--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ৷ ৰাজ্যতো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ৷ দেশত ৯বছৰ আৰু ৰাজ্যত ৭ বছৰ অতিক্ৰম কৰিলে বিজেপি চৰকৰে৷

কিন্তু, শেহতীয়া ঘটনাৱলী আৰু সাম্প্ৰতিক প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে দেখা যায় ক্ৰমাৎ যেন জনপ্ৰিয়তা হ্ৰাস পাইছে ভাৰতীয় জনতা পাৰ্টীৰ৷ বিজেপি চৰকাৰৰ কাম-কাজক লৈ বিতুষ্ট হৈছে সৰ্বসাধাৰণ নাগৰিক৷ ইয়াৰ কাৰণ কি? ইটোৰ পাছত সিটো আঁচনি প্ৰৱৰ্তন কৰিও কিয় জনসাধাৰণক সন্তুষ্ট কৰি ৰখাত ব্যৰ্থ হৈছে চৰকাৰ? একাংশৰ অভিযোগ- ৰাজ্য চৰকাৰৰ দুই-এক মন্ত্ৰীৰ আচৰণ, একাংশ বিজেপি নেতাৰ অহমিকাই হতাশ কৰিছে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক নাগৰিকক৷ 

অইনহে নালাগে, অসমৰ প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলেই দেখা যায় যে অতি শেহতীয়াকৈ ৰাজ্যত তীব্ৰতৰ হৈ উঠিছে অধিষ্ঠানবিৰোধী ঢৌ৷ নিযুক্তি কেলেংকাৰীৰ অভিযোগে দল আৰু চৰকাৰৰ অন্তৰ্মহলত সৃষ্টি কৰিছে ধুমুহা৷ চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলালেও ঢাকিব পৰা নাই কেলেংকাৰীৰ ক’লা দাগ৷ ইন্দ্ৰাণী তহবিলদাৰ নামৰ এগৰাকী বিজেপি নেত্ৰীৰ আত্মহত্যই পোহৰলৈ অনা নিযুক্তি সম্পৰ্কীয় ব্যাপক খেলিমেলিয়ে মুখ্যমন্ত্ৰীগৰাকীৰ স্বচ্ছ আৰু নিকা নিযুক্তিৰ ‘নেৰেটিভ’ত সৃষ্টি কৰিছে বৃহৎ প্ৰশ্নবোধক৷

অকল নিযুক্তি কেলেংকাৰীয়েই নহয়, অইন কেইবাটাও জ্বলন্ত সমস্যা সমাধানত ব্যৰ্থ ৰাজ্য চৰকাৰ৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ, এন আৰ চি ইত্যাদি জাতীয় জীৱনৰে জড়িত মৌলিক প্ৰশ্নত চৰকাৰৰ ভূমিকাক লৈ সন্তুষ্ট নহয় খিলঞ্জীয়া নাগৰিক৷ অসম চুক্তি ৰূপায়ণৰ প্ৰসংগত চৰকাৰৰ অৱহেলা আৰু গুৰুত্বহীনতাই খিলঞ্জীয়া নাগৰিকৰ মনৰ পৰা আঁতৰাই নিছে চৰকাৰক৷ একেসময়তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগতো বেকফুটলৈ গুচি গৈছে ৰাজ্য চৰকাৰ৷ খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ বিপদাপন্ন হোৱাৰ অভিযোগ উঠিছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত৷ মূলত: আহোমকে ধৰি কেইবাটাও খিলঞ্জীয়া জনগোষ্ঠীৰে সংঘাত হৈছিল বিজেপিৰ৷ সমষ্টি পুনৰ নিৰ্ধাৰণেও বিজেপিক অসমবাসীৰ পৰা নিলগলৈ নিয়া বুলি ধাৰণা কৰিব পাৰি৷ 

উচ্ছেদৰ প্ৰসংগতো সমালোচিত হৈছে ৰাজ্য চৰকাৰ৷ থলুৱা ভূমিহীন নাগৰিকক উচ্ছেদ চলাই পুঁজিপতিক সুৰক্ষা দিয়াৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে৷ শিলসাঁকোৰ ঘটনাই ৰাজ্যত তোলপাৰ লগাইছে৷ এই চৰকাৰখনৰ দিনতেই অসমত মহিলাই উলংগ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ এই ঘটনায়ো সংবেদনশীল অসমীয়াৰ মন আৰু মগজুৰ পৰা আঁতৰাই পঠিয়াব নেকি বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক?

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ