--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজস্থানত প্ৰতি পাঁচ বছৰৰ মূৰকত ক্ষমতা পৰিৱৰ্তনৰ পৰম্পৰা অব্যাহত থাকিল৷ যদিও অশোক গেহলটে দাবী কৰিছিল যে তেওঁ এই পৰম্পৰা ভংগ কৰিব, কিন্তু আজিৰ ফলাফলৰ পাছত বিষণ্ণবদনে ৰাজ্যপাল কলৰাজ মিশ্ৰৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে গেহলটে৷

এই নিৰ্বাচনত ৰাজস্থানৰ কেইবাগৰাকীও প্ৰবীণ নেতাই পৰাজয়ৰ সন্মুখীন হ’বলগা হ’ল৷ অশোক গেহলট চৰকাৰৰ বাৰগৰাকীৰো অধিক কেবিনেট মন্ত্ৰীয়ে এই নিৰ্বাচনত পৰাজয় বৰণ কৰিলে৷ 

এই নিৰ্বাচনত ৰাজস্থানত কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী আছিল ৰফিক মাণ্ডেলিয়া৷ ধনৰ জোৰেও জয়ী কৰাব নোৱাৰিলে মাণ্ডেলিয়াক৷ তেওঁ কংগ্ৰেছৰ হৈ চুৰু বিধানসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল।

তেওঁ দাখিল কৰা শপতনামা অনুসৰি ৰফিক মাণ্ডেলিয়াৰ ১৬৬ কোটি টকাৰ অধিক সম্পত্তি আছে। তেওঁ একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছিল৷ তেওঁ ২০০৯ আৰু ২০১৯ চনত লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু এইবাৰো ৰফিকে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল।

ৰফিকে এই বিধানসভা নিৰ্বাচনত হৰলাল চাহাৰনৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়৷ হৰলালে ৰফিকক ৬৮৭৪ টা ভোটত পৰাজিত কৰে৷ হৰলালে ৯৯৪৩২ টা ভোট লাভ কৰিছিল আৰু ৰফিকে লাভ কৰিছিল ৯২৫৫৮ টা ভোট। বিগত বিধানসভা নিৰ্বাচনত ৰফিকে ৰাজেন্দ্ৰ ৰাঠৌৰৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগা হৈছিল।

ৰাজস্থানত কংগ্ৰেছে ১৯৯জনীয়া বিধানসভাত ৬৯খন আসন লাভ কৰিছে৷ আনহাতে বিজেপিয়ে ১১৫খন আসন লাভ কৰিছে।
ৰাজস্থানৰ লগতে কংগ্ৰেছে মধ্য প্ৰদেশ আৰু ছত্তীশগড়তো পৰাজয়ৰ সন্মুখীন হৈছে। তিনিওখন ৰাজ্যতে বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। অৱশ্যে, কংগ্ৰেছৰ বাবে সকাহৰ খবৰটো হ’ল যে প্ৰথমবাৰৰ বাবে দলটোৱে তেলেংগানাত চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে, য’ত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু