--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় জনতা পাৰ্টীত নাই নৰেন্দ্ৰ মোদীৰ বিকল্প৷ আৰু সেইকথা কামে-কাজে পুনৰ প্ৰমাণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ 

মোদীক সমুখত ৰাখিয়েই নিৰ্বাচনী ৰাজনীতিত সফলতা বুটলিছে বিজেপিয়ে৷ প্ৰতিটো দিনেই নিৰ্বাচনী দিন হিচাপে বিবেচনা কৰি ৰাজনীতি কৰা বিজেপিৰ বাবে এতিয়া ’মোদী ব্ৰেণ্ড’এই প্ৰথম আৰু শেষ ভৰসা৷ 

দেশৰ ৰাজনীতিত পুনৰ প্ৰমাণ হ’ল এই কথা। হিন্দী বলয়ৰ গুৰুত্বপূৰ্ণ ৩ ৰাজ্যত পুনৰ চলিল মোদী মেজিক। মোদী মেজিকৰ সহায়েৰেই মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড় অনায়াসে জয় কৰিলে বিজেপিয়ে। 

এই ৩খন ৰাজ্যৰ নিৰ্বাচন প্ৰধানমন্ত্ৰী মোদীৰ বাবেও আছিল অগ্নিপৰীক্ষা। হিন্দী বলয়ত মোদী ব্ৰেণ্ডৰ প্ৰভাৱ অটুট থকা- নথকাটো এই তিনি ৰাজ্যৰ নিৰ্বাচনে প্ৰমাণ কৰিব বুলি চৰ্চা চলিছিল। আজি ভোটগণনাৰ দিনটোত জলজল-পটপটকৈ প্ৰকাশ পালে হিন্দী বলয়ৰ ৰাজ্যসমূহত মোদী মানেই জয়লাভৰ গেৰাণ্টী!

হিন্দীভাষী অধ্যুষিত ৰাজ্যসমূহত মোদী ব্ৰেণ্ড এতিয়া অপ্ৰতিৰোধ্য। মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত প্ৰচাৰ অভিযানত সমুখৰ পৰাই নেতৃত্ব দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ বিৰুদ্ধে অধিষ্ঠানবিৰোধী ঢৌ থকাৰ চৰ্চা হৈছিল। এই ঢৌ প্ৰতিৰোধ কৰিবলৈ নিজেই প্ৰত্যক্ষভাৱে নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰিছিল মোদী। 

আনহাতে, ৰাজস্থানত বিজেপিৰ বিৰুদ্ধে আছিল শক্তিশালী আৰু জনপ্ৰিয় কংগ্ৰেছ নেতা অশোক গেহলট। ৰাজস্থানত গেহলটৰ বিৰুদ্ধে প্ৰত্যক্ষ যুঁজত নামি পৰিছিল স্বয়ং মোদী নিজেই। প্ৰচাৰ অভিযানৰ দিনসমূহত এদিনতে ২–৩খনকৈ প্ৰচাৰ সভা সম্বোধন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। 

প্ৰচাৰ সভাত মোদীয়ে কৈছিল– ‘আপোনালোকে মোক চাই ভোট দিয়ক। মই আপোনালোকক দিয়া প্ৰতিশ্ৰুতি নিশ্চিতভাৱে পূৰণ কৰিম।’ মোদীৰ এনে বক্তব্যত পুনৰবাৰ জনতাই আস্থা ৰাখিলে। মোদীৰ ওপৰত ভৰসা ৰাখিয়েই ২০১৪ আৰু ২০১৯ত কেন্দ্ৰত বিজেপিক ক্ষমতালৈ আনিছিল দেশৰ জনতাই। এইবাৰো মোদীৰ ওপৰত আস্থা ৰাখি হিন্দী বলয়ৰ তিনি ৰাজ্যত জনতাই ক্ষমতালৈ আনিলে বিজেপিক। 

এইবাৰ এই তিনি ৰাজ্যৰ নিৰ্বাচনত বিজেপি পৰাস্ত হোৱাহেঁতেন পৰাজয় ঘটিলহেঁতেন স্বয়ং প্ৰধানমন্ত্ৰী মোদীৰ। কিন্তু নিজৰ নিৰ্বাচনী ৰণনীতিৰ ওপৰত ভৰসা ৰাখি প্ৰচাৰ অভিযানত নামিছিল মোদী। মোদীৰ নিৰ্বাচনী ৰণনীতিয়ে মন জয় কৰিবলৈ সক্ষম হ’ল জনতাৰ আৰু অগ্নিপৰীক্ষাত সফল হ’ল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। 

জনতাৰ হৃদয় জয় কৰিবলৈ মোদীয়ে গ্ৰহণ কৰিছিল হিন্দুত্ব আৰু উন্নয়নৰ শ্লোগানক। প্ৰচাৰসভাসমূহত জনতাৰ মাজত মোদীয়ে কৌশলপূৰ্ণভাৱে হিন্দুত্বৰ আৱেগক জগাই তুলিছিল। দেশত হিন্দুত্ব ৰক্ষা কৰা একমাত্ৰ দল হিচাপে বিজেপিক দাঙি ধৰিছিল মোদীয়ে। 

আনহাতে, দেশত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰসমূহে উন্নয়নৰ ধল বোৱাই দিয়াৰ বহু নজিৰ দাঙি ধৰিছিল। দেশৰ আন্তঃগাঁথনিৰ উন্নয়নৰ উদাহৰণ দাঙি ধৰাৰ লগতে গৰীৱ কল্যাণৰ আঁচনিৰ প্ৰতিশ্ৰুতিও দিছিল মোদীয়ে। দেশৰ দৰিদ্ৰ পৰিয়ালসমূহলৈ আগন্তুক ৫ বছৰৰ বাবে বিনামূলীয়া চাউল যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে মাষ্টাৰষ্ট্রোক খেলিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

এইদৰেই ৩ ৰাজ্যৰ নিৰ্বাচনী ফলাফলত এতিয়া মোদী ব্ৰেণ্ডৰ জয়জয় ময়ময়। হিন্দীভাষী জনতাৰ ৰাজ্যকেইখনৰ ফলাফলত স্পষ্ট হ’ল ’২৪ৰ লোকসভা নিৰ্বাচনতো বিজেপিৰ প্ৰধান অস্ত্ৰ হ’ব মোদী ব্ৰেণ্ড। মোদী মেজিকৰ জৰিয়তেই ’২৪ত জয়লাভ কৰাৰ ৰণনীতি গ্ৰহণ কৰিব বিজেপিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু