--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ৰাজস্থানৰ বৰমেৰ অঞ্চলত সংঘটিত হৈছে এক জঘণ্য ঘটনা। প্ৰথমে এগৰাকী দলিত মহিলাৰ ঘৰত প্ৰৱেশ কৰে ব্যক্তি। তাৰপাছতেই ধৰ্ষণ কৰে মহিলাগৰাকীক। শেষত মহিলাগৰাকীৰ গাত জুই লগাই গুচি যায় ধৰ্ষক।

এই ঘটনাৰ সন্দৰ্ভত শুকুৰবাৰে স্থানীয় থানাত এজাহাৰ দাখিল কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি পলাতক অভিযুক্তৰ নাম আৰু পৰিচয় জানিব পৰা গৈছে।

ঘটনাৰ অভিযোগ অনুসৰি বৃহস্পতিবাৰে ঘৰত অকলে আছিল ৪৪ বছৰীয়া মহিলাগৰাকী। দুপৰীয়া মহিলাগৰাকী ঘৰত অকলে থকাৰ সময়তে হঠাৎ এজন ব্যক্তি তেওঁৰ ঘৰত প্ৰৱেশ কৰে। ঘৰত প্ৰৱেশ কৰাৰ পিছতেই ধৰ্ষণ কৰে মহিলাগৰাকীক। মহিলাগৰাকীক ধৰ্ষণ কৰাৰ পিছত অভিযুক্তই মহিলাগৰাকীৰ শৰীৰত জুই লগাই পলায়ন কৰে।

আৰক্ষীৰ তথ্য অনুসৰি, ধৰা পৰাৰ আশংকাত অভিযুক্তই মহিলাগৰাকীৰ শৰীৰত জুই লগাই দিয়ে। জুই লগাৰ ফলত ভুক্তভোগী মহিলাগৰাকীৰ ৫০ শতাংশ দেহ জ্বলি যায়।

প্ৰথম অৱস্থাত তেওঁক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পিছত তেওঁৰ অৱস্থাৰ উন্নতি নোহোৱাত তেওঁক যোধপুৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। এতিয়াও মহিলাগৰাকী চিকিৎসাধীন হৈ আছে।

মহিলাগৰাকীৰ পৰিয়ালে দাবী কৰিছে যে তেওঁ দলিত সম্প্ৰদায়ৰ হোৱাৰ বাবেই প্ৰথমে আৰক্ষীয়ে এজাহাৰ দাখিল কৰিব বিচৰা নাছিল। অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে একো কোৱা নাই। আৰক্ষী বিষয়াৰ মতে, মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত তেওঁলোকে তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ