--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিহাৰৰ ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তন। ২৮ জানুৱাৰীত পুৱা ১০ বজাত অনুষ্ঠিত হ’ব জেডিইউ বিধায়িনী দলৰ এখন বৈঠক৷ আৰু এই বৈঠকতে চূড়ান্ত সিদ্ধান্ত ল’ব পাৰে নীতিশ কুমাৰে৷ 

সুবিধাবাদৰ চূড়ান্ত বহি:প্ৰকাশ ঘটাই বিহাৰৰ ৰাজনীতিত ক্ষমতা কুক্ষিগত কৰি অহা নীতিশ কুমাৰে ঘটোৱা এই পট পৰিৱৰ্তনৰ প্ৰভাৱ কেৱল বিহাৰতে নহয়, সমগ্ৰ দেশৰ ৰাজনীতিতে পৰিবলৈ আৰম্ভ কৰিছে৷ বিহাৰত পুনৰ জেডিইউৰ লগলাগি বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে। 

ৰাজনৈতিক ভূমিকম্পৰ সৃষ্টি কৰি পুনৰ পুৰণি সতীৰ্থ বিজেপিৰ ওচৰলৈ আহিছে নীতিশ কুমাৰ। নীতিশ কুমাৰক পুনৰ মুখ্যমন্ত্ৰী পাতিবলৈ সন্মতো হৈছে বিজেপি। একপ্ৰকাৰ চাঞ্চল্যকৰ এই ঘটনাক্ৰমত এফালে ব্যাপক ৰাজনৈতিক লাভ অৰ্জন কৰিছে বিজেপি আৰু এনডিএই। 

আনহাতে, লোকসভা নিৰ্বাচনৰ বাবে আসন বুজাবুজি কৰাৰ পূৰ্বেই বিৰোধী মৰ্চা ইণ্ডিয়াৰ পতনমুখী যাত্ৰা নিশ্চিত হৈছে। ইফালে, নীতিশ কুমাৰৰ ইণ্ডিয়া ত্যাগ কৰাৰ এই সিদ্ধান্ত কংগ্ৰেছৰ বাবে প্ৰচণ্ড আঘাত হিচাপে চিহ্নিত হৈছে। প্ৰথমতে মমতা বেনাৰ্জীয়ে পশ্চিম বংগত অকশৰীয়াকৈ যুঁজ দিয়াৰ সিদ্ধান্ত লৈ কংগ্ৰেছক সংকটত পেলাইছিল। 

এতিয়া ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক নেতা নীতিশ কুমাৰৰ মৰ্চা ত্যাগৰ প্ৰস্তুতিত বাৰুকৈয়ে শ’লঠেকত পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়তে এই দুটা ঘটনাক্ৰমে দলটোক কৰি তুলিছে একপ্ৰকাৰ বাকৰুদ্ধ। সকলো বিৰোধী দলক একত্ৰিত কৰি বিজেপিক পৰাস্ত কৰাৰ কংগ্ৰেছৰ ৰণকৌশলত এতিয়া চেঁচাপানী পৰাৰ উপক্ৰম হৈছে। দুগৰাকীকৈ শীৰ্ষ নেতাৰ কাৰ্যতঃ ইণ্ডিয়া ত্যাগে কংগ্ৰেছ নেতৃত্বৰ বিৰোধী মৰ্চাটোৰ অস্তিত্বলৈ কঢ়িয়াই আনিছে ভাবুকি। 

ইফালে, এইবাৰৰ সৈতে ৰাজনৈতিক শিবিৰ সলনি কৰাৰ নিন্দাজনক অভিলেখ স্থাপন কৰিলে নীতিশ কুমাৰে। পুনৰ বিজেপিৰ শিবিৰলৈ অহাৰ যো-জা কৰি বৰ্ষীয়ান নেতাজনে নিজকে নীতিহীন ৰাজনীতিক হিচাপে প্ৰতিষ্ঠা কৰিলে। বৰ্তমানলৈ বিহাৰৰ ৰাজনীতিত ১০ বছৰত চাৰিবাৰকৈ শিবিৰ সলালে নীতিশ কুমাৰে। এইবাৰ লালু আৰু তেজস্বী যাদৱৰ আৰজেডিৰ পৰা আঁতৰি আহি পঞ্চমবাৰৰ বাবে  শিবিৰ সলনি কৰিব তেওঁ। 

ইয়াৰদ্বাৰা বৰ্তমান ভাৰতৰ ৰাজনীতিত নীতিশ কুমাৰৰ দৰে সুবিধাবাদী নেতা দ্বিতীয় এজন যে নাই, সেই কথাও এতিয়া প্ৰমাণ হৈছে। শেহতীয়া তথ্য মতে ৪০ ঘণ্টাৰ ভিতৰতে পদত্যাগ কৰিব নীতিশ কুমাৰে। লগে লগে পতন ঘটিব আৰজেডি-জেডিইউ চৰকাৰৰ। ইয়াৰ পাছতে  দেওবাৰে বিজেপি-জেডিইউ চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব জেডিইউ নেতাজনে। 

ইফালে, নীতিশৰ পদত্যাগৰ পূৰ্বে আৰজেডিতো উঠিছে তুমুল জোকাৰণি। আৰজেডিৰ বিধায়কৰ জেডিইউ গমন ৰোধ কৰিবলৈ তৎপৰ হৈ পৰিছে তেজস্বী যাদৱ। সমগ্ৰ ঘটনাক্ৰমক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰজেডিৰ শীৰ্ষ নেতা মনোজ ঝাই। নীতিশ কুমাৰক শীঘ্ৰে স্থিতি স্পষ্ট কৰিবলৈও আহ্বান জনাইছে আৰজেডি নেতাজনে।

উল্লেখ যে নীতিশৰ পুনৰ বিজেপিৰ শিবিৰলৈ আগমনত সন্তুষ্ট নহয় ৰাজ্যিক বিজেপি। নীতিশক একেবাৰে বিশ্বাসত ল'ব পৰা নাই বিহাৰ বিজেপিয়ে। কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত পুনৰ আদৰি ল'বলৈ বাধ্য হৈছে। গুৰুত্বপূৰ্ণ যে নীতিহীন ৰাজনীতিক হিচাপে জনাৰ পাছতো মোদী-শ্বাহে নীতিশক আদৰি লৈছে একমাত্ৰ লোকসভা নিৰ্বাচনৰ স্বাৰ্থত। জেডিইউক লগত লৈ নিৰ্বাচন খেলিলেহে ৰাজ্যখনত সৰ্বাধিক আসন লাভ কৰিব পৰা যাব। সেই কথা বুজি উঠিছে মোদী-শ্বাহে। ইয়াৰ বাবেই নিৰ্বাচনী অংকত পুনৰ বিজেপিৰ শিবিৰলৈ স্বাগতম জনোৱা হৈছে জেডিইউ নেতাজনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ