--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ৰাজস্থানৰ বৰমেৰ অঞ্চলত সংঘটিত হৈছে এক জঘণ্য ঘটনা। প্ৰথমে এগৰাকী দলিত মহিলাৰ ঘৰত প্ৰৱেশ কৰে ব্যক্তি। তাৰপাছতেই ধৰ্ষণ কৰে মহিলাগৰাকীক। শেষত মহিলাগৰাকীৰ গাত জুই লগাই গুচি যায় ধৰ্ষক।

এই ঘটনাৰ সন্দৰ্ভত শুকুৰবাৰে স্থানীয় থানাত এজাহাৰ দাখিল কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি পলাতক অভিযুক্তৰ নাম আৰু পৰিচয় জানিব পৰা গৈছে।

ঘটনাৰ অভিযোগ অনুসৰি বৃহস্পতিবাৰে ঘৰত অকলে আছিল ৪৪ বছৰীয়া মহিলাগৰাকী। দুপৰীয়া মহিলাগৰাকী ঘৰত অকলে থকাৰ সময়তে হঠাৎ এজন ব্যক্তি তেওঁৰ ঘৰত প্ৰৱেশ কৰে। ঘৰত প্ৰৱেশ কৰাৰ পিছতেই ধৰ্ষণ কৰে মহিলাগৰাকীক। মহিলাগৰাকীক ধৰ্ষণ কৰাৰ পিছত অভিযুক্তই মহিলাগৰাকীৰ শৰীৰত জুই লগাই পলায়ন কৰে।

আৰক্ষীৰ তথ্য অনুসৰি, ধৰা পৰাৰ আশংকাত অভিযুক্তই মহিলাগৰাকীৰ শৰীৰত জুই লগাই দিয়ে। জুই লগাৰ ফলত ভুক্তভোগী মহিলাগৰাকীৰ ৫০ শতাংশ দেহ জ্বলি যায়।

প্ৰথম অৱস্থাত তেওঁক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পিছত তেওঁৰ অৱস্থাৰ উন্নতি নোহোৱাত তেওঁক যোধপুৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। এতিয়াও মহিলাগৰাকী চিকিৎসাধীন হৈ আছে।

মহিলাগৰাকীৰ পৰিয়ালে দাবী কৰিছে যে তেওঁ দলিত সম্প্ৰদায়ৰ হোৱাৰ বাবেই প্ৰথমে আৰক্ষীয়ে এজাহাৰ দাখিল কৰিব বিচৰা নাছিল। অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে একো কোৱা নাই। আৰক্ষী বিষয়াৰ মতে, মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত তেওঁলোকে তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল