--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চূড়ান্ত নাৰী বিদ্বেষী মন্তব্যৰে চৰ্চালৈ আহিছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গিয়াৰ। বিজেপি নেতাগৰাকীৰ মতে ‘লেতেৰা কাপোৰ’ পৰিধান কৰা যুৱতীসকল ভাৰতীয় মহাকাব্য ৰামায়ণৰ চৰিত্ৰ ‘শূৰ্পনাখা’ৰ দৰে।

হনুমান আৰু মহাবীৰৰ জন্ম জয়ন্তী উপলক্ষে বৃহস্পতিবাৰে ইন্দোৰত আয়োজিত এক ধৰ্মীয় অনুষ্ঠানত এই উদ্ভট মন্তব্য কৰিছে বিজেপিৰ নেতাগৰাকীয়ে। কেৱল সিমানেই নহয়, নিশা মদ্যপান কৰা যুৱক-যুৱতীসকলক চৰ সোধোৱাৰো ইচ্ছা প্ৰকাশ কৰে বিজয়বৰ্গিয়াই।

তেওঁ কয়, “ভগৱানৰ শপত খাই কৈছো, যেতিয়া মই নিশা ওলাই যাওঁ আৰু যুৱক-যুৱতীসকলক মদ্যপান কৰা দেখিবলৈ পাওঁ, তেতিয়া তেওঁলোকক সচেতন কৰিবলৈ পাঁচ-সাতটা চৰ শোধাবলৈ মন যায়।”

“আমি নাৰীক দেৱী বুলি ভাবো; কিন্তু ছোৱালীবোৰে এনেকুৱা কিছুমান লেতেৰা কাপোৰ পিন্ধে যে সিহঁতৰ ক্ষেত্ৰত সেই ধাৰণাৰ কোনো অৱকাশেই নাথাকে। দেখাত শূৰ্পনাখাৰ দৰে।”— কৈলাশ বিজয়বৰ্গিয়াই লগতে কয়।

তেওঁ লগতে যুৱতীসকলক ‘ভাল কাপোৰ’ পিন্ধিবলৈও পৰামৰ্শ দিয়ে। তেওঁৰ মতে, “ভগৱানে তোমাক ভাল শৰীৰ দিছে, ভাল কাপোৰ পিন্ধা।” বিজয়বৰ্গিয়া এনে কথাত খুবেই চিন্তিত বুলি উল্লেখ কৰি অভিভাৱকসকলক সন্তানক এই বিষয়ে ভালকৈ শিকাবলৈও উপদেশ দিয়ে।

বিজয়বৰ্গিয়াৰ এই আজৱ মন্তব্যৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিৰোধী নেতাৰ লগতে সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলৰ পৰাও নাৰীবিদ্বেষী আৰু মৰেল পুলিচিঙৰ অভিযোগত ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হৈছে নেতাগৰাকী।

কংগ্ৰেছৰ মুখপাত্ৰ সংগীতা শৰ্মাই কয়, “বিজেপি নেতাই বাৰে বাৰে নাৰীক অপমান কৰে। ইয়াৰ দ্বাৰা তেওঁলোকৰ চিন্তাধাৰা আৰু তেওঁলোকৰ মনোভাৱ প্ৰকাশ পায়।” নাৰীৰ সাজ-পোছাকৰ ওপৰত কৈলাশ বিজয়বৰ্গীয়াৰ এনে আপত্তিজনক মন্তব্যৰ বাবে বিজেপিক ক্ষমা খুজিবলৈও তেওঁ দাবী জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল