--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সলনি হ’বলৈ গৈ আছে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট৷ ‘ইণ্ডিয়া’ৰ বৈঠকৰ এদিন পাছতেই নতুন গতি লৈছে কংগ্ৰেছৰ ৰাজনীতিয়ে৷ সংসদৰ মজিয়াত গ্ৰহণ কৰা বলিষ্ঠ স্থিতিৰ পাছত দেশজুৰি চৰ্চিত হৈছিল গৌৰৱ গগৈ। মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীক জৱাবদিহি কৰিছিল গৌৰৱ গগৈয়ে। ইটোৰ পাছত সিটো প্ৰশ্নৰে শাসকীয় পক্ষক থকা-সৰকা কৰিছিল অসমৰ কংগ্ৰেছ সাংসদগৰাকীয়ে। 

এইবাৰ গৌৰৱৰ কান্ধত ৰাজস্থান উদ্ধাৰৰ দায়িত্ব। চলিত বৰ্ষৰ শেষৰফালে দেশৰ ৫ ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। ৰাজস্থানতো নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে শাসক-বিৰোধীৰ মাজত। কংগ্ৰেছশাসিত ৰাজ্যখনত পুনৰ ৰাজপাট দখলৰ কুচকাৱাজ কংগ্ৰেছৰ। কিছুদিন আগলৈ আভ্যন্তৰীণ কন্দলত জৰ্জৰিত পৰিছিল ৰাজস্থান কংগ্ৰেছ। বিদ্ৰোহী বিধায়ক শচীন পাইলটৰ নেতৃত্বত ৰাজস্থান কংগ্ৰেছত আৰম্ভ হৈছিল বিদ্ৰোহ। 

মুখ্যমন্ত্ৰী অশোক গেহলটৰ সৈতে শচীন পাইলটৰ তিক্ত সম্পৰ্কই পুনৰ অস্থিৰতাৰ সৃষ্টি কৰিছিল ৰাজস্থান কংগ্ৰেছত। নিৰ্বাচনলৈ কেইটামান মাহ থকা অৱস্থাত আভ্যন্তৰীণ কন্দলে অস্বস্তিত পেলাইছিল দলটোক। অৱশ্যে পৰৱৰ্তী সময়ত কংগ্ৰেছ হাইকমাণ্ডৰে হোৱা আলোচনাত শাম কাটিছিল ৰাজস্থান কংগ্ৰেছৰ বিদ্ৰোহ। সম্প্ৰতি অশোক গেহলট-শচীন পাইলটে একগোট হৈ ৰাজস্থানত আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। অৱশ্যে তাৰ মাজতে প্ৰৱল প্ৰতিষ্ঠান বিৰোধী ঢৌৱে কংগ্ৰেছৰ বাবে মাতি আনিছে প্ৰত্যাহ্বান। বিপৰীতে ৰাজ্যখনত জোৰদাৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে বিজেপিয়েও। 

বিজেপিয়ে ৰাজ্যখনত আৰম্ভ কৰিছে পৰিৱৰ্তন যাত্ৰা। তেনেক্ষেত্ৰত ৰাজস্থানত কংগ্ৰেছ উদ্ধাৰৰ গুৰু দায়িত্ব এতিয়া গৌৰৱ গগৈৰ ওপৰত। কংগ্ৰেছ স্ক্ৰীনিং কমিটীৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে গৌৰৱ গগৈৰ ওপৰত। সম্প্ৰতি সেই দায়িত্বৰে ৰাজস্থানত ইখনৰ পাছত সিখন বৈঠকত মিলিত হৈছে গৌৰৱ গগৈ। বৈঠকৰ মাজতে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেৰ সৈতে গৌৰৱ গগৈৰ আকস্মিক সাক্ষাতে তোলপাৰ লগাইছে ৰাজস্থানৰ ৰাজনীতিত। 

উল্লেখ্য যে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী বসুন্ধৰা ৰাজেক উদয়পুৰ বিমান বন্দৰত আকস্মিকভাৱে লগ পাইছিল গৌৰৱ গগৈয়ে। বিমান বন্দৰৰ আছুতীয়া কক্ষত কিছুসময়ৰ বাবে গৌৰৱ গগৈয়ে সাক্ষাৎ কৰে বসুন্ধৰা ৰাজেক। সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বসুন্ধৰা ৰাজেৰ সৈতে গৌৰৱ গগৈৰ সেই বিশেষ ফটো। উল্লেখ্য যে ৰাজস্থান বিজেপিত ক্ৰমাৎ একাষৰীয়া হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে। নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰস্তুত কৰা নিৰ্বাচনী কমিটীতো স্থান লাভ কৰা নাছিল বসুন্ধৰা ৰাজেই। ইপিনে, ৰাজ্যখনত বিজেপিয়ে বাহিৰ কৰা পৰিৱৰ্তন যাত্ৰাতো অংশ লোৱাৰ পৰা বিৰত আছে বসুন্ধৰা ৰাজেই। বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নিজা উদ্যোগত আৰম্ভ কৰিছে মন্দিৰ যাত্ৰা। 

তেনে এক সময়তে গৌৰৱ গগৈৰে বসুন্ধৰা ৰাজেক আকস্মিক সাক্ষাতে এতিয়া তোলপাৰ লগাইছে ৰাজস্থানৰ ৰাজনীতিত। এই সাক্ষাৎকালত গৌৰৱ গগৈয়ে বসুন্ধৰা ৰাজেক কিবা প্ৰস্তাৱ আগবঢ়ালে নেকি? অথবা বিজেপিত একাষৰীয়া হোৱা বসুন্ধৰা ৰাজেই কংগ্ৰেছত যোগ দিয়াৰ কিবা ইংগিত প্ৰদান কৰিলে নেকি তাকে লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। উল্লেখ্য যে সপ্তাহজোৰা কাৰ্যসূচীৰে ৰাজস্থানত উপস্থিত হোৱা গৌৰৱ গগৈয়ে সাক্ষাৎ কৰিছে ইজনৰ পিছত সিজন নেতাক। 

সোমবাৰে ৰাজস্থান কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰে বৈঠকত মিলিত হোৱাৰ পাছত কংগ্ৰেছ সাংসদগৰাকীয়ে ভ্ৰমণ কৰিছে ৰাজস্থানৰ কেইবাটাও অঞ্চল। আজমেৰ, বিকানেৰ, জয়পুৰ আদি কংগ্ৰেছ মণ্ডলৰ স্থানীয়ে নেতাৰে বৈঠকত মিলিত হৈছে গৌৰৱ গগৈ। কংগ্ৰেছৰ বিদ্ৰোহী শিবিৰৰ নেতাৰেও মিলিত হৈছে বৈঠকত। শচীন পাইলটৰ ঘনিষ্ঠ বহু নেতাৰে আলোচনাত মিলিত হৈ সংকট মোচনৰ চেষ্টা অব্যাহত ৰাখিছে গৌৰৱ গগৈয়ে। 

উল্লেখ্য যে ৰাজস্থানৰ প্ৰতিটো সমষ্টিৰে প্ৰাৰ্থিত্বপ্ৰত্যাশী নেতাৰ সবিশেষ সংগ্ৰহ কৰিছে কংগ্ৰেছ স্ক্ৰীনিং কমিটীয়ে। প্ৰাৰ্থিত্বপ্ৰত্যাশী এইসকল নেতাৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি কমিটীখনে নিৰ্ধাৰণ কৰিব প্ৰাৰ্থী। তেনেক্ষেত্ৰত প্ৰাৰ্থিত্ব প্ৰদানৰ বেলিকা গৌৰৱ গগৈৰ ভূমিকা তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। এনেদৰে ৰাষ্ট্রীয় ৰাজনীতিত ক্ৰমাৎ গুৰুত্ব বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে অসমৰ সাংসদ গৌৰৱ গগৈৰ।

আনহাতে, কৰ্ণাটকত প্ৰচণ্ড আঘাত পাবলৈ গৈ আছে বিজেপি৷ বিজেপি আৰু জেডিএছক আঘাত দিবলৈ সাজু হৈছে কংগ্ৰেছ৷ ৮ জন জেডিএছ বিধায়ক আৰু ২ জন বিজেপি বিধায়কে এই মাহত কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হৈছে বুলি খবৰ ওলাইছে৷ ইয়াৰে মুঠ ৬ জন বিধায়ক বেংগালুৰুৰ, যিয়ে বেংগালুৰু পৌৰ নিৰ্বাচনত কংগ্ৰেছক সহায় কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement