--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ''মা আমি পাচলি আনিবলৈ যাও…''এনেদৰে কৈ ঘৰৰ পৰা ওলাই গৈছিল দুই বায়েক ভনীয়েক শিৱানী আৰু ৰশ্মি। কিন্তু কোনে জানিছিল ঘৰৰ পৰা ওলাই যোৱা দুই ভগ্নীৰ বাবে ৰৈ আছিল ভয়ংকৰ নিয়তি। অলপ সময়ৰ পাছত সেই ঘৰখনলৈ খবৰ আহিল যে শিৱানী আৰু ৰশ্মি ৰে'ল দুৰ্ঘটনাত পতিত হৈছে। লৰালৰিকৈ ঘৰৰ মানুহ ৰে'ল ষ্টেছনলৈ দৌৰি গল। গৈয়ে তেওঁলোকে যি দৃশ্য দেখিলে সেয়া আছিল বৰ্ণনাতীত। ৰশ্মিক ৰে'লে কটাৰ ফলত দেহ খণ্ড বিখণ্ড হৈ আছিল। শিৱানীও গুৰুতৰভাৱে আহত হৈ ছটফটাই আছিল।

এক হৃদয়বিদাৰক দৃশ্য

আৰক্ষী উপস্থিত হৈ ৰশ্মিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু শিৱানীক হাস্পতালত ভৰ্তি কৰে। চিকিৎসাৰ অন্তত শিৱানীক বাৰে বাৰে প্ৰশ্ন কৰা হ'ল যে কিয় এই পদক্ষেপ ল'লে তেওঁলোকে। কিন্তু ৰহস্যজনক কথাটো হ'ল শিৱানীয়ে ঘটনাটোৰ সম্পৰ্কত সম্পূৰ্ণৰূপে অজ্ঞতা প্ৰকাশ কৰে। তেওঁ বাৰে বাৰে এটা কথাই কয় যে আমি সঁচাকৈয়ে নাজানো আমি কেনেকৈ গৈ সেইখিনি ঠাই পালোঁ। ৰে'লৱে ট্ৰেকত আমি যোৱাৰ প্ৰশ্নই নুঠে কি কাৰণত সেইখিনি ঠাইলৈ গ'লো সঁচাকৈয়ে মই নিজেই বুজিব পৰা নাই। আৰক্ষী আৰু পৰিয়ালৰ লোকে হাজাৰ বাৰ চেষ্টা কৰিও কোনো উত্তৰ নাপালে শিৱানীৰ পৰা। যুৱতীগৰাকীয়ে মাত্ৰ এটা কথাই কৈ থাকিল যে মই একো নাজানো…মই একো নাজানো…।

আৰু পঢ়কঃ প্ৰস্তুতি খেলৰ মাজতে ফিল্ডত কি কৰিছে ধোনী-ঋষভে? চমকি উঠিছে ক্ৰিকেট বিশ্ব

দুই ভগ্নীয়ে ইমান ভয়ংকৰ পদক্ষেপ কিয় লৈছিল সেইটো এক ডাঙৰ প্ৰশ্ন হৈ ধৰা দিছে সকলোৰে বাবে। ঘৰখনত কেতিয়াও কোনোদিন তেওঁলোকে কোনো মানসিক অশান্তি পোৱা নাই। ঘৰৰ পৰিৱেশো ভাল, নাই একো অভাৱ-অনাটন। পঢ়া-শুনাতো ভাল আছিল দুয়োগৰাকী। তাৰপিছতো দুয়োগৰাকী ভগ্নীয়ে ৰে'লৰ ট্ৰেকত পৰি আত্মহত্যাৰ চেষ্টা কৰে য'ত ৰে'লৰ খুন্দাত এগৰাকী ভগ্নী ৰশ্মিৰ মৃত্যু হৈছিল আৰু শিৱানীৰ কোনোমতে প্ৰাণৰক্ষা পৰিল। শিৱানীয়ে ঘটনাটোৰ সম্পৰ্কত একো নাজানো বুলি কোৱা কথাটোৱে আৰক্ষীকো হায়ৰাণ কৰি তুলিছে। যুৱতীগৰাকীৰ মৌনতাই বিষয়টোক অধিক ৰহস্যঘন কৰি তুলিছে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত ক্ষীপ্ৰতাৰে আগবঢ়াই নিছে। এই দুৰ্ভাগ্যজনক ঘটনাটো উত্তৰ প্ৰদেশৰ ঔৰেয়া জিলাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক