--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বড়োভূমিত চলিছে এতিয়া ৰাজনীতিৰ পাশাখেল৷ হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ ৰাজনৈতিক অংকত পণবন্দী হৈ পৰিছে বিটিএডিৰ নাগৰিক৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰে ৰাজনৈতিক মিত্ৰতাৰ অৱসান ঘটাই বিগত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বিজেপি৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ মিত্ৰশক্তি হিচাপে বিটিএডিৰ ৰাজনীতিত বিপিএফৰ আছিল এক গুৰুত্বপূৰ্ণ ভূমিকা৷

পিছে, অসমত বিজেপিৰ দ্বিতীয়টো কাৰ্যকালত হঠাৎ প্ৰেক্ষাপটৰ পৰা অন্তৰ্ধান হৈ পৰিছিল বিপিএফ৷ আৰু, বিজেপিৰ নতুন মিতিৰ হৈ পৰিছিল প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল৷ ইউপিপিএলৰ জৰিয়তে বিটিআৰত নিজৰ সাংগঠনিক ভেটিও সুদৃঢ় কৰাৰ প্ৰয়াস অব্যাহত ৰাখিলে বিজেপিয়ে৷ একেসময়তে বড়ো ৰাজনীতিত মুকলি বিভাজন ঘটাই প্ৰমোদ-হাগ্ৰামাক দুই মেৰুত অৱস্থান কৰোৱাত সফল হৈছিল বিজেপি৷

আৰু শেহতীয়াকৈ, পুনৰ বিজেপিৰ বৰঘৰত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে বিপিএফ-এ৷ চলিত বছৰৰে মে’ত বাক্সাৰ শিমলাত হাগ্ৰামা মহিলাৰীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰিছিল৷ হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৰ বিৰুদ্ধে চাঞ্চল্যকৰ মন্তব্য কৰি কৈছিল, দিল্লীত প্ৰমোদ বড়োই মোৰ লগত আলোচনা কৰিছে যে বিটিচিৰ পৰা বিজেপিক ‘আউট’ কৰিব লাগে। বিটিচিৰ বিভিন্ন আঁচনিৰ নামত প্ৰমোদ বড়োই লুণ্ঠনৰাজ চলোৱাৰো অভিযোগ কৰিছিল মহিলাৰীয়ে৷

প্ৰমোদ বড়োই বিটিআৰৰ ৰাইজৰ কাৰণে একো কাম নকৰে বুলি মন্তব্য কৰিছিল হাগ্ৰামা মহিলাৰীয়ে৷ বিটিচিৰ বিভিন্ন উন্নয়নমূলক আঁচনি প্ৰমোদ বড়োই বন্ধ কৰি ৰাখিছে বুলি চাঞ্চল্যকৰ অভিযোগো উত্থাপন কৰিছিল হাগ্ৰামা মহিলাৰীয়ে৷ একেদৰে, বিটিচিত প্ৰমোদ বড়োই পাঁচ বছৰ পূৰ্ণ কৰিব নোৱাৰে বুলি ভৱিষ্যদ্বাণী কৰিছিল হাগ্ৰামা মহিলাৰীয়ে৷ 

আৰু এতিয়া হাগ্ৰামাৰ সেই ভৱিষ্যদ্বাণীয়েই যেন সফল হ’বলৈ গৈ আছে৷ শেহতীয়াকৈ দিল্লী আৰু নাগপুৰত আৰএছএছ আৰু বিজেপি নেতাৰ শৰণাপন্ন হৈছে হাগ্ৰামা মহিলাৰী৷ একালৰ প্ৰৱলপ্ৰতাপী বিটিএডিৰ নেতাগৰাকীয়ে এতিয়া ক্ষমতা পাবলৈ চৰণ চুই আশিস লৈছে আৰএছএছ নেতাৰ৷ নাগপুৰত আৰএছএছৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰক সাক্ষাৎ কৰিছে হাগ্ৰামা মহিলাৰীয়ে৷ উদ্দেশ্য নিঃসন্দেহে বিজেপি গমন৷ 

বিজেপিত যোগদান কৰাৰ পূৰ্বে আৰএছএছৰ আশিসধন্য হৈ বাট মোকলাই ল’ব খুজিছে হাগ্ৰামা মহিলাৰীয়ে৷ অকল আৰএছএছ নেতাকে নহয়, বিজেপিৰ বি এল সন্তোষকো সাক্ষাৎ কৰিছে হাগ্ৰামা মহিলাৰীয়ে৷ আৰু চৰ্চা চলিছে নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ শীঘ্ৰে বিজেপিৰ নতুন সদস্য হ’ব হাগ্ৰামা মহিলাৰী৷ একে সময়তে ক’ব পাৰি, বিটিআৰত মহিলাৰীৰ কাৰ্যকালত সংঘটিত কেলেংকাৰীৰ তদন্তৰ পৰা হাত সাৰিবলৈও হাগ্ৰামাই যোগদান কৰিব খুজিছে বিজেপিত৷ 

কিয়নো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ নিৰ্বাচনৰ সময়ত হাগ্ৰামাৰ কেলেংকাৰীৰ ফাইল খুলিব বুলি হুংকাৰ দিছিল৷ আৰু সেইবাবেই সাতে সোতৰই বিজেপিতেই নিজকে সুৰক্ষিত বুলি ভাবি বড়োভূমিত নিজৰ ৰাজনীতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব বিচাৰিছে হাগ্ৰামা মহিলাৰীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক