--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মধ্যপ্ৰদেশৰ ধৰ চহৰ মঙলবাৰে হঠাতে হৈ পৰিল অশান্ত। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্মদিনত পালন কৰা মিলাড-উল-নবীৰ উৎসৱমুখৰ পৰিৱেশত হঠাতে বিৰাজ কৰিলে অশান্তিয়ে। মিলাড-উল-নবী উপলক্ষে মঙলবাৰে ধৰ চহৰৰ ৰাজপথত সমদল উলিয়াইছিল ইছলামধৰ্মীসকলে। কিন্তু সেই সময়তে সংঘটিত হ’ল অঘটন।

সমদল যোৱাৰ অনুমতি নিদিয়া পথেৰে সমদলটো আগবাঢ়ি যোৱাত বাধা দিলে আৰক্ষীয়ে। তৰ্ক-বিতৰ্কৰ সূচনা হ’ল দুয়ো পক্ষৰ মাজত। আৰক্ষীয়ে সমদলকাৰীসকলক নিৰ্ধাৰিত পথেৰে যাবলৈ আহ্বান জনালে। কিন্তু অনুসৰি নিদিয়া পথটোৰেই আগবাঢ়ি যোৱাত আকোঁৰগোজ হৈ ৰ’ল সমদলকাৰীসকল। বাদ-বিবাদো তীব্ৰ হৈ পৰিল আৰক্ষী আৰু সমদলকাৰীসকলৰ মাজত। অৱশেষত আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হ’ল সমদলকাৰীৰ ওপৰত।

আৰু পঢ়কঃ এইবাৰ জালত পৰিল জেকলিন; গ্ৰেপ্তাৰৰ ভয়ত মুখ শুকাইছে সুন্দৰী অভিনেত্ৰীৰ!

এটা হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হ’ল ধৰৰ ৰাজপথত। ইফালে-সিফালে পলাবলৈ ধৰিলে সমদলকাৰীসকল। ৰাজপথত পৰি যোৱা কেইবাজনো সমদলকাৰীক প্ৰহাৰ কৰিলে আৰক্ষীয়ে।হঠাতে হোৱা এই অঘটনত বিবুধিত পৰিল সাধাৰণ লোক। ইফালে ধৰৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে যে একাংশ উপদ্ৰৱকাৰীয়ে অশান্তিৰ সৃষ্টি কৰিছিল। সেই লোকসকলক আঁতৰাই দিয়াৰ পাছত মিলাড-উল-নবীৰ সমদল কাৰ্যসূচীসমূহ কৰা হয়। ধৰৰ ৰাজপথৰ এই লাঠীচালনাৰ অশান্ত পৰিস্থিতি এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক