--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ৷ ৰাজ্যতো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ৷ দেশত ৯বছৰ আৰু ৰাজ্যত ৭ বছৰ অতিক্ৰম কৰিলে বিজেপি চৰকৰে৷

কিন্তু, শেহতীয়া ঘটনাৱলী আৰু সাম্প্ৰতিক প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে দেখা যায় ক্ৰমাৎ যেন জনপ্ৰিয়তা হ্ৰাস পাইছে ভাৰতীয় জনতা পাৰ্টীৰ৷ বিজেপি চৰকাৰৰ কাম-কাজক লৈ বিতুষ্ট হৈছে সৰ্বসাধাৰণ নাগৰিক৷ ইয়াৰ কাৰণ কি? ইটোৰ পাছত সিটো আঁচনি প্ৰৱৰ্তন কৰিও কিয় জনসাধাৰণক সন্তুষ্ট কৰি ৰখাত ব্যৰ্থ হৈছে চৰকাৰ? একাংশৰ অভিযোগ- ৰাজ্য চৰকাৰৰ দুই-এক মন্ত্ৰীৰ আচৰণ, একাংশ বিজেপি নেতাৰ অহমিকাই হতাশ কৰিছে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক নাগৰিকক৷ 

অইনহে নালাগে, অসমৰ প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলেই দেখা যায় যে অতি শেহতীয়াকৈ ৰাজ্যত তীব্ৰতৰ হৈ উঠিছে অধিষ্ঠানবিৰোধী ঢৌ৷ নিযুক্তি কেলেংকাৰীৰ অভিযোগে দল আৰু চৰকাৰৰ অন্তৰ্মহলত সৃষ্টি কৰিছে ধুমুহা৷ চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলালেও ঢাকিব পৰা নাই কেলেংকাৰীৰ ক’লা দাগ৷ ইন্দ্ৰাণী তহবিলদাৰ নামৰ এগৰাকী বিজেপি নেত্ৰীৰ আত্মহত্যই পোহৰলৈ অনা নিযুক্তি সম্পৰ্কীয় ব্যাপক খেলিমেলিয়ে মুখ্যমন্ত্ৰীগৰাকীৰ স্বচ্ছ আৰু নিকা নিযুক্তিৰ ‘নেৰেটিভ’ত সৃষ্টি কৰিছে বৃহৎ প্ৰশ্নবোধক৷

অকল নিযুক্তি কেলেংকাৰীয়েই নহয়, অইন কেইবাটাও জ্বলন্ত সমস্যা সমাধানত ব্যৰ্থ ৰাজ্য চৰকাৰ৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ, এন আৰ চি ইত্যাদি জাতীয় জীৱনৰে জড়িত মৌলিক প্ৰশ্নত চৰকাৰৰ ভূমিকাক লৈ সন্তুষ্ট নহয় খিলঞ্জীয়া নাগৰিক৷ অসম চুক্তি ৰূপায়ণৰ প্ৰসংগত চৰকাৰৰ অৱহেলা আৰু গুৰুত্বহীনতাই খিলঞ্জীয়া নাগৰিকৰ মনৰ পৰা আঁতৰাই নিছে চৰকাৰক৷ একেসময়তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগতো বেকফুটলৈ গুচি গৈছে ৰাজ্য চৰকাৰ৷ খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ বিপদাপন্ন হোৱাৰ অভিযোগ উঠিছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত৷ মূলত: আহোমকে ধৰি কেইবাটাও খিলঞ্জীয়া জনগোষ্ঠীৰে সংঘাত হৈছিল বিজেপিৰ৷ সমষ্টি পুনৰ নিৰ্ধাৰণেও বিজেপিক অসমবাসীৰ পৰা নিলগলৈ নিয়া বুলি ধাৰণা কৰিব পাৰি৷ 

উচ্ছেদৰ প্ৰসংগতো সমালোচিত হৈছে ৰাজ্য চৰকাৰ৷ থলুৱা ভূমিহীন নাগৰিকক উচ্ছেদ চলাই পুঁজিপতিক সুৰক্ষা দিয়াৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে৷ শিলসাঁকোৰ ঘটনাই ৰাজ্যত তোলপাৰ লগাইছে৷ এই চৰকাৰখনৰ দিনতেই অসমত মহিলাই উলংগ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ এই ঘটনায়ো সংবেদনশীল অসমীয়াৰ মন আৰু মগজুৰ পৰা আঁতৰাই পঠিয়াব নেকি বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক?

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ