--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানত বিজেপি চৰকাৰে স্থগিত ৰাখিলে আন এখন গেহলট যুগৰ আঁচনি৷ ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে আৰম্ভ কৰা ‘ইন্দিৰা গান্ধী বিনামূলীয়া স্মাৰ্টফোন যোজনা’ৰ ধাৰাবাহিকতা সন্দৰ্ভত বিধায়ক ইন্দ্ৰ মীনাই উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত তথ্য প্ৰযুক্তি আৰু যোগাযোগৰ দায়িত্বত থকা কেবিনেট মন্ত্ৰী ৰাজ্যবৰ্ধন ৰাথোড়ে কয়, “২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট ঘোষণাৰ সময়ত আচৰণ বিধিৰ বাবে স্মাৰ্টফোন বিতৰণৰ কাম বন্ধ হৈ পৰিছিল।”

২০২৩ চনৰ আগষ্ট মাহত গেহলটে আৰম্ভ কৰা এই আঁচনিখন চৰকাৰে প্ৰথম পৰ্যায়ত ৪০ লাখ মহিলাক স্মাৰ্টফোন যোগান ধৰাৰ লক্ষ্য লৈছিল।যাৰ উদ্দেশ্যে ৰাজ্যত ৪০০ৰো অধিক ভ্ৰাম্যমাণ বিতৰণ শিবিৰৰ আয়োজন কৰা হয়।

২০২৩-২৪ চনত গেহলট চৰকাৰৰ চূড়ান্ত বাজেটত ৰাজ্যৰ ৪০ লাখ মহিলাক স্মাৰ্টফোন বিতৰণ কৰাৰ লক্ষ্য লোৱা হৈছিল। চৰকাৰী তথ্য অনুসৰি ২০২৩ চনৰ ৯ অক্টোবৰৰ ভিতৰত চৰকাৰে ৰাজ্যখনৰ ২৪,৫৬,০০১ গৰাকী (মোবাইল ডাটা থকা মোবাইল ফোন) মহিলাক স্মাৰ্টফোন যোগান ধৰিছিল যাৰ বাবে ১,৬৭০.০৮ কোটি টকা খৰচ হৈছিল। ৰাজস্থানৰ বিজেপি চৰকাৰে আৰু কয় যে, “এই আঁচনিৰ দ্বাৰা মহিলা আৰু জনস্বাৰ্থৰ বাবে উপকাৰিতা পৰীক্ষা কৰি ভৱিষ্যতে স্মাৰ্টফোন আঁচনিৰ সিদ্ধান্ত লোৱা হ’ব।”

গেহলটৰ আঁচনিৰ লক্ষ্য আছিল:

– ৰাজস্থানৰ সকলো চৰকাৰী বিদ্যালয়ৰ ভিতৰত নৱম-দ্বাদশ শ্ৰেণীৰ ছাত্ৰী।

– চৰকাৰী মহাবিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰী।

– চৰকাৰী পেঞ্চন লাভ কৰা ৰাজ্যৰ ভিতৰত বিধৱা বা অবিবাহিত মহিলা।

– মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত ১০০টা কৰ্মদিন পূৰণ কৰা পৰিয়ালৰ মহিলা।

– ইন্দিৰা গান্ধী নগৰীয়া নিয়োগ নিশ্চয়তা আঁচনিৰ অধীনত ৫০টা কৰ্মদিন সম্পূৰ্ণ কৰা মহিলা।

চিৰঞ্জীৱী আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত পৰিয়ালৰ সকলো মহিলায়ো বিনামূলীয়া স্মাৰ্টফোন লাভ কৰাৰ যোগ্যতা অৰ্জন কৰিছিল। বৰ্তমান চিৰঞ্জীৱী আঁচনিৰ অধীনত ১.৩৩ কোটি পৰিয়াল পঞ্জীয়ন হৈ আছে।

ৰাজস্থানত বিজেপি নেতৃত্বাধীন চৰকাৰে স্থগিত ৰখা কংগ্ৰেছ যুগৰ এয়া প্ৰথম আঁচনি নহয়।ইয়াৰ পূৰ্বে ২৫ ডিচেম্বৰত ২০২১ চনৰ পৰা চলি থকা ৰাজীৱ গান্ধী যুৱ মিত্ৰ ইন্টাৰশ্বিপ কাৰ্যসূচী বন্ধ কৰিবলৈ বিজেপি চৰকাৰে অধিসূচনা জাৰি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু