে। ইয়াৰ পাছতেই গুগল পেৰ জৰিয়তে মোটা অংকৰ ধন লুটি নিয়ে চাইবাৰ অপৰাধীয়ে। চাইবাৰ অপৰাধীয়ে GMCHৰপৰা ফোন কৰা বুলি জনোৱাৰ লগতে গুগুল পেৰ জৰিয়তে ধন দিম বুলি কয়। অপৰাধী চক্ৰটোৱে প্ৰকাশ মেধিক এটা গুগুল পে থকা নম্বৰ বিচাৰে। ইয়াৰ পাছত প্ৰকাশ মেধিয়ে নিজ ভাতৃৰ গুগুল পেৰ তথ্য সদৰী কৰে অপৰাধী চক্ৰক।


প্ৰথমে ৫০,৫৩৮ টকা, তাৰপিছত ২০,১৯৩ টকা, ১৯,৪৭৯ টকা আৰু ৮,৪৬৫ টকা। মুঠ ৯৮,৬৭৫ টকা চাইবাৰ হেকাৰে অতি কৌশলেৰে সৰকাই নিয়ে। ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। 


উল্লেখ্য যে বিগত কিছুদিনৰ ভিতৰত হাজোৰ বিভিন্ন অঞ্চলৰ গৰ্ভৱতী আৰু প্ৰসূতিসকলক চৰকাৰী আঁচনিৰ ধনৰ প্ৰলোভন দেখুৱাই চাইবাৰ অপৰাধীয়ে লুটি নিছে লাখ লাখ টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত