--°C
Loading...
Listen to Article
2 min read
80%

গোলাঘাট: আকৌ বিজেপি কৰ্মীৰ ৰোষৰ বলি অজন্তা নেওগ৷ গৃহ সমষ্টিতে য’তে-ত’তে সন্মুখীন হৈছে প্ৰত্যাহ্বানৰ৷ ‘অজন্তা গ’ বেক, অজন্তা হটাও’- ধ্বনিৰে উত্তাল হৈছে গোলাঘাট জিলা৷ অভিযোগ অনুসৰি, পুৰণি বিজেপি কৰ্মীক একাষৰীয়া কৰিছিল অজন্তাই৷ অজন্তা নেওগে গেৰুৱা বসন পিন্ধি পুনৰবাৰ বিধায়ক হোৱাৰ সপোনত যেন বাৰে বাৰে যতি পৰিব ধৰিছে তেওঁৰ বাবে৷ পুৰণি বিজেপি কৰ্মীৰ অজ্ঞাতে সভা আয়োজন কৰাৰ অভিযোগত বাৰম্বাৰ ৰোষত পৰিছে অজন্তা৷

আৰু পঢ়িব পাৰিব : ‘অসম লোকসেৱা আয়োগ’ৰ নতুন অধ্যক্ষ হিচাপে শপত ল’লে ৰাজীৱ কুমাৰ বৰাই…

উল্লেখ্য যে, সোমবাৰে বালিজান পঞ্চায়তৰ ৬নং ৱাৰ্ডত অনুষ্ঠিত সভালৈ গৈছিল একালৰ কংগ্ৰেছী বিধায়কাগৰাকীয়ে৷ অজন্তাক পুৰণি বিজেপি কৰ্মীয়ে কোনোপধ্যেই যেন নেত্ৰী হিচাপে গ্ৰহণ কৰা নাই তাৰেই প্ৰতিফলন ঘটিল আকৌ এবাৰ গোলাঘাটত৷ ইপিনে গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিত ন-বিজেপিৰ গালত উঠিছে মহিলাৰ পূৰ্ণহতীয়া চৰ৷ লাজে-অপমানে ন বিজেপি চত্ৰভংগ দিবলগীয়া হৈছে সভাস্থলীৰ পৰা৷

আৰু পঢ়িব পাৰিব : ৰাজ্যসভাত ভাষণৰ মাজতে আজি হঠাৎ উচুপি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অজন্তা নেওগে সোমবাৰে বালিজান পঞ্চায়তৰ পৰা একপ্ৰকাৰ খেদা খোৱাৰ পাছত পৰৱৰ্তী সভা আহ্বান কৰিছিল জামুগুৰিত।কিন্তু তাতো একেই দশা।ন বিজেপি পন্থীক সভা আহ্বান কৰিবলৈ নিদি পুৰণি বিজেপি কৰ্মীয়ে দিলে পহু খেদা।এতিয়া ’২১ৰ নিৰ্বাচনক লৈ গোলাঘাট বিধানসভা সমষ্টিত বেচ আকৰ্ষণীয় হৈছে ন বিজেপি-পুৰণি বিজেপিৰ যুঁজখন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ