--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বেগুচৰাইৰ পৰা পোনে পোনে বিলাসী হোটেল। বাওঁ শিবিৰৰ পৰা ‘আজাদী’ লাভৰ পাছতে আমূল পৰিৱৰ্তন আহিছে ‘ৰিভলিউচনেৰী’ কানহায়াৰ জীৱনলৈ। কংগ্ৰেছৰ ছত্ৰছায়ালৈ অহাৰ পাছতে সলনি হৈছে আদৱ-কায়দাও। শেহতীয়াকৈ কানহায়াই হিল ষ্টেচনৰ এখন বিলাসী হোটেলৰ পৰা ইনষ্টাগ্ৰামত দিয়া এখন আলোকচিত্ৰক লৈ ব্যাপক ট্ৰোলৰ সন্মুখীন হৈছে। হিল ষ্টেচনটোৰ হোটেলখনৰ বেলকনিত হাতত খোলা কিতাপ লৈ নবাবী কায়দাৰে বহি থকাৰ এখন আলোকচিত্ৰ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল কানহায়াই। তাৰ পাছতে ব্যাপক ট্ৰোলৰ সন্মুখীন হয় জেএনইউৰ এসময়ৰ অগ্নিবৰ্ষী ছাত্ৰনেতাজন।

বহুতৰ বাবে কানহায়াই বাওঁ শিবিৰ ত্যাগ কৰাটো আছিল আকস্মিক আৰু আশ্বৰ্যকৰ খবৰ। বহুতে অভিযোগ কৰিছিল যে, কানহায়াই কংগ্ৰেছৰ পাৰ লাভ কৰিছে বৃহৎ অফাৰ। সেইবাবে নিজৰ অতীত পাহৰি শিবিৰ সলালে দেশৰ দুৰ্গত সৰ্বসাধাৰণৰ কথা কোৱা যুৱ নেতাজনে। এইবাৰ পিছে বিলাসী হোটেলৰ বিলাসঘন মুহূৰ্তৰ আলোকচিত্ৰ প্ৰকাশ কৰি একপ্ৰকাৰ নেটিজেনক ঔকিল সোধাবলৈ পিঠি পাতি দিলে কানহায়া কুমাৰে।


একাংশই কানহায়াক কটাক্ষ কৰি লিখিছে, অৱশেষত কানহায়াই ‘আজাদী’ৰ সোৱাদ পালে। সেয়া হ’ল মাৰ্ক্সবাদৰ পৰা আজাদী। বিলাসী হোটেলৰ বিলাসহুল কোঠাত সন্মুখত বিশাল আকাশ আৰু বিস্তৃত পাহাৰৰ দৃশ্য লৈ মহা আয়মেৰে বহি ৰৈছে কানহায়া। ভৰি দীঘলকৈ মেলি দিছে মোলায়ম ছোফাত। এই বিলাসঘন মুহূৰ্তৰ আলোকচিত্ৰ ইনষ্টাগ্ৰামত পোৱাৰ পাছতে নেটিজেন হৈ পৰিছে ক্ষিপ্ত। নিজৰ অতীত পাহৰি যোৱাৰ অভিযোগেৰে কানহায়াক থকা-সৰকা কৰিলে বিভিন্নজনে। উল্লেখ্য যে, নিজৰ এই আলোকচিত্ৰ সৈতে কেপচন হিচাপে কানহায়াই সংযোগ কৰিছে এটা কবিতাৰ পংক্তি। বছিৰ ভদ্ৰৰ কবিতাৰ শাৰী ‘ম্যে চুপ ৰাহা তো অউৰ গলতফেইমীয়া বঢ়তি/ও ভি সুনা হ্যে উচনে জো ম্যেনে কাহা নেহী…’


কানহায়াৰ এই নৱাবী ঢং পচন্দ নহ’ল নেটিজেনৰ

পিছে কানহায়াৰ এই নৱাবী ঢং পচন্দ নহ’ল নেটিজেনৰ। সদায় নিজকে সংগ্ৰামী নেতা তথা গৰীৱৰ প্ৰতিনিধি হিচাপে তুলি ধৰা কানহায়াক কটাক্ষ কৰি নেটিজেনে লিখিছে, ‘ইয়াকেই কয় কংগ্ৰেছী লাইফ…’ ‘কংগ্ৰেছলৈ গৈ নবাবী চাল শিকি পেলাইছে তেওঁ…’ একাংশই লিখিছে, ‘তুমি তেতিয়ালৈকে কমিউনিষ্ট যেতিয়ালৈকে ডাঙৰ মানুহ নোহোৱা…’, এজনে লিখিছে, ‘গান্ধী-নেহৰুক ধন্যবাদ জনাওক, তেওঁলোকৰ বাবে ভাল জীৱন এটাৰ সোৱাদ লাভ কৰিলে। কেৱল এয়াই নহয়, কানহায়াৰ দৰে বিলাসী জীৱন উপহাৰ পালে আমিও কংগ্ৰেছত যোগ দিম বুলিও একাংশই কটাক্ষ কৰিছে।


উল্লেখ্য যে, দেশৰ ছাত্ৰ ৰাজনীতিত নতুন আলোড়ন আৰু উদ্দীপনা সৃষ্টি কৰা কানহায়া কুমাৰ দেশৰ মোদীবিৰোধী শিবিৰৰ অন্যতম প্ৰধান মুখ চিহ্নিত হৈ আহিছে। জনপ্ৰিয়তা আৰু বিতৰ্কই সমানে সমানে বাট বুলিছে কানহায়াৰ সৈতে। বহু নতুন প্ৰজন্মৰ প্ৰতিনিধিক উদ্বুদ্ধ তথা অনুপ্ৰাণিত কৰিবলৈ সক্ষম হোৱা কানহায়া কুমাৰৰ কংগ্ৰেছ গমনক লৈও দেশত এক চৰ্চা চলিছে। তাৰ মাজতে তেওঁৰ এই নৱাবী আৱিৰ্ভাৱে আন এক বিতৰ্কৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক