--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মধ্যপ্ৰদেশৰ ধৰ চহৰ মঙলবাৰে হঠাতে হৈ পৰিল অশান্ত। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্মদিনত পালন কৰা মিলাড-উল-নবীৰ উৎসৱমুখৰ পৰিৱেশত হঠাতে বিৰাজ কৰিলে অশান্তিয়ে। মিলাড-উল-নবী উপলক্ষে মঙলবাৰে ধৰ চহৰৰ ৰাজপথত সমদল উলিয়াইছিল ইছলামধৰ্মীসকলে। কিন্তু সেই সময়তে সংঘটিত হ’ল অঘটন।

সমদল যোৱাৰ অনুমতি নিদিয়া পথেৰে সমদলটো আগবাঢ়ি যোৱাত বাধা দিলে আৰক্ষীয়ে। তৰ্ক-বিতৰ্কৰ সূচনা হ’ল দুয়ো পক্ষৰ মাজত। আৰক্ষীয়ে সমদলকাৰীসকলক নিৰ্ধাৰিত পথেৰে যাবলৈ আহ্বান জনালে। কিন্তু অনুসৰি নিদিয়া পথটোৰেই আগবাঢ়ি যোৱাত আকোঁৰগোজ হৈ ৰ’ল সমদলকাৰীসকল। বাদ-বিবাদো তীব্ৰ হৈ পৰিল আৰক্ষী আৰু সমদলকাৰীসকলৰ মাজত। অৱশেষত আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হ’ল সমদলকাৰীৰ ওপৰত।

আৰু পঢ়কঃ এইবাৰ জালত পৰিল জেকলিন; গ্ৰেপ্তাৰৰ ভয়ত মুখ শুকাইছে সুন্দৰী অভিনেত্ৰীৰ!

এটা হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হ’ল ধৰৰ ৰাজপথত। ইফালে-সিফালে পলাবলৈ ধৰিলে সমদলকাৰীসকল। ৰাজপথত পৰি যোৱা কেইবাজনো সমদলকাৰীক প্ৰহাৰ কৰিলে আৰক্ষীয়ে।হঠাতে হোৱা এই অঘটনত বিবুধিত পৰিল সাধাৰণ লোক। ইফালে ধৰৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে যে একাংশ উপদ্ৰৱকাৰীয়ে অশান্তিৰ সৃষ্টি কৰিছিল। সেই লোকসকলক আঁতৰাই দিয়াৰ পাছত মিলাড-উল-নবীৰ সমদল কাৰ্যসূচীসমূহ কৰা হয়। ধৰৰ ৰাজপথৰ এই লাঠীচালনাৰ অশান্ত পৰিস্থিতি এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?