--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ''মা আমি পাচলি আনিবলৈ যাও…''এনেদৰে কৈ ঘৰৰ পৰা ওলাই গৈছিল দুই বায়েক ভনীয়েক শিৱানী আৰু ৰশ্মি। কিন্তু কোনে জানিছিল ঘৰৰ পৰা ওলাই যোৱা দুই ভগ্নীৰ বাবে ৰৈ আছিল ভয়ংকৰ নিয়তি। অলপ সময়ৰ পাছত সেই ঘৰখনলৈ খবৰ আহিল যে শিৱানী আৰু ৰশ্মি ৰে'ল দুৰ্ঘটনাত পতিত হৈছে। লৰালৰিকৈ ঘৰৰ মানুহ ৰে'ল ষ্টেছনলৈ দৌৰি গল। গৈয়ে তেওঁলোকে যি দৃশ্য দেখিলে সেয়া আছিল বৰ্ণনাতীত। ৰশ্মিক ৰে'লে কটাৰ ফলত দেহ খণ্ড বিখণ্ড হৈ আছিল। শিৱানীও গুৰুতৰভাৱে আহত হৈ ছটফটাই আছিল।

এক হৃদয়বিদাৰক দৃশ্য

আৰক্ষী উপস্থিত হৈ ৰশ্মিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু শিৱানীক হাস্পতালত ভৰ্তি কৰে। চিকিৎসাৰ অন্তত শিৱানীক বাৰে বাৰে প্ৰশ্ন কৰা হ'ল যে কিয় এই পদক্ষেপ ল'লে তেওঁলোকে। কিন্তু ৰহস্যজনক কথাটো হ'ল শিৱানীয়ে ঘটনাটোৰ সম্পৰ্কত সম্পূৰ্ণৰূপে অজ্ঞতা প্ৰকাশ কৰে। তেওঁ বাৰে বাৰে এটা কথাই কয় যে আমি সঁচাকৈয়ে নাজানো আমি কেনেকৈ গৈ সেইখিনি ঠাই পালোঁ। ৰে'লৱে ট্ৰেকত আমি যোৱাৰ প্ৰশ্নই নুঠে কি কাৰণত সেইখিনি ঠাইলৈ গ'লো সঁচাকৈয়ে মই নিজেই বুজিব পৰা নাই। আৰক্ষী আৰু পৰিয়ালৰ লোকে হাজাৰ বাৰ চেষ্টা কৰিও কোনো উত্তৰ নাপালে শিৱানীৰ পৰা। যুৱতীগৰাকীয়ে মাত্ৰ এটা কথাই কৈ থাকিল যে মই একো নাজানো…মই একো নাজানো…।

আৰু পঢ়কঃ প্ৰস্তুতি খেলৰ মাজতে ফিল্ডত কি কৰিছে ধোনী-ঋষভে? চমকি উঠিছে ক্ৰিকেট বিশ্ব

দুই ভগ্নীয়ে ইমান ভয়ংকৰ পদক্ষেপ কিয় লৈছিল সেইটো এক ডাঙৰ প্ৰশ্ন হৈ ধৰা দিছে সকলোৰে বাবে। ঘৰখনত কেতিয়াও কোনোদিন তেওঁলোকে কোনো মানসিক অশান্তি পোৱা নাই। ঘৰৰ পৰিৱেশো ভাল, নাই একো অভাৱ-অনাটন। পঢ়া-শুনাতো ভাল আছিল দুয়োগৰাকী। তাৰপিছতো দুয়োগৰাকী ভগ্নীয়ে ৰে'লৰ ট্ৰেকত পৰি আত্মহত্যাৰ চেষ্টা কৰে য'ত ৰে'লৰ খুন্দাত এগৰাকী ভগ্নী ৰশ্মিৰ মৃত্যু হৈছিল আৰু শিৱানীৰ কোনোমতে প্ৰাণৰক্ষা পৰিল। শিৱানীয়ে ঘটনাটোৰ সম্পৰ্কত একো নাজানো বুলি কোৱা কথাটোৱে আৰক্ষীকো হায়ৰাণ কৰি তুলিছে। যুৱতীগৰাকীৰ মৌনতাই বিষয়টোক অধিক ৰহস্যঘন কৰি তুলিছে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত ক্ষীপ্ৰতাৰে আগবঢ়াই নিছে। এই দুৰ্ভাগ্যজনক ঘটনাটো উত্তৰ প্ৰদেশৰ ঔৰেয়া জিলাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী