--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চূড়ান্ত নাৰী বিদ্বেষী মন্তব্যৰে চৰ্চালৈ আহিছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গিয়াৰ। বিজেপি নেতাগৰাকীৰ মতে ‘লেতেৰা কাপোৰ’ পৰিধান কৰা যুৱতীসকল ভাৰতীয় মহাকাব্য ৰামায়ণৰ চৰিত্ৰ ‘শূৰ্পনাখা’ৰ দৰে।

হনুমান আৰু মহাবীৰৰ জন্ম জয়ন্তী উপলক্ষে বৃহস্পতিবাৰে ইন্দোৰত আয়োজিত এক ধৰ্মীয় অনুষ্ঠানত এই উদ্ভট মন্তব্য কৰিছে বিজেপিৰ নেতাগৰাকীয়ে। কেৱল সিমানেই নহয়, নিশা মদ্যপান কৰা যুৱক-যুৱতীসকলক চৰ সোধোৱাৰো ইচ্ছা প্ৰকাশ কৰে বিজয়বৰ্গিয়াই।

তেওঁ কয়, “ভগৱানৰ শপত খাই কৈছো, যেতিয়া মই নিশা ওলাই যাওঁ আৰু যুৱক-যুৱতীসকলক মদ্যপান কৰা দেখিবলৈ পাওঁ, তেতিয়া তেওঁলোকক সচেতন কৰিবলৈ পাঁচ-সাতটা চৰ শোধাবলৈ মন যায়।”

“আমি নাৰীক দেৱী বুলি ভাবো; কিন্তু ছোৱালীবোৰে এনেকুৱা কিছুমান লেতেৰা কাপোৰ পিন্ধে যে সিহঁতৰ ক্ষেত্ৰত সেই ধাৰণাৰ কোনো অৱকাশেই নাথাকে। দেখাত শূৰ্পনাখাৰ দৰে।”— কৈলাশ বিজয়বৰ্গিয়াই লগতে কয়।

তেওঁ লগতে যুৱতীসকলক ‘ভাল কাপোৰ’ পিন্ধিবলৈও পৰামৰ্শ দিয়ে। তেওঁৰ মতে, “ভগৱানে তোমাক ভাল শৰীৰ দিছে, ভাল কাপোৰ পিন্ধা।” বিজয়বৰ্গিয়া এনে কথাত খুবেই চিন্তিত বুলি উল্লেখ কৰি অভিভাৱকসকলক সন্তানক এই বিষয়ে ভালকৈ শিকাবলৈও উপদেশ দিয়ে।

বিজয়বৰ্গিয়াৰ এই আজৱ মন্তব্যৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিৰোধী নেতাৰ লগতে সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলৰ পৰাও নাৰীবিদ্বেষী আৰু মৰেল পুলিচিঙৰ অভিযোগত ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হৈছে নেতাগৰাকী।

কংগ্ৰেছৰ মুখপাত্ৰ সংগীতা শৰ্মাই কয়, “বিজেপি নেতাই বাৰে বাৰে নাৰীক অপমান কৰে। ইয়াৰ দ্বাৰা তেওঁলোকৰ চিন্তাধাৰা আৰু তেওঁলোকৰ মনোভাৱ প্ৰকাশ পায়।” নাৰীৰ সাজ-পোছাকৰ ওপৰত কৈলাশ বিজয়বৰ্গীয়াৰ এনে আপত্তিজনক মন্তব্যৰ বাবে বিজেপিক ক্ষমা খুজিবলৈও তেওঁ দাবী জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ